বজাৰমুখী অৰ্থনীতিয়ে আমাৰ সাতাম পুৰুষীয়া ঐতিহ্য পৰম্পৰাত মোক্ষম আঘাত হানিছে নেকি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 29, 2024

বজাৰমুখী অৰ্থনীতিয়ে আমাৰ সাতাম পুৰুষীয়া ঐতিহ্য পৰম্পৰাত মোক্ষম আঘাত হানিছে নেকি

 বজাৰমুখী অৰ্থনীতিয়ে আমাৰ সাতাম পুৰুষীয়া ঐতিহ্য পৰম্পৰাত মোক্ষম আঘাত হানিছে নেকি?


জাতিৰাম কমান


  সাম্প্ৰতিক বিশ্বৰ সমাজখন বজাৰ নিৰ্ভৰ সমাজ।দৈনন্দিন জীৱনৰ প্ৰতিটো খোজত বজাৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। জীয়াই থকা কেইদিন আমি আচলতে একো একোগৰাকী উপভোক্তাহে। আমাৰ দৈনন্দিন সকলো ব্যৱহাৰ্য সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰিব লগা হয়। পুৱাই শুই উঠিয়েই ব্যৱহাৰ কৰা বাথৰুমৰ শৌচাগাৰটো, টয়লেট চাফ কৰা হাৰপিক আৰু ব্ৰাছদাল,হাতধোৱা চাবোন ডোখৰ, দাঁত ঘঁহা ব্ৰাছ আৰু টুথপেচটো, মূৰ ধুবলৈ লোৱা চেম্পুটো, মুখ ধোৱা বেচিনটো, পানী গৰম কৰা গিজাৰটো, কাপোৰ ধুৱা ওৱাচিং মেচিনটো, জ্বলি থকা বিজুলি চাকিটো, আটাইখিনি বজাৰৰ পৰা ক্ৰয় কৰা সামগ্ৰী। আনকি শুই থকা বিচনাখন, পাৰি থোৱা বিচনা চাদৰ আৰু কম্বলকে আদি কৰি পিন্ধি থকা কাপোৰ যোৰ, এই সকলোবোৰেই পন্য দ্ৰৱ্য বা বিক্ৰয় সামগ্ৰী। তাৰোপৰি জলপানত খোৱা চাহ বিস্কুটকে আদি কৰি আহাৰ গ্ৰহন কৰা সকলোবোৰ খাদ্য সামগ্ৰীকেই বজাৰৰ পৰা ক্ৰয় কৰা হয়।লগতে যান বাহন আৰু ব্যৱহৃত ইন্ধন যেনে - পেট্ৰল ডিজেল, ৰন্ধন গেছ ইত্যাদি সকলোবোৰ অৰ্থৰ বিনিময়ত আমি ক্ৰয় কৰি ভোগ কৰো বাবেই আমিবোৰ একো একোজন উপভোক্তা। মানুহ উপভোক্তা সৰ্বস্ব অথবা উপভোক্তা নিৰ্ভৰ হোৱা বাবেই আমাৰ আধুনিক সমাজখন দিনে দিনে বজাৰ নিৰ্ভৰ হৈ পৰিছে আৰু সামাজিক ব্যৱস্থাটোৱেই বজাৰমুখী হৈছেগৈ।

  পূৰ্বৰ সমাজ ব্যৱস্থা এশ শতাংশই বজাৰ নিৰ্ভৰ নাছিল। খাদ্যত লোৱা নিমখ কণৰ বাদে চাউল, তেল, শাক পাচলি, মাছ মাংস আদি নিজৰ ঘৰতেই যোগাৰ হৈছিল। লৰা ছোৱালীৰ কিতাপ পত্ৰ, কলম পেন্সিল আৰু য়ুনিফৰ্মকে আদি কৰি ঘৰৰ সকলো ব্যৱহৃত সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰিব লগা হোৱা বাবেই বৰ্তমান আধুনিক সমাজ ব্যৱস্থাত অৰ্থ কড়িৰ অতিমাত্ৰা আৱশ্যক হৈ পৰিছে বাবেই টকা ঘটাৰ প্ৰতিযোগিতাত নামিব লগীয়া হৈছে আজিৰ মানুহ। কাৰণ, টকা পইচা বিহনে এখোজো লৰ চৰ কৰিবই নোৱাৰি। কাজেই, আধুনিক সমাজখন টকা নিৰ্ভৰ হৈছে আৰু মানুহবিলাক বজাৰমুখী হৈছে। আজিৰ দিনত বজাৰমুখী হোৱা বাদে গত্যন্তৰ নাই।

    ওপৰৰ আলোচনাত নিচেই গতানুগতিক কথাবোৰহে কোৱা হৈছে যিটো সকলোৰে বিদিত। সকলোৰে জনা কথা যদিও প্ৰাসংগিক দেখিহে উল্লেখ কৰিব লগা হৈছে কাৰণ, কথাখিনি নকলে আলোচনা অসম্পূৰ্ণ হৈ ৰ'ব।

   আমি আগতেই উনুকিয়াই আহিছোঁ যে আগৰ দিনত আমাৰ সমাজখন সিমানো বজাৰমুখী আৰু বজাৰ নিৰ্ভৰ নাছিল, বিশেষ কৈ গ্ৰাম্য সমাজখন। খেতিয়ে বাতিয়ে, মাছে পুঠিয়ে, শাক পাচলিৰে ভৰপূৰ গাঁৱৰ ৰাইজ আজিৰ দৰে পদে পদে বজাৰলৈ দৌৰিব লগা নহৈছিল। ঘৰত নথকা অত্যন্ত প্ৰয়োজনীয় সামগ্ৰীৰ বাদে বজাৰ সমাৰ কৰাতো তেনেই সীমিত আছিল। গতিকে টকা পইচা বেচি নহলেও মুটা মুটি ঘৰখন সুচাৰুৰূপে চলি গৈছিল। আজিৰ জমানাত কিন্তু টকা বিহনে নগৰীয়া সমাজতো বাদেই গঞা ৰাইজো চলিব নোৱাৰা হৈছেগৈ। দৈনন্দিন জীৱন নিৰ্বাহ অত্যন্ত অৰ্থ সৰ্বস্ব হৈ পৰিছে।

   আমাৰ সমাজত বিহুৱে সংক্ৰান্তিয়ে,উৎসৱে পাৰ্বনে আলহী সুধা কাৰবাৰটো তেনেই গতানুগতিক কথা; বিশেষকৈ গ্ৰাম্য সমাজত।ইয়াৰ বাদেও পৰৰ পৰা অহা আলহী অতিথি শুশ্ৰুষা কৰাটো একো টান কথা নাছিল আগৰ দিনত। সপ্তাহ পষেক আলহী সুধিও গৃহস্থই আমনি পোৱা নাছিল। কিন্তু আজিকালি লক্ষ্যণীয় ভাৱে সেই আলহী সুধা কাৰবাৰটো বহু পৰিমাণে কমি গৈছে বুলি কলে হয়তু বঢ়াই কোৱা নহব নিশ্চয়।এয়া আমি ব্যক্তিগত অভিজ্ঞতাৰ পৰাহে কোৱা কথা। অৱশ্যে এয়া অকল আমাৰ ক্ষেত্ৰতহে হব পাৰে!

  ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে কবৰ দৰে - ‘আচলতে আমাৰ জলবায়ুৰ পৰিৱৰ্তন হোৱা নাই, বৰঞ্চ বৃদ্ধলোকৰ সহন ক্ষমতাহে টুটি আহিছে বাবে শীতৰ প্ৰকোপ সহ্য কৰিব পৰা নাই!’ কি যে আজব যুক্তি !ঠিক তেনেকৈ আমিও নিজৰ ক্ষেত্ৰত আজব যুক্তি দাঙি ধৰি কব পাৰোঁ যে মানুহৰ আলহী সুধা পৰম্পৰা ঠিকেই চলি আছে, বিপৰীতে আমাকহে মানুহে আলহী সুধিবলৈ এৰিছে যেন লাগে! ‘আমাত বাদে আগৰ দৰেই খোৱাই খাইছে, ফুৰাই ফুৰিছে, পৰাখিনিয়ে পাৰ্যমানে আলহীও সুধিছে আগৰদৰে, একেদৰে। আমিহে কিজানি পৰা নাই বা?

   কিন্তু তথাপি আমি ন দি কব পাৰোঁ যে সমাজৰ সৰহ সংখ্যক মানুহে আগৰ দৰে অতিথি আপ্যায়ন কৰিব যে পৰা নাই এয়া ধুৰূপ জানিব।ইয়াৰ প্ৰধান কাৰণটো হল দেশত হোৱা অৰ্থনৈতিক মন্দাৱস্থা। মন্দাৱস্থা মানে আমাৰ দৰে ডাল দৰিদ্ৰ বিলাকৰহে মন্দাৱস্থা! দেশৰ দহ ভাগ পূঁজিপতি ধনীক শ্ৰেনীৰ অগাধ ধন সম্পত্তিৰ বাদে শতকৰা নব্বৈ শতাংশ মানুহ কিন্তু এতিয়াও নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেনীৰ লোক গাঁৱে নগৰে পেটে ভাতে খাই আছে বুলি ক’লে হয়তু বঢ়াই কোৱা নহব। বিশ্বৰ পূঁজিপতি ধনী দেশবোৰৰ সতে ফেৰ মাৰিব পৰাকৈ আমাৰ অৰ্থনীতি ঠিকেই চলিছে কিন্তু সেই সবল অৰ্থনীতিক প্ৰতিনিধিত্ব কৰিছে মাত্ৰ কিছু চাম কৰ্পোৰেট গোষ্ঠীয়ে যিসকলে দেশৰ সিংহভাগ অৰ্থনীতি নিজৰ ব্যক্তিগত মালিকাণাৰ নিয়ন্ত্ৰণাধীন কৰিছে, যি অৰ্থনীতি দেশৰ চলিত চৰকাৰৰ দ্বাৰা অনুগৃহীত।

    ইয়াৰ বিপৰীতে কিন্তু খাটি খোৱা সাধাৰণ শ্ৰেনী যেনে- কৃষক, শ্ৰমিক, বনুৱা, সৰু বেপাৰী, উদ্যোগী তথা উপান্ত খেতিয়ক সকলে দেশীয় ৰাজকোষৰ অৰ্থকঢ়িৰ পৰা অন্যায় ভাৱে বঞ্চিত কেৱল মাত্ৰ একশ্ৰেনী হিতাধিকাৰীৰ বাদে যিসকলক ৰাজনৈতিক দলবোৰে ভোটাৰ হিচাপে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। দেশত ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি হোৱা মূল্যবৃদ্ধিয়ে বাকী জন সাধাৰণক জ্বলা কলা দেখুৱাইছে।

   সম্প্ৰতি দেশৰ উৎপাদিত প্ৰতিটো সামগ্ৰীৰ চ'ৰা দামে সাধাৰণ শ্ৰেনীৰ উপভোক্তাৰ দৈনন্দিন জীৱন দুৰ্বিসহ কৰি তুলিছে। ভূতৰ ওপৰত দানহ পৰাৰ দৰে বিভিন্ন পন্য সামগ্ৰীৰ ওপৰত লগোৱা অত্যধিক কৰৰ বোজা সেই সাধাৰণ শ্ৰেনীৰ নাগৰিকেই বহন কৰিব লগা হৈছে অধিক দামত বয়বস্তু বজাৰৰ পৰা ক্ৰয় কৰি। মুনাফাখোৰ বণিক শ্ৰেনী অথবা মধ্যভোগী বেপাৰীসকলে কিন্তু বস্তুৰ দাম দিনক দিনে বঢ়াই নিজৰ বেপাৰ বাণিজ্য সুৰক্ষিত কৰি ঠিকে ঠাকেই চলি আছে।মৰিছে কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি উৎপাদন কৰা সাধাৰণ কৃষক শ্ৰেনীটো।কৃষকে কষ্ট কৰি উৎপাদন কৰা উৎপাদিত সামগ্ৰী নিচেই সামান্য মূল্যত ক্ৰয় কৰি দহগুণ দামত বজাৰত বিক্ৰি কৰি মুনাফা লুটি আছে মধ্যভোগী বেপাৰীবিলাকে।আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ কোনো নিৰ্দিষ্ট নীতি নিৰ্দেশনা নাই। উচিত মূল্যৰ নিৰিখ নাই।

    দেশে যেতিয়ালৈকে ৰাজকোষৰ সামান্য পৰিমাণৰ টকা ভোটৰ আশাত হিতাধিকাৰী আচঁনিৰে আহাৰ যোগান ধৰাৰ বিনিময়ত ভোট কিনি ক্ষমতাধিষ্ট হৈ পূঁজিপতি গোষ্ঠীক ৰাজকোষৰ টকা দি তলি উদং কৰি থাকিব তেতিয়ালৈকে দেশৰ সাধাৰণ জনতাৰ মঙ্গল সাধন নহব।কৰ্পোৰেট গোষ্ঠীৰ ধনীক শ্ৰেনীক হাজাৰ কোটি টকা ঋণ মাফ কৰাৰ বিপৰীতে মাত্ৰ কেই হাজাৰমান টকা কৃষি ঋণ ৰেহাই নিদি কৃষক ৰাইজক হাৰা শাস্তি কৰা কেন্দ্ৰৰ যিকোনো চৰকাৰ কেতিয়াও কল্যাণকামী হবই নোৱাৰে।দেশত শস্য উৎপাদন কৰা কৃষক শ্ৰেনীক চৰকাৰে উচিত মূল্য দিব লাগিব, তেওঁলোকৰ অভাৱ অভিযোগৰ প্ৰতি দৃষ্টি দিব লাগিব। তাকে নকৰি কৃষক সকলৰ আন্দোলন প্ৰতিহত কৰিবলৈ ৰাস্তাত গজাল পুতি কাঁইটৰ বেৰ দি পুলিচ প্ৰশাসনেৰে ভেটা দিয়া কাৰ্য্য কিমান সমীচিন? এয়া দেশৰ জনতাই বিচাৰ কৰিব।

  আচলতে আমিবোৰ অত্যধিক প্ৰযুক্তি নিৰ্ভৰ হৈ পৰিছোঁ। বিজ্ঞান আৰু প্ৰযুক্তি মানৱ সভ্যতাৰ কাৰণে আশীৰ্বাদ স্বৰূপ কিন্তু ইয়াক অপপ্ৰয়োগ কৰি সাধাৰণ খাটি খোৱা উৎপাদক শ্ৰেনীৰ কন্ঠ ৰুদ্ধ কৰাতোহে তথাকথিত কল্যাণকামী দেশৰ বাবে অনিষ্টকাৰক।

  মনত ৰাখিব - গুগল ডাউনলোড কৰি চাউল দাইল, নিমখ জলকীয়া উলিয়াব নোৱাৰি। উৎপাদক শ্ৰেনীক দেশে এনেদৰে অৱহেলা কৰি থাকিলে এদিন ইয়াৰ কুপৰিণাম সমগ্ৰ নাগৰিকেই ভূগিব লাগিব এয়া খাটাং। হঠাৎ নাহিবও পাৰে কিন্তু এদিন ইয়াৰ পৰিণাম যে এদিন ভয়াবহ হব এয়া নুই কৰিব নোৱাৰি।


Doksiri দকচিৰি, মাৰ্চ, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages