প্ৰিয়তমলৈ চিঠি
ৰাবিয়া বেগম
নুনমাটি, গুৱাহাটী
আজি তোমালৈ বৰকৈ মনত পৰিছে, জানা ?
কিয় জানো মনটোওচোন আজি খুবেই
উৰুঙা লাগিছে ;
হৃদয়ৰ কোনোবা এটুকুৰা ঠাই জানো
ৰিক্ত, অসম্পূৰ্ণ - তেনেকুৱা লাগিছে।
হৃদয় এতিয়া খুবেই ক্লান্ত, অৱশ -
জানানে - তোমাক বিচাৰি হাবাথুৰি খাই
বেদনাত ম্ৰিয়মাণ - ত্ৰস্তমান;
হৃদয়ত মাথো মঞ্জুৰি উঠিছে
অবুজ বেথাৰ এটি সকৰুণ বিলাপ ধ্বনি
নাজানো - কাৰ উদ্দেশ্য সেই বিনিদ্ৰ ৰজনী
প্ৰতিধ্বনিত হৈ ফুৰিছে -
ৰোধিব নোৱাৰা হৈছোঁ - মোৰ অৱধাৰিত বিষাদৰ গতি;
অনৰ্গল তপ্ত চকুলোৰ ধাৰ একেদৰে অথচ
অতি সন্তৰ্পণে বৈ গৈ আছে
মাথো তোমাৰ বাবেই;
কিন্তু হায় ! মইচোন নাজানোৱেই
তুমিনো কোন ?
তথাপিওচোন মোৰ মনৰ পাপৰিত
কেৱল তোমাৰেই সুন্দৰ অথচ
অস্পষ্ট প্ৰতিচ্ছবি দেখোঁ,
হিয়াৰ মাজত - স্নিগ্ধ সুবাসৰ
অমিয়া পান কৰোঁ।
মোৰ মৰম - তোমাক মোৰেই শপত দিছোঁ
মোৰ হিয়াৰ মাজত তুমি অহাৰ আগতেই
মোক জনাবাদেই তোমাৰ আগমণৰ বতৰা -
জানানে - এই নিৰিবিলি আবেলিত
সদায় পদূলি মুখত -
মই তোমাৰেই বাট চাই থাকোঁ -
তুমি আহিবা বুলি - হাতত
এটি ৰঙা গোলাপৰ কলি লৈ।
মোৰ প্ৰিয়তম তুমি আহিবা দেই
অতি সোনকালে - অতি নিবিড়ভাৱে
অপেক্ষা কৰিছোঁ মই
তোমালৈ বুলি -
এজাক মিঠা অথচ গভীৰ মৰমৰ আবেগেৰে।
No comments:
Post a Comment