আমাৰ মৰিগাঁও - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 29, 2024

আমাৰ মৰিগাঁও

 


আমাৰ মৰিগাঁও


                      প্ৰৱীণ ৰাজবংশী

                     জাজৰি, মৰিগাঁও


মৰিগাঁও এটি প্ৰভাত

পূবৰ বেলিটি হাঁহি মাৰি

ভূমুকি মাৰিছিল ন সাজেৰে

সেউজীয়া পথাৰখন জিলিকি উঠিছিল

অনুভৱে সাই পাই নতুনত্বৰ বাতৰি দিছিল

এইয়াই আমাৰ পৱিত্ৰ সাতোৰঙী মৰিগাঁও।


আমাৰ মৰিগাঁও

আছে এক সুকীয়া মাদকতা

আহিবাচোন সময় পালে আমাৰ

মৰিগাঁওলৈ সেউজীয়া সতে কথা পাতিবলৈ।


মৰিগাঁও কবিতাৰ বাকৰিলৈ 

সাহিত্য সভা’লৈ

হেৰাই যোৱা জোনাকি দেশৰ  

কৃষ্ণচূড়া চম্পা, নাহৰ 

মাধৈমালতী আৰু ক’ত

স্মৃতিৰ কথা আছে পাতিবলৈ 

আহিবা এদিন সময় পালে মৰিগাঁও’লৈ।


বন্ধু আহিবানে সঁচাকৈ

আমাৰ মৰিগাঁও’লৈ এবাৰ

গুৰুজনাৰ দি যোৱা আদৰ্শৰে

ভকত বৈষ্ণৱে নামঘৰত নামৰ ৰসে

নিভাঁজ খোলতালৰ মাদকতা লবলৈ 

অধিবেশনলৈ জুনবিল মেলা’লৈ

আহিবা এদিন আমাৰ মৰিগাঁও’লৈ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages