ফাগুন আকৌ আহিল
অপৰূপা দত্ত
অৰুণাচল প্ৰদেশ
উদাসীনতা বোৰ বুকুত সামৰি
নতুনত্বৰ সন্ধান বিচাৰি
ধুলিয়নী বাটেৰে
যৌৱনা গাভৰুৰ বুকুৰ আঁচল টনা ফাগুন
আকৌ আহিল।
তোৰ আগমনত, পচোৱাৰ নিষ্ঠু আঘাতত
লঠঙা হ'ল বিৰিখবোৰ,
নদী, জুৰী আৰু সৰা পাতবোৰেও যেন
বিষাদশিক্ত এটি মন লৈ উচুপি কান্দে।
পিছে আকৌ
প্ৰেমিক সকল মতলীয়া হয় এই ফাগুনতে
কুৱঁলী ভৰা ফাগুনৰ
সেই সন্ধিয়াত বহুতেই
ভালপোৱাৰ ৰঙেৰে ফাঁকু খেলে
শিমলু জুপিৰ কলিজাৰঙী ফুলবোৰে চোন
জকমকাই হাঁহে,
তাকে দেখি পলাশ আৰু মদাৰেও
খিল- খিলাই হাঁহে এই ফাগুনতে।
মুষলধাৰ বৰষুণ জাকত
দেউ দি নাচে এই ফাগুনে
সচাকৈ ! সৌৱা চোৱা
ফাগুন আকৌ আহিল
ৰঙেৰে সকলোৰে মন ভৰি পৰিল।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment