ৰূপক
অংকুৰিতা ফুকন
১
ঋতুৱে নিচিনে প্ৰেম
জাৰৰ দিনত জহৰ কথা পাতি
উত্তাপ বিচৰা কথাটো
নহয় ৰূপক কবিতাৰ..…
২
আধাখোৱা আপেল এটাৰ ৰঙচুৱা চামনিখন
নহয় আপেলটোৰ ৰূপক সোৱাদৰ…..
৩
দুকুৰিৰ দুৱাৰদলিত বহি
আয়ুসৰ ঘৰৰ ভিতৰৰ আচবাববোৰ
একুৰিৰ চোতালত ৰ'দাব খোজা বিষয়টো
নহয় ৰূপক প্ৰেমৰ …
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment