ব’হাগঃ জীৱন আৰু জাতিক জাতিষ্কাৰ কৰা জ্যোতিষ্মান সময় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

ব’হাগঃ জীৱন আৰু জাতিক জাতিষ্কাৰ কৰা জ্যোতিষ্মান সময়


 

ব’হাগঃ জীৱন আৰু জাতিক জাতিষ্কাৰ কৰা জ্যোতিষ্মান সময়


অংকুৰণ আৰ্ফ



  প্রকৃতিৰ চিৰন্তন নিয়ম মানি পুনৰ আহিছে ব'হাগ। জীৱনৰ আটাইবোৰ বাচকবনীয়া অভীস্পা এই যেন ব'হাগ নামৰ শব্দটোতে সোমাই থাকে। যেনেদৰে ৰামধেনু বুলি ক'লেই এসোপা ভিন্নৰঙৰ বৰ্ণময় সমাহাৰ মনলৈ আহে, ঠিক তেনেদৰে এই ব'হাগ শব্দটোৰ মাজতেই বৰ আলফুলে বিলীন হৈ থাকে লুইতপৰীয়া মানুহৰ জীৱন আৰু জাতিৰ জ্যোর্তিময় আত্মা। সেয়ে ব'হাগ আহিলেই লুইতপৰীয়া মানুহৰ দেহ-মন থৌকি বাথৌ হৈ পৰে। প্ৰকৃতিৰ বাতা বৰণতো সৃষ্টি হয় এক অভিনৱ আয়োজন। ব'হাগেই আমাক কৈ যায় জীৱন আৰু জাতিক জাতিষ্কাৰ কৰা জ্যোতিষ্মান কথা। তেনেহ'লে আহকচোন আমি পাতোঁ ব'হাগেনো আমাক কি কৈ যায় অথবা জীৱন আৰু জাতিক জোনাকময় কৰা কিনো শিক্ষা এই প্ৰাণৰ ব'হাগেই আমাক প্ৰদান কৰে।


ব'হাগ- এনে এক উৰ্বৰ চেতনাৰ নাম য'ত কেৱল প্রতিফলিত প্রকৃতি আৰু মানুহৰ মাটিময় হিয়াৰ মাজত এক অপূর্ব অমৃত প্রেম। যি অমৃত প্রেম পান কৰিয়ে ধন্য আৰু ধুনীয়া হ'ব খোজে মানুহৰ এই অতৃপ্ত হৃদয়। দৰাচলতে এই মানব হৃদয়ে জীয়াই থাকিবৰ বাবে কাৰো পৰা বিশেষ একো নিবিচাৰে, বিচাৰে মাথো এধানি মৌময় মাতৰ সঁচা আন্তৰিকতা ভৰা প্ৰাণৰ ভালপোৱা। এই অকৃত্রিম ভালপোৱা পালেই সুখী হয় মানুহৰ হৃদয়। তাতকৈনো কি লাগে মানুহক এটি জীৱন ধুনীয়া কৰিবলৈ। মানুহৰ প্ৰতি মানুহৰ এই স্বাভাৱিক ভালপোৱাৰ নামেই ব'হাগ। নতুনকৈ ফুলি উঠা কপৌ ফুলপাহে নৃত্যৰতা পখিলা জনীক অথবা ন- পানী খিনিয়ে নৈত উজায় অহা নতুন মাছ জনীক কাণে কাণে এই স্বাভাবিক ভালপোৱাৰ কথাকেই কয়, এয়াই ব'হাগৰ পৰা আমাৰ শিকিবলগীয়া। বৰষুণে ধুই ধুনীয়া কৰা প্ৰকৃতিৰ বুকুত এনেহেন বাখৰুৱা ব'হাগৰ বতৰত আহকচোন বহাগেই শিকাই দিয়া নিস্বার্থ অমৃত ভালপোৱা এজনে আনজনৰ প্ৰতি প্ৰদৰ্শন কৰি ধুনীয়া কৰোঁ আমাৰ জীৱন আৰু জাতি।


ব'হাগ- নতুন সৃষ্টিৰ এক অনুপম সময়। চাওকচোন, কেইদিনমানৰ আগতে গোটেই পৃথিবীখনেই এক শুকান শুকান লগা উদাস আৰু নিৰস এক পৰিৱেশত জীয়াই আছিল। শুকান সৰাপাত, উদং গছ, ধূলি আৰু ছাঁইৰ মাজত জীৱনবোৰো এক উদাসীনতাৰ মাজত ডুব গৈ আছিল। কিন্তু আকাশ আন্দোলি অকস্মাত অহা এজাক বৰষুণে প্ৰকৃতিৰ এই সকলো উদাসীনতা আঁতৰাই চাৰিওফালে ছটিয়াই দিলে সেউজ সজীৱতাৰ এক উৎসৱমুখৰ পৰিৱেশ। য'ত কেউপিনে গজি উঠিল উদং গছৰ গা ঢাকি সেউজীয়া সেউজীয়া কুঁহিপাত। ডালে-পাতে ফুলি উঠিল নতুন নতুন সুৱাস আৰু সৌন্দৰ্যৰ কান্তিসনা কুসুম মালা... শুকাই থকা পথাৰ আৰু নৈ-নিজৰাবোৰৰ বুকু উপচি পৰিল নতুন নতুন পানীৰে... ন-পানী পাই নতুন মাছৰ জাকবোৰেও নতুন উদ্যমত উজায় গ'ল। দেখিলেই এক দৃষ্টিনন্দন পৰিৱেশ। দেহা-মন নতুন এক উচাহত উঠলি উঠা। পথাৰৰ শুকান মাটি ন-বৰষুণৰ পৰশত পুনৰ সজীৱ হৈ উৰ্বৰা হৈ পৰিল নতুন সেউজ সৃষ্টিৰ বাবে... এয়াই ব'হাগ। নতুন সৃষ্টিৰ সময় এই ব'হাগ। আমাক ব'হাগে ইয়াকে শিকাই যে শুকান আৰু নিৰস হৈ থকা প্রকৃতি এজাক বৰষুণে সকলো ধুই পুনৰ জীৱনমুখী সজীৱতা আনি দিয়াৰ দৰে আমিও জীৱনৰ সকলো নেতিবাচক চিন্তা আৰু নিসংগতা-নিৰাশা-হতাশা ইত্যাদিবোৰ আঁতৰাই কর্মমুখী নতুন উদ্যমৰ এজাক সতেজ বৰষুণ হৃদয়ত ধাৰণ কৰি জীৱন বাটত অগ্ৰসৰ হ'লে এদিন নিশ্চয় আমাৰ জীৱনতো ফুলি উঠিব বসন্তৰ ফুলৰ দৰে নতুন নতুন সফলতাৰ ফুল। ব'হাগে সদায় আমাক নতুন সৃষ্টিৰ বাবে জীৱনটো উৎসৰ্গা কৰিবলৈ শিকায়। সৃষ্টিৰ বাবেহে এই জীৱন, ধ্বংসৰ বাবে নহয়। যিটো জীৱনত সৃষ্টিৰ অনুৰাগ নাই তাত কোনো জীৱন জীয়াৰ মাদকতাও নাই। সেয়ে আহকচোন আমি ব'হাগৰ দৰে সৃষ্টিশীল এক চেতনা লৈ সমৃদ্ধ আৰু সুন্দৰ কৰোঁ এই জীৱন আৰু লুইতপৰীয়া জাতিক।

 

ব'হাগ- এক প্রচণ্ড আশাবাদৰ নাম। আশাই ধুনীয়া কৰে জীবন। আশা এগচি চাকি, যিয়ে নেকি সকলো হতাশাৰ পিছতো জীয়াই থাকিবলৈ মানুহক অন্তৰৰ পৰা প্ৰেৰণা দিয়ে। ব'হাগে আমাক সেয়ে আশাবাদী হ'বলৈ শিকাই। চাওকচোন, ফাগুনৰ কঠোৰ পৰশত কেনেকৈ গছবোৰৰ সকলো পাত-ফুল সৰুৱাই নিৰস আৰু উলংগ কৰি পেলাই। তেতিয়া এনেহেন লাগে যেন গছবোৰ পুনৰ সেউজীয়া হৈ নুঠিব, পুনৰ নুফুলিব গছৰ ডালত নানাৰঙী ফুল, কিন্তু সেয়া সত্য নহয়। শুকান ফাগুনৰ উলংগ গছবোৰৰ মাজে মাজে ফুলি উঠা জুই ফুল যেন পলাশ-শিমলু ফুলবোৰে মানুহক আশাবাদী হ'বলৈ শিকায় এইবুলি যে- এদিন এই ধূলিময় পৃথিৱীৰ বুকুলৈ ৰঙীন বসন্তৰ আগমন ঘটিব। নিশ্চয় এয়াই সত্য। ব'হাগে নানাৰঙী ফুল আৰু কুঁহিপাতৰ সম্ভাৰ লৈ প্ৰকৃতিৰ বুকু উপচাই পেলাই। আশা আছে বাবেই ব'হাগ আহিল আৰু পৰিপূৰ্ণ হ'ল শুকান পৃথিবী। আমিও ঠিক এইদৰে আশাবাদী হ'ব লাগে, ঠিক ব'হাগৰ দৰে। এই আশাই একমাত্র আমাৰ জীৱন জ্যোতিষ্মান কৰা উপায়... আমি সেয়ে হাজাৰ হতাশাৰ বিফলতাৰ ধুমুহাৰ পাছতো আশাৰ হেঙুলীয়া চাকি গচি আমাৰ অন্তৰৰ আছুতীয়া কোণত জ্বলাই ৰাখিব লাগে। যাতে পৃথিৱীৰ সকলো প্ৰেৰণা শেষ হৈ যোৱাৰ পাছতো তোমাক বা আমাক এই অন্তৰৰ আশাই জীৱনমুখী কৰি তুলিব পাৰে। ঠিক এইদৰে যিদৰে শুকান ফাগুনৰ ডালত এদিন নহয় এদিন ৰঙীন বসন্ত জিলিকি উঠিবই....


ব'হাগ- নৱ উদ্যম, নৱ সংকল্প আৰু জীৱনমুখী সাধনাৰ নাম। সঁচাকৈ ব'হাগ বুলি ক'লেই বুকুত বাজি উঠে সাতটা নতুন উদ্যমৰ ঢোল। ব'হাগ মানেই এক নতুন সময়। নতুন সৃষ্টিৰ বাবে প্রয়োজন এক নতুন উদ্যম-উৎসাহ আৰু নতুন সংকল্পৰ... এই সকলো একেলগে সোমাই আছে ব'হাগৰ বুকুতে। ব'হাগৰ এয়া বৈশিষ্টই হয়... ব'হাগৰ বুকুতে জেতুকাৰ ৰঙাৰ দৰে ৰক্তিম আশা আছে। ব'হাগৰ বুকুতে ন-পানী পাই বেগৱতী সোঁতেৰে সাগৰলৈ বৈ যোৱা নদীখনৰ দৰে নতুন জীৱনমুখী উদ্যম আৰু বৈ যোৱাৰ সংকল্প আছে, ব'হাগৰ বুকুতেই এক কর্মমুখী আৰু আনন্দমুখৰ আশাৰ পৰিৱেশ আছে। যিবোৰ গুণ এটা সমৃদ্ধিশালী আৰু ঐশ্বর্যশালী জীৱনৰ বাবে অতিকে প্রয়োজন।


ব'হাগৰ চোতালতে অসমী আইয়ে নতুন ৰূপত ন-সাজত নিজকে সজাই তুলে। ব'হাগৰ চোতালতে অসমীয়া মানুহে জীৱনটো কৰ্মমুখী সুন্দৰৰ সংস্কৃতিৰে সজাই তুলিবলৈ জেষ্ঠজনৰ পৰা আশীর্বাদ লয়। ব'হাগৰ চোতালতে এজনে আনজনক প্রদান কৰে স্নেহৰ বিহুৱান। য'ত সোমাই থাকে আপোনজনৰ হিয়াৰ। সঁচা মৰম, নতুনৰ সপোন, নতুনৰ পণ আৰু নতুনৰ জোনাকী জীবন। এয়াই ব'হাগে আমাক শিকাই যোৱা পাঠ। নিভাঁজ প্রাকৃতিক প্রেম, জীবনমুখী আশা, কর্মমুখী চেতনা, নতুনৰ সৃষ্টিৰ বাবে প্রয়োজনীয় নতুন উদ্যম, উৎসাহ আৰু নতুন সংকল্প এইবোৰেইতো আমাৰ অক্ষয় অমৃত সম্পদ। এটা জীৱন আৰু এটা জাতিক আত্মাৰ মাটিৰ পৰা শক্তিশালী- সৌষ্ঠবশালী-প্রগতিমুখী- সংস্কাৰমুখী-প্ৰজ্ঞামুখী কৰি গঢ়ি তুলিবলৈ এই মানবীয় অমৃত গুণৰাশিয়ে হ'ব পাথেয়। যিটো পাঠ আমাক ব'হাগৰ এই বাচকবনীয়া পৰিৱেশে শিকায়। আহকচোন, আমি ব'হাগৰ এই শিক্ষা অন্তৰত ধাৰণ কৰি নিজৰ জীৱনটোৰ লগতে এই আপোন লুইতপৰীয়া জাতিটোক ভৱিষ্যতৰ সমৃদ্ধিশালী বাটেৰে আগুৱাই নিবলৈ এই ব'হাগৰ চোতালতে লওঁ পণ। তেতিয়াহে ধন্য আৰু ধুনীয়া হ'ব আমাৰ জীৱন। লুইতপৰীয়া জাতিৰ নহ'ব অকাল মৰণ।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages