চিন্তাৰ তৰঙ্গমালা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 29, 2024

চিন্তাৰ তৰঙ্গমালা



চিন্তাৰ তৰঙ্গমালা


দীপ্তি ঠাকুৰ গোস্বামী


   পুৱাই পুৱাই চিন্তাৰ তৰঙ্গমালাৰ মাজত কিদৰে জ্ঞান দিলে ছাত্র-ছাত্ৰীসকল নৈতিকতাৰ শিক্ষাৰ লগতে জ্ঞানৰ বন্তিৰে উজলি উঠিব, ভাব সাগৰত ডুব গৈ থাকোঁতেই বৰুৱা দাদাৰ ফোনৰ মৃদু জোকাৰণিত মই বাস্তৱ পৃথিৱীলৈ ঘূৰি আহিলোঁ। তেখেতৰ কিছু দৰকাৰী কথা আছে নিশ্চয়। কিন্তু মই এই সময়ত এক মিনিট সময়ো নষ্ট কৰিব নোৱাৰোঁ। মোৰ বিদ্যালয়খন ঘৰৰপৰা বহু দূৰৈত। সময় মতে বিদ্যালয়ত সোমাব লাগিব, নহ'লে ছাত্র- ছাত্ৰীৰ ওচৰত নিজকে দোষী যেন লাগে। বৰুৱা দাদা নিয়মানুৱৰ্তিতা আৰু শৃংখলাৱদ্ধভাৱে জীৱন পাৰ কৰা এজন লোক। বর্তমান তেওঁক এটা দুখৰ পৃষ্ঠাই আৱৰি ধৰিছে। পৰিয়ালৰ সদস্যসকল তেওঁৰ আদৰ্শৰে আদর্শিত নহৈ বেলেগ দিশেৰে গতি কৰাত তেওঁৰ হুমুনিয়াহবোৰ যেন আকাশে বতাহে দুখৰ ফল্গুধাৰা হৈ বৈ আছে। ঘৰখনত এটা সুন্দৰ পৰিৱেশ নথকাৰ বাবেই তেওঁ মোক দুখৰ কথাবোৰ কৈ কৈ চকুলো টুকিছিল।


মই আজিকালি নৱ প্ৰজন্মৰ কিছুমান ছাত্ৰ-ছাত্ৰীৰ ভাবধাৰা দেখি চিন্তিত হৈছোঁ। সকলোৰে নহ'লেও কিছুমান ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ ধাউতি কমা যেন পৰিলক্ষিত হৈছে। আমাৰ সৰু কালত বিদ্যালয় বন্ধ থাকিলে আজৰি সময়ত কিতাপ এখন লৈ অধ্যয়ন কৰে। কিশোৰ-কিশোৰীসকলে সাধুকথা, গল্প, মহৎ লোকৰ জীৱনী আৰু যুৱক-যুৱতীসকলে ভাল ভাল উপন্যাস আৰু গল্প-প্ৰবন্ধৰ কিতাপ পঢ়ি সময় অতিবাহিত কৰে। বর্তমান সকলোকে চিন্তিত কৰিছে যে কিছুমান ছাত্ৰ-ছাত্ৰীৰ কিয় পঢ়াৰ ধাউতি বহুখিনি কমিছে। সময় পালেই সকলোৱে নহ'লেও কিছুমানে দামী দামী ম'বাইল লৈ ম'বাইলৰ জগতত বিচৰণ কৰে। সৰু সৰু ল'ৰা-ছোৱালীয়ে ম'বাইলৰপৰা যে কিবা শিক্ষা গ্রহণ কৰিব মনে নধৰে। যিহেতু সিহঁতে ভাল-বেয়া বিচাৰ কৰিব নাজানে। ম'বাইলতো যে বহু ভাল দিশ আছে তাক আমি স্বীকাৰ কৰিবই লাগিব। আজিকালি ম'বাইলৰ জগতত মানুহ ইমানেই ব্যস্ত থাকে কথা এষাৰ পাতিবলৈকো কুণ্ঠাবোধ হয়। সেয়েহে আমি আমাৰ কণমানিসকলক ম'বাইলৰপৰা আঁতৰত ৰাখিবলৈ হ'লে নিজেও তাৰ ব্যৱহাৰ কমাব লাগিব।


   বিদ্যালয়ত বৰুৱা দাদালৈ মনত নপৰা নহয়। মই কিন্তু কেতিয়াও বিদ্যালয়লৈ ম'বাইল লগত লৈ নাযাওঁ। যিহেতু ফোনটো থাকিলে যথেষ্ট সময় নষ্ট হয়। মই আজৰি সময়ত কিতাপ এখন বা বাতৰি কাকত এখন পঢ়ি সময় খৰচ কৰোঁ। যিহেতু মই কিবা এটা জ্ঞান অর্জন কৰিব পাৰিলেহে ছাত্র-ছাত্রীক কিবা নতুন কথা এটা শিকাব পাৰিম। 


Doksiri দকচিৰি, মাৰ্চ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages