ধোদৰ পছলা
নবীন চন্দ্ৰ মেধি
গোলাঘাট
ঘৰখনত জীৱিত বুলিবলৈ মাথোঁ তিনিটা প্ৰাণী। বাপেকে আনৰ ঘৰত দিন হাজিৰা কাম কৰে। দিনটো আনৰ ঘৰত কাম কৰি গধূলি হ'লে চুলাই ভাটিত সোমাই এবটল খাই ঢলং ঢপংকৰে ঘৰলৈ উভতি আহে। কেতিয়াবা কোনোবাই গাড়ীৰে থৈ যায়। পদুলি মূৰতে নমাই থৈ আঁতৰি যায়। এতিয়া ঘৰলৈ গ'লেও যা নগ'লেও পৰি মৰি থাক। পুতেক এটা নাকাম্মা। ক'ত কি কৰে পাত্তা নাই। হাজিৰা কাম কৰি পেট প্ৰৱৰ্তন কৰা এটা পৰিয়ালে গাড়ীয়ে মটৰে ল'বলৈ আৰু পকা ঘৰ, লেট্ৰিন বাথৰূম বনাবলৈ ক'ত ধন পায় সেয়া সিহঁতে জানে।
বাপেক আৰু পুতেক দুয়ো ৰাতিপুৱাই কামলৈ ওলাই যোৱাৰ পাছত মাইকী মানুহ জনীয়ে দিনটো ঘৰখনত কিমাননো অকলে অকলে সোমাই থাকিব। এবাৰ বহে, এবাৰ শুৱে। শুই বহি যেতিয়া আমনি লাগে সন্মুখতে থকা গোমতি দোকান খনলৈ এপাক ওলাই যায়।
বুঢ়া তামোল পেকেনিয়াই পেকেনিয়াই বহি থকা দোকানীজনক কয় -
: তামোল আছে নেকি অ মোকো এখন দেচোন।
হয়তো দোকানীজনৰ মনত খং উঠি আহিছিল।
: হেৰৌ দিনটো মই যে এই দোকানখনতে বহি আছো, বিক্ৰী বাৰ্তা অলপো নাই, তই দেখা নাই নেকি বাৰু ? ঘৰৰ পৰা আটুমটোকাৰিকৈ থোৱা বুঢ়া তামোল পাণ নিজে খাবলৈ লৈ আহো। তোক খোৱাবলৈ মোৰ কি গৰজ পৰিছে অ' ?
মনৰ ভিতৰতে ভূৰভূৰাই ভূৰভূৰাই দোকানীজনে তামোল এখন উলিয়াই দিয়ে । হয়তো তেওঁৰ ক'বলৈ মন গৈছিল -
: নিষ্কৰ্মা তিৰুতা, পুতেৰে আৰু গিৰিয়েৰে ঘৰত নাই । বাৰীতে কিবা এটা কাম কৰোঁ বুলি কৰিব নোৱাৰ ? হাঁহ কুকুৰা, গৰু ছাগলী দুটামান পোহা হ'লেও দিনটো সিহঁতৰ লগতে ব্যস্ত হৈ থাকিব পাৰিলিহেঁতেন ! দিনৰ দিনটো যে অলৌতলৌকৈ আনৰ দোকানৰ মুখে মুখে, য'তে ত'তে বহি চাদা তামোল বিচাৰি ঘুৰি ফুৰ, ঘৰতে সোমাই নাথাক কেলেই ?
দোকানীজনৰ অৱচেতন মনৰ ভাৱ বুজি পাই তাই লাহেকৈ ঠিয় ঠেৰেঙা দি এখোজ দুখোজ কৰি ঘৰলৈ উভতি আহিছিল।
দোকানীয়ে সিহঁতক বৰ এটা ভাল নাপায়। বিহাৰী গণ্ডগোলৰ সময়ত সেই পৰিয়ালটোৱে চাৰিআলিৰ মূৰত থকা বিহাৰী হোটেল এখনৰ ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ কথা সি ভালকৈ জানে। বেছি দেশপ্ৰেমিক জাতীয়তাবাদী দেখুৱাবলৈ যোৱা ভণ্ড নেতাৰ নেতৃত্বত আৰম্ভ হোৱা ২০০৫ চনৰ বিহাৰী গণ্ডগোলৰ কথা সকলোৰে জ্ঞাত।
এতিয়া সিহঁতৰ বেছিভাগ মন্ত্ৰী এম এল এ নতুবা সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু সিহঁতৰ পিছে পিছে আৰু এচাম লোক আগবাঢ়িছে। কা আন্দোলন কৰি কেবাজনো শ্বহীদ হ'ল। এতিয়া নেতৃত্বত থকা সকলে অৰ্থ আৰু ক্ষমতাৰ লোভত সকলো পাহৰি গ'ল। সিহঁতক লাগে মাথোঁ মন্ত্ৰী পদ। ক্ষমতা ধন আৰু জনপ্ৰিয়তা।
সেইসময়ত লুটপাট কৰাৰ বাদেও আনৰ ঘৰত যে চুৰি কাৰ্য কৰে সেয়াও সি জানে। পানী মেচিন, টিউব ৱেল, ছাগলী, হাঁহ কুকুৰা, কাপোৰ কানি আৰু পথাৰৰ পৰা চুৰ কৰি অনা শস্য আদিৰ কথা গাঁৱৰ মানুহে নজনা নহয়। গতিকে সিহঁতৰ পৰা সাৱধানতা অৱলম্বন কৰি চলিব লগা হয়। ৰাইজে ধৰা পেলাই কেইবাবাৰো শাস্তি প্ৰদান কৰিছিল যদিও এতিয়াও সিহঁতৰ স্বভাৱ চৰিত্ৰ বুজা টান।
বাকী বুলিলে ফাঁকি। ৩০ টকা এটা ধাৰ খাই পৰিশোধ কৰিবলৈ দৰমহা পালেহে দিম বুলি ফোপযহী কথা কোৱা পৰিয়ালটোৰ পৰা সি যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰে।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment