উপলব্ধি
প্ৰিয়ংকা চমুৱা
ঢকুৱাখনা, লখিমপুৰ
একেখন গাঁৱৰে বিদ্যুতক দেখি পলে চিঞৰি মাতিলে। হঠাৎ কোনে মাতিল বুলি ইফালে সিফালে চাই পলক দেখি বিদ্যুৎ চমকি উঠিল আৰু প্ৰত্যুত্তৰত ঐ বুলি কৈ ওচৰ চাপি আহিল।
পলঃ আৰে ভাই, তই ইয়াত যে! উকালতি এৰি গাঁৱত কি কৰিছহি হা?
বিদ্যুৎঃ এহ, কাম এটাত হে আহিছিলো ঔ,মাহতে মানে বিয়াৰ বাবে ছোৱালী চাব পঠাইছে।তাকে বোলো...।
পলঃ অহ হ:। মানে এইবাৰ বন্ধু বান্ধত পৰিব। বঢ়িয়া। পাত বিয়াখন। আমি ৰৈ আছোঁ খাবলৈ।
বিদ্যুৎঃ ভয় হে লাগিছে জাননে...। আগতে হলে কথা বেলেগ আছিল। ক’ত ছোৱালী মোৰ আগে পিছে ঘুৰিল। পিছে সময়ত সকলো হেৰাই গ'ল। বহুতে মোক নাপাই চাগে কন্দিছিল ও দেহি। কিন্তু মই হে ৰৈ গলো বৰলা হৈ এই ৩৬ বছৰ বয়সলৈ।
পলঃ হয় দে, তইতো আমাৰ চকুত ছোৱালী পটোৱাত হিৰ' হৈ গৈছিলি। কিন্তু এতিয়া পিছে, কইনা পছন্দ হৈছেনে?
বিদ্যুৎঃ হওঁতে হৈছে ভাই। ছোৱালী জনী ভাল।পঢ়া শুনা, ভাল চাকৰি ও কৰে।কিন্তু কোনোবা খিনিত যেন তাই মোক শ্ৰদ্ধা নকৰে তেনে লাগে। পল: কিয় ভাবিছ তেনেকৈ?
বিদ্যুৎঃ কাৰন যেতিয়া মই তাইক সুধিছিলো তাইৰ কোনোবা প্ৰেমিক আছে নেকি, তাই কলে যে অতীত খুচৰা মানুহ আৰু কুমাৰিত্ব বিশ্বাস কৰা ব্যক্তিক তাই প্ৰচণ্ড ভণ্ড আৰু প্ৰবঞ্চক বুলিয়ে ভাবে। আৰু বোলে তেনে পুৰুষৰ অতীত খুচৰিলে হয়তু সমাজত ৮০ শতাংশ ব্যক্তিৰ বিয়াই নহব।মই এনেকৈ কিয় কলে নুবুজিলো জাননে।আৰু চা ভাই, আমাৰ পুৰুষৰ নো স্বভাৱ, চৰিত্ৰ আৰু অতীত কোনে চাই কচোন, মাত্ৰ ভাল উপাৰ্জন কৰা হলেই হ’ল, বয়স, চেহেৰা, চৰিত্ৰ সব টকাৰ আগত নগণ্য হৈ যায়। মোৰ টো সকলো আছে। তেন্তে...নে তাই মোৰ বিষয়ে কিবা জানে বাৰু!
পলঃ চা ভাই, সময় সলনি হৈছে। আজিকালি বহু ছোৱালীৰ বাবে যদিও টকাই সর্বস্ব, কিন্তু এতিয়াও বহু জনী ছোৱালীৰ বাবে সুচৰিত্ৰবান স্বামী আদৰ্শ আৰু কাম্য। আৰু হয় ও দেচুন, টকাৰে কিনা দামী বিছনা খনত আমি টোপনিৰ বাবে হাহাকাৰ কৰোঁ কিয় ? বিলাসী অট্টালিকাৰ মালিক হৈ ও অকলে হুমুনীয়াহ কাঢ়োঁ কিয়! আৰু চৰিত্ৰৰ দাগ নাৰীৰ কেৱল লাগে আমি পুৰুষ বোৰ ধোৱা তুলসীৰ পাত বুলি ভবাটো কিয় উচিত কচুন, আজিকালি সকলো ছোৱালীয়ে উপাৰ্জন কৰে, চাকৰি, ব্যৱসায় সকলোতে পাৰ্গত ছোৱালী, তেন্তে তাৰপাছতো আমি সিহঁতক খুতিয়াই খুতিয়াই চাইহে বিয়া কৰাব বিচাৰিলে আপত্তি নকৰিব কিয় ? যদি পুৰুষ মহিলা সকলোৰে যোগ্যতা সমান হব পাৰে, মানুহ হিচাপে ধৰণ কৰণ, অভাৱ, সুখ দুখ থাকিব পাৰে,তেন্তে বিয়াৰ বজাৰত নাৰীৰে সদায় দোষ বা গুণ বিচাৰিম কিয় আমি ? কথাবোৰ সলনি হৈছে আৰু হব লাগে ও নহয়নে বিদ্যুৎ!
বিদ্যুৎঃ কথাটো নোহোৱা নহয়। কিন্তু সকলোৱে জানো এইদৰে ভাবিব পাৰিব?
পলঃ ভাবিবলৈ আৰম্ভ কৰিব লাগিব।কাৰণ প্ৰতি গৰাকী নাৰী কাৰোবাৰ জী, ভগ্নী, মা, পত্নী। আচলৰ আঁৰত লুকাই থকা হুমুনিয়াহ কোনো নাৰীৰ জন্মগত বা জীৱন লগৰী হব দিব নোৱাৰি। হাঁহিৰে জীৱনটো সজাব প্ৰতিগৰাকী নাৰীয়ে বিচাৰে।কিন্তু অন্যান্য কাৰণৰ লগতে আমাৰ দৰে এচাম পুৰুষে নাৰীক ভৰিৰ ধূলি ভাবি লোৱা বাবে নিজেও সুখী হব নোৱাৰে আৰু জীৱনলৈ অহা নাৰী সকলক সদায় উপেক্ষিত কৰি ৰাখে পাবলগীয়া মৰম সন্মানৰ পৰা কেতিয়াবা দেউতাক, ককায়েক, প্ৰেমিক, পতিৰ ৰূপত। যি পুৰুষে নিজৰ ভগ্নী, মাতৃক হিয়া উজাৰি ভালপায়, সন্মান কৰে, সুৰক্ষা দিব বিচাৰে, তেনে পুৰুষেই কিন্তু নিজৰ কামনা চৰিতাৰ্থ কৰি বহু নাৰীক পতিত কৰে, সমাজ বৰ্জিত কৰে, বিস্কুতৰ বাকলিৰ দৰে দলিয়াই পেলাই । তেন্তে সেয়া বীৰত্ব নে কাপুৰুষতা তয়ে ক বিদ্যুৎ।
বিদ্যুৎঃ তই ঠিকেই কৈছ বন্ধু। মোৰ চকু সঁচাই অজিহে মেল খালে। আজিৰ পৰা মই ও কথাবোৰ দ'কৈ ভাবি চাম।জীৱনত আজিলৈকে যি ভুল কৰিলোঁ আৰু নকৰোঁ।নাৰীক মা,ভন্টি বুলি মৰম, সন্মান, আদৰে কৰিবলৈ শিকিম। নহলে কি ঠিক মোৰ ভন্তিকো কৈলৈ কোনোবাই অন্যায় কৰিব এজনী ছোৱালী বুলিয়ে...। এতিয়া যাওঁ দে।বহু কাম বাকী আছে সঁচাকৈ কৰিবলৈ।
পলঃ যা বন্ধু, জীৱনটো ন'কৈ আৰম্ভ কৰগৈ।
বিদ্যুৎ যোৱাৰ পিছতো পল কিছু দেৰি তাতে ৰৈ থাকিল। তাৰ মনলৈ বহু কথাই আহিল। আজি সি যিবোৰ কথা বিদ্যুতক কলে, আচলতে কথাখিনি তাক তাৰ ভন্টি জিমলিয়ে কোৱা। বিদ্যুতৰ বহু বেয়া কৰ্মৰ কথা সি জানে। আৰু বন্ধুক এটা সু পথ দেখাবৰ বাবেই জিমলীয়ে ক্ষোভত এদিন বিদ্যুতৰ বিষয়ে কোৱা কথাখিনি সি আজি তাক ক'লে যাতে সি সলনি হয়। ইতিমধ্যে বেলি পৰিল। পলও ঘৰমুৱা হ'ল এটি মুকলি মনেৰে।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment