এটি অনুভৱ
দিলীপ কমান
এটি সিক্ত আবেলি নদীৰ পাৰত বহি
কৰিছোঁ তোমালৈ অপেক্ষা
জানোচা তুমি আহিবা, মোৰ লগত বহি
অন্তৰঙ্গ বিজয় জিনিবা।
ওঁহো এইয়া মাথো মোৰ এটি কল্পনা
ৰজনী গন্ধা হৈ ফুলিছে আজি অতীত স্মৃতি
বিষাদ হৈ আহিছে তাৰ সুভাষ
কিন্তু তুমি নাহা,আগৰ তুমি পূন্য নহয়
মোৰ লগত বহি কথা নাপাতা
তুমি বিহিন মই
তুমি গুছি যোৱাৰ পিছত
বাৰে বাৰে অনুভৱ কৰিম মই
মোৰ বুকুত তোমাৰ অনুপস্থিতি
তোমাৰ অনুপস্থিতিৰ বিকল্প নহব
এটা দুখৰ ঐনিতম
কিম্বা এটা হৃদয়ৰ কবিতা
কিদৰে বুজালে বুজিবা
তুমি বিহিন মই
কিমান অকলশৰীয়া
কাৰন তুমি এটিয়া অপূন্যতা
মাথোঁ আনৰ
তুমি নহয় মোৰ প্ৰাণৰ
ভাল পোৱা বুলি একো নাই
মাথোঁ এটি দিবা স্বপ্ন
সকলো পায়ো একো নোপোৱাৰ দুখ
হতাশাৰ এটি দীঘল পথ
ভাল পোৱা।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment