মানো মই তোমাক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 29, 2024

মানো মই তোমাক

 


মানো মই তোমাক


                              হিমাংশু কলিতা 

                                     গোলাঘাট


শুকুলা চন্দনৰ আধৰুৱা প্ৰেম মই মানো,

মানো মই তোমাক 

প্ৰেমৰ পথিক সপ্ত সাগৰৰ, 

সাতুৰিবলৈ কিন্তু জীৱন ভাগৰুৱা

আশা আখৰুৱা।


মানো মই 

শুনা কওঁ

চহৰ প্ৰেমৰ কবিতা

বুকুৰেদি বৈ যায়

ৰক্ত ৰজশ্ৰলা উদ্মান যৌৱনৰ সৌমৰস।


এনেইটো মানো মই

কলীয়া ডাৱৰত তিতিলে

প্ৰেমৰ  প্ৰথমজাক বৰষুণ,

লগত  তিতিল শুকান কলিজাত এমুঠি 

দুবৰি,

হালধীয়াহৈ সোণাৰুবোৰ ফুলিল

ফালিল কু্ঁৱলি।


 মানো মই তোমাক

উজাগৰি নিশাৰ হেঁপাহৰ

 প্ৰথমটো জোনাকী 

জিলিকাই যৌৱনৰ ৰাগীয়াল সুৰত 

বিনিদ্ৰ ৰজনী।


মানো মই তোমাক 

ফাগুনৰ প্ৰথমজাক পছোৱা

এপাহ ফুলৰ কলিত

বিচাৰি পোৱা

জীৱন মধুৰ অমিয়া


মানো মই তোমাক,


Doksiri দকচিৰি, মাৰ্চ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages