পাত
লক্ষী প্ৰসাদ ৰেগন
হুলে বিন্ধা পাতত মাখি হৈ পৰিলো
বুকুৰ পৰা তেজ অকণ নিগৰি অহা দেখি বুজি উঠিলোঁ
মই এতিয়াও জীয়াই আছোঁ
বেলিৰ নিদ্ৰা ভঙ্গ হোৱাৰ আগে শিল হৈ
পৰি আছিলোঁ
গাভৰুজাকে নদীত ভৰি দিওঁতে মই মৃত শামুকৰ
খোলাত
নিজকে আৱিষ্কাৰ কৰিছিলোঁ
খেৱালিজালে বামলৈ টানি আনি মোকো মৃত
সজালে
পাত এখিলাত পৰুৱা এটাৰ জীৱন ৰক্ষা পৰা দেখি
তবধ মানিলো। এৰা, জীৱন ক'ত নাই
সামান্য এখিলা পাত.....
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment