মিংমাং মোৰ প্ৰিয় নাৰী
মহেশ দলে
মূৰৰ মথৰিত খৰি লৈ
পাহাৰৰ পৰা নামি অহা
ছোৱালীজনীৰ নাম মিংমাং
এমুঠি দুমুঠি কৰি চিঙি অনা
তাকুক তাকপিয়াং আৰু পাক্কম
ৰাতি এসাঁজ খোৱাৰ হেঁপাহ
মিংমাং মোৰ মাতৃ
মিংমাং মোৰ পিতৃ
যাৰ কোলাত শৈশৱৰ জীৱন যাত্ৰা
জাহ জানৰ বোকা গচকি
লুতুৰি পুতুৰি মাছ বিচাৰি
মোৰ শুদা ভাতত পোৰা মাছ দিয়া জনীৰ নামেই মিংমাং
মিংমাং মোৰ সপোন
মিংমাং মোৰ দাপোন
মিংমাং মোৰ কলিজাৰ একোণ
মিংমাঙৰ আঙুলিত ধৰি মোৰ পথাৰ যাত্ৰা
নাঙলৰ সীৰলুত সেউজীয়া সপোন ৰচা মোৰ প্ৰথম আখৰা
আঘোণৰ পথাৰত লেচেৰি বুটলি বুটলি কান্ধত মোৰ সৰুকৈ ডাঙৰি
আবেলি আবেলি ঘৰমুৱা
মিংমাঙৰ বুকুতেই আৰম্ভ মোৰ জীৱনৰ আদিপাঠ
মিংমাঙৰ বুকুতেই মোৰ সেউজীয়া যৌৱন
মিংমাঙৰ বুকুতেই জীৱনৰ গুমৰাগ ঐনি:তম
পাহাৰ ভৈয়াম একাকাৰ কৰি
জাতি-জনগোষ্ঠীৰ মাজত মিলন সেতু গঢ়া
মিংমাঙৰ মহান শিল্পী সকল মোৰ প্ৰিয় প্ৰেমিক
দুমদুম দুমপাক ঢোল-তাল বজোৱা সকল মোৰ প্ৰিয় প্ৰেমিক
পেঁপা-গগনা বজোৱা সকল মোৰ প্ৰিয় প্ৰেমিক
হৰিনামেৰে মুখৰিত কৰা নামতি সকল মোৰ প্ৰিয় প্ৰেমিক
মিংমাং মোৰ উশাহ
মিংমাং মোৰ নিশাহ
মিংমাং মোৰ আশা
ফৰকাল কিম্বা মেঘাচ্ছন্ন আকাশ
বতাহ আৰু বৰষুণ মোৰ প্ৰিয়
মিংমাং মোৰ প্ৰিয় নাৰী…….
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment