মানুহ
স্বপ্নালী কলিতা
মানুহ
কেৱল মানুহ।
কুমজেলেকুৱাৰ দৰে
বগাই যোৱা মানুহ,
পইতাচোৰাৰ দৰে
দৌৰি যোৱা মানুহ,
চৰাইৰ দৰে
উৰি যোৱা মানুহ
কোনো দিন বেলি নোলোৱা
দেশৰ মানুহ
বহা আসনবোৰ
সজোৰে সাৱটি ধৰা মানুহ
কপাল পিহি পিহি
ৰ'দ হেন কৰা মানুহ
চিলিং ফেনৰ
বতাহ গণি থকা মানুহ
মুঠতে
মানুহ আৰু মানুহ।
বহি থকা মানুহ
থিয় হৈ থকা মানুহ
মজাইক কৰা মজিয়াত
প্ৰতিবিম্বৰ লগত
আপোন পাহৰা হোৱা মানুহ
ধূলিয়ৰি মাটিত
গল্প-উপন্যাসৰ
কাহিনী বিচৰা মানুহ।
ময়ো তাৰে এজন মানুহ
বেলি নোলোৱা দেশৰ মানুহ।
তৰ্জনী আঙুলিৰে
শূন্যৰ ভিতৰত
শূন্য অঁকা মানুহ,
হাউলী থকা কঁকাল বোৰত
এটা ৰাজ আলি দেখা মানুহ
ৰাজআলিৰ ব্যস্ততাত
শেষ সময়
বিচাৰি ফুৰা মানুহ
দুই কি তিনিজন
বেলিৰ দেশৰ মানুহে
ঘনাই সলাইছে আঙুলি
খুলিছে জপাইছে
পুনৰ খুলিছে জপাইছে
এখন নিজা পৃথিৱী
নাৰিকলৰ খোলাৰ দৰে
পৃথিৱীখন টান
বেলি নোলোৱা দেশৰ
প্ৰতিজন মানুহৰ
ভৰিৰ তলুৱাত
শামুকীয়া
খোজবোৰ খাজকাটি
সেই ঠাইতে
সোমাই গৈছে
ক্ৰমান্বয়ে তললৈ..
মই ৰাজআলিত
ঘনাই
সলাইছোঁ খোজ
শেষ সময় বিচাৰি
No comments:
Post a Comment