মোৰ ফুলনি
চাহিদুল আলম চৌধুৰী
মুকালমুৱা, নলবাৰী
পাতিছিলো মই ধুনীয়া ফুলনি
ফুলিছে অলেখ ফুল,
ফুলবোৰ দেখি মোৰ মন হয়
আনন্দতে বিয়াকুল।
ফুলনিত আছে তগৰ চামেলি
আৰু আছে নাৰ্জীফুল,
পুৱা সন্ধ্যা বেলা শেৱালিও হয়
গোন্ধতে আমোলমোল।
ফুলৰ মোহত ধুনীয়া পখিলা
জাকপাতি উৰি ফুৰে,
বিবিধ ফুলৰ মৌৰস শুহি লৈ
উৰি যায় বহু দূৰে।
ফুলৰ বাগিচা ভাল পাওঁ মই
সদায় যতনে ৰাখো,
উলাহতে হওঁ ভাবতে বিভোৰ
ফুলৰ কবিতা লিখো।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment