চোতালৰ দুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

চোতালৰ দুখ

 


চোতালৰ দুখ


                 জুনু বুঢ়াগোহাঞি

                           গুৱাহাটী


ৰৈ গ'লোঁ

বতাহৰ মাজেৰে ভাহি অহা

উচুপনি এটা শুনি

উঁহ বিচাৰি--


আলি কেঁকুৰিটোৰ সিপাৰৰ

এখনি

জুপুকা মৰা চোতাল।


অভিজাত চোতালৰ

দুখ 

(যিটো আছিল কল্পনাৰো অতীত)

মৌনতাত

চেঁচা পৰা।


এদিন

ঘৰ-শুৱনি চোতাল আছিল

দূৰৈৰ পৰা জিলিকি থকা

এখনি নিমজ গাল

চোতালে তেতিয়া

বুকুৰে সৰকি পিঠিলৈকে

হ'ব পাৰিছিল একাত্ম

মিঠা অনুভৱত

পুৱা-গধূলি চটিয়াইছিল

এচোতাল হাঁহি

চোতাল-জেউতি।


চোতাল যোগসূত্ৰ

ভিতৰৰ পৃথিৱীখনৰ পৰা বাহিৰলৈ

বাহিৰৰ পৰা ভিতৰলৈ।


আচলতে ককাদেউতাৰ দিনৰ

প্ৰতিখন চোতালেই নমনীয়

একেলগে বহিব পাৰিছিল

আগবঢ়াই দিছিল

হাত দুখন

নিচুকনি গীত এটিতে

মুদ খাই আহিছিল

চোতালৰ চকু দুটা।


আজিৰ চোতালক

ঘৰৰ বতৰা সুধিলে

গোপন নকৰাকৈ সকলো ক'ব

মানুহৰ অস্থিৰতাৰ কথা 

কঁপি থকা ভেটিটোৰ কথা

উমৈহতীয়া চোতালে পৃথক কৰা 

দুখন ঘৰৰ চিগি যোৱা

জৰীডালৰ কথা।


আৰু ক'ব

শিল গজা জঠৰ গা-টো

ক্ৰমশঃ মৰি আহিছে


এফালৰ পৰা।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages