অপৰাজেয় অৰ্জুন ভোগেশ্বৰ বৰুৱা: সততা আৰু সাধনাৰে সুন্দৰ এক প্ৰেৰণাময় ব্যক্তিত্ব
অংকুৰণ আৰ্ফ
গদ্যকথা-১
জয়সাগৰ পুখুৰীৰ পাৰৰ জোনাক
নামতিৰ পৰা শিৱসাগৰ নগৰলৈ প্ৰায় পোন্ধৰ কিলোমিটাৰ বাট। বাইকেৰে যাওঁ। মাজতে পাই যাওঁ জেৰেঙা। ঐতিহাসিক জেৰেঙা পথাৰ। যাৰ বুকুত যুগমীয়া স্বদেশ প্ৰেমৰ সুৱাসেৰে জিলিকে জয়সাগৰ পুখুৰী আৰু জয়দৌল। জয়সাগৰ বুলি ক'লেই মনটো এনেয়ে ভাল লাগি যায়। জয়সাগৰে ঐতিহ্যৰ সুগন্ধি বুকুত কঢ়িয়াই লৈ ফুৰাৰ লগতে আৰু গৌৰৱ ধৰি ৰাখিছে। এয়া এক অনন্য গৌৰৱ। অসম আৰু অসমীয়া জাতিৰ বাবে অতুলনীয় গৌৰৱ। এই ঈৰ্ষণীয় গৌৰৱৰ নাম হ'ল- ভোগেশ্বৰ বৰুৱা। কাৰন এই ঐতিহ্যমণ্ডিত জয়সাগৰ পুখুৰীৰ পাৰৰ মাটিতে জন্ম হৈছিল অসমৰ অৰ্জুন গৰাকীৰ। তেখেতৰ পিতৃৰ নাম আছিল ভদ্ৰেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম আছিল আইকণ বৰুৱা। শিৱসাগৰলৈ গ'লে মাজে সময়ে মই ছাৰৰ ঘৰত সোমাওঁ। ছাৰৰ সৈতে কথা হওঁ। ৰসিক ছাৰে লাহে লাহে কথাবোৰ কৈ যায়।আমাৰ আলাপত ভিন্ন প্ৰসংগ ওলায়। তেখেতৰ শৈশৱ, কৈশোৰ, যৌৱন আৰু জীৱনৰ বিভিন্ন কথা। তাহানিৰ শিৱসাগৰ আৰু আজিৰ শিৱসাগৰ। তাহানিৰ অসম আৰু আজিৰ অসম ইত্যাদি অনেক কথা। তেখেতৰ কথাৰ মাজত মই প্ৰত্যক্ষ কৰোঁ এক এৰিব নোৱাৰা ভালপোৱা তেখেতৰ জন্মভূমি জয়সাগৰৰ প্ৰতি আছে। থকাতো স্বাভাৱিক। কিয়নো জয়সাগৰ পুখুৰীৰ পাৰতে তেখেতৰ জন্ম হৈছে। তেখেতৰ শৈশৱৰ অনেক মনোৰম স্মৃতি এই জয়সাগৰ পুখুৰীটোৱে ধৰি ৰাখিছে আজিও সযতনে। জয়সাগৰ পুখুৰীটোতে দিনৰ দিনটো সাঁতুৰি নাদুৰি ইপাৰ সিপাৰ হোৱা শৈশৱৰ বহুতো সোণোৱালী সময় আজিও যেন পুখুৰীটোৰ প্ৰতিটোপাল পানীৰ মাজত গোপনে বিলীন হৈ আছে! তেখেতে কেইবাদিনো মোক জীৱনৰ কথা ক'বলৈ জয়সাগৰ পুখুৰীৰটোৰ পাৰলৈ লৈ গৈছে আৰু পুখুৰীটোৰ বিভিন্ন স্থান দেখুৱাই তাহানিৰ দিনবোৰৰ কথা কৈ যায় অহনিৰ্শে। ধুমুহাত কেনেকৈ তেখেতলোকৰ থকা বাঁহৰ ঘৰটোৰ ভাঙি পৰিছিল আৰু ভাগি উৰি অহা শিমলু ডালটোৰ জোঙা আগটোৰ পৰা কেনেকৈ তেখেতৰ জীৱন ৰক্ষা পৰিছিল। ১৯৫০ চনৰ বৰ ভুঁইকপৰ সময়ত তেখেতে পুখুৰীৰ পাৰৰ শিলচটাত আউজি থাকোতে কেনকৈ জয়দৌলটো হাউলি ইফালে সিফালে গৈছিল আৰু পুখুৰীৰ পানী আহি পাৰত কিদৰে অলেখ মাছৰ সৈতে ছিটিকি পৰিছিল, ব্ৰিটিছ সৈনিকে কেনেকৈ মাছৰ আশাত জয়সাগৰ পুখুৰীৰ পাৰ কাটি পুখুৰী সিঁচিছিল আৰু ট্ৰাকে ট্ৰাকে মাছ আমেৰিকালৈ পঠাইছিল, পানী নোহোৱা শুকান জয়সাগৰ পুখুৰীৰ বুকুত কিদৰে ব্ৰিটিছ কেম্পৰ সৈনিকে ফুটবল খেলিছিল, একেৰাতিৰ ভিতৰতে ধাৰাসাৰ বৰষুণত কেনেদৰে জয়সাগৰ পুখুৰী পানীৰে উপচি পৰিছিল, কিদৰে তেখেতে সৈনিকবোৰৰ সান্নিধ্যত বন্দুক চলাব শিকিছিল, কেনেদৰে জয়সাগৰ পুখুৰীৰৰ পাৰতে সৈনিকবোৰক দেখি দেখি শিকা বিভিন্ন শাৰীৰিক অনুশীলনৰ যোগেদি নিজকে প্ৰস্তুুত কৰাৰ ফলত কোনো ইণ্টাৰভিউত ননমাকে ডাৰেক্ট সৈনিকৰ চাকৰিত নিজকে নিয়োজিত কৰিছিল ইত্যাদি অনেক কথা তেখেতৰ মুখেৰে মই শুনিছিলোঁ। জয়সাগৰ পুখুৰীৰ পাৰতে দৌৰি দৌৰি এদিন এই দৌৰবিদ জনেই লুইতপৰীয়া জাতিৰ বুকুলৈ কঢ়িয়াই আনিল সেই গৌৰৱৰ ক্ষণ। ধন্য আৰু সমৃদ্ধ কৰিলে অসমীয়া জাতিক। তেখেতৰ হাতত জিলিকিল প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী হোৱাৰ মহাগৰিমা। সঁচাকৈ ভোগেশ্বৰ বৰুৱা জয়সাগৰ পুখুৰীৰ পাৰৰ জোনাক।
গদ্যকথা-২
লক্ষ্যমুখী গাণ্ডীৱধাৰী অৰ্জুন সৰুৱে পৰা মহাভাৰতৰ অৰ্জুনৰ দৰে ধীৰ স্থিৰ আৰু কেৱল লক্ষ্যমুখী গতিৰে গতিশীল আছিল ভোগেশ্বৰ বৰুৱা। এক অৰ্থত ক'বলৈ হ'লে তেখেত এগৰাকী আধুনিক অৰ্জুন। সৰুৱে পৰা তেখেতৰ জীৱনৰ লক্ষ্যপ্ৰতি সচেতন আছিল। আৰু সেই লক্ষ্যৰ অভিমুখে তেখেতে সততা আৰু সাধনাৰে নিৰন্তৰ অগ্ৰসৰ হৈছিল। সেইকাৰনে তেখেতে ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছৰ পুৰুষৰ আঠশ মিটাৰ দৌৰত তেজস্বী ঘোঁৰাৰ দৰে দৌৰি জাপান, কোৰিয়া, থাইলেণ্ড, মালয়েছিয়া, ইৰাক, ইৰাণ ইত্যাদি দেশৰ প্ৰতিযোগীৰ প্ৰত্যাহ্বান নেওচি সৰ্বপ্ৰথম ৰঙা ফিটা স্পৰ্শ কৰি অসমৰ লগতে দেশৰ গৌৰৱ বঢ়ালে।
সৰু কালৰে পৰা ভোগেশ্বৰ বৰুৱাই পঢ়া-শুনাতকৈ খেতি কৰা, বিহু মৰা, সাতোঁৰা, গাড়ী চলোৱা, বল খেলা আদিতহে বেছি গুৰুত্ব দিছিল। সাঁতুৰি ভাল পোৱা বাবে তেখেতক জয়সাগৰৰ মৌপিয়া গাঁৱৰ মানুহে " পানীৰ পোক" বুলি নাম দিছিল। সময়ৰ সোঁতত নিজৰ বিশ্বাস আৰু সাধনাৰ যোগেদি তেখেতে ৪০০ আৰু ৮০০ মিটাৰ দৌৰত কেইবাবাৰো ৰাষ্ট্ৰীয় খিতাপ জয়লাভ কৰাৰ পাছত ১৯৬৬ চনৰ এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত ৰেকৰ্ডসহ স্বৰ্ণপদক লাভ কৰাৰ কৃতিত্ব অৰ্জন কৰে। তদুপৰি ১৯৭০ চনত ৪×৪০০ মিটাৰ ৰীলে দৌৰত তেখেতে ৰূপৰ পদক লাভ কৰে। সোণৰ পদক লাভ কৰাৰ বছৰতে তেখেতক অৰ্জুন বঁটাৰে বিভূষিত কৰা হয়। পাছলৈ তেখেতক ভাৰত চৰকাৰে অল ইণ্ডিয়া কাউন্সিল অৱ স্পৰ্টছ, অৰ্জুন বঁটা বাছনি সমিটি, অল ইণ্ডিয়া এথেলেটিকচ বাছনি সমিটিৰ সদস্য হিচাপে মনোনীত কৰে। সুদীৰ্ঘ পঞ্চাছ বছৰ তেখেত অৰ্জুন বঁটা বাছনি সমিতিৰ সদস্য হিচাপে কাৰ্যনিবাহ কৰিছিল। তেখেতৰ এটা সপোন আছিল যে অসমত এখন "এথেলেটিকচ একাডেমী" স্থাপন কৰাৰ। কিন্তু বহুতো কাৰনৰ সেয়া বাস্তৱ হৈ নুঠিল।
গদ্যকথা-৩
আমি কি শিকিব পাৰোঁ ভোগেশ্বৰ বৰুৱাৰ পৰা
ভোগেশ্বৰ বৰুৱা ছাৰৰ আজি ওপজা দিন। সমগ্ৰ অসমতে আজি তেখেতক সন্মান জনাই এই দিনটো "অভিৰুচি ক্ৰীড়া দিৱস" ৰূপে পালন কৰি কৰিছে। এয়া শুভ লক্ষণ। অসমীয়া মানুহে জীয়াই থাকোতেই এগৰাকী উপযুক্ত মানুহক প্ৰকৃত সন্মান দিছে। ভোগেশ্বৰ বৰুৱা দেৱ আজিও তাহানিৰ তগবগ তৰুন তেজৰ দৰেই সতেজ হৈ আছে। আচলতে তেখেত চিৰতৰুন। নিজক তেখেতে এইদৰে ৰাখিব জানে ৮৭ বছৰত আজি ভৰি দিছে তেখেতে। এনেদে এই বয়সতো সজীৱ হৈ থকাতো এক সাধনাই হয়। আমি নতুন প্ৰজন্মই তেখেতৰ পৰা অনেক কথাই শিকিব লগা আছে। তেখেত হ'ল এগৰাকী সৎ, সাহসী, দৃঢ়চেতিয়া, কষ্টসহিষ্ণু, আত্মবিশ্বাসী, ধৈৰ্যশীল ব্যক্তি। এই গুণবোৰৰ বাবেই তেখেত আজি সফল। তাহানিতেই জয়সাগৰৰ কচু - ঢ়েকীয়া খাই দৌৰি দৌৰি অৰ্জুন বঁটা আঁজুৰি অনা ভোগেশ্বৰ বৰুৱাৰ পৰা নতুন প্ৰজন্মই এই গুণবোৰৰ জীৱনত প্ৰকৃত প্ৰয়োগ ৰ বিষয়ে শিক্ষা লাভ কৰিব পাৰে। জীৱনত সফল হ'বলৈ এটা সুস্বাস্থ্য , সততা, সাহস আৰু একাগ্ৰ সাধনাৰ যে প্ৰয়োজন এই কথাও তেখেতৰ পৰা শিকিব পাৰি। সফল হৈও মানুহ নম্ৰ হৈ থাকিব লাগে এই কথাও তেখেতৰ ব্যক্তিত্বই শিকাই। লগতে জীৱনত সময়ৰ সঠিক ব্যৱহাৰ আৰু নিয়মানুবৰ্তিতা, শৃংখলাবদ্ধতাও যে প্ৰয়োজন সেই কথাও তেখেতৰ অমৃত জীৱনবোধে শিকাই। আহক আমি সকলোৰে অসমৰ প্ৰথম অৰ্জুন গৰাকীৰ পৰা এই আদৰ্শবোৰ গ্ৰহণ কৰি আমাৰ জীৱনবোৰ সুন্দৰ কৰি গঢ়ি তোলো। আৰু তেতিয়াহে তেখেতৰ প্ৰতি প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা হ'ব। শেষত এয়ে কামনা কৰোঁ যে ভোগেশ্বৰ বৰুৱা ছাৰ সদায় চিৰতৰুন হৈ থাকক আৰু আমাৰ প্ৰেৰণাৰ পোহৰ হৈ ৰওক। ওপজা দিনৰ আন্তৰিক ওলগ জনালোঁ ছাৰ।
ফোনঃ ৮৬৩৮০৭৪২৭৮
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment