মিচিংসকলৰ ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতিৰ গতিধাৰা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

মিচিংসকলৰ ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতিৰ গতিধাৰা

 

মিচিংসকলৰ ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতিৰ গতিধাৰা


জৱাহৰলাল মিলি

গহপুৰ


   সমৰ ভুমিপুত্ৰ খিলঞ্জীয়া জনজাতি সকলৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী হৈছে তিৰ্বতবৰ্মী মূলৰ আবুতানি বংশধৰ মিচিং সকল। মিচিং সকলৰ আদিম ধৰ্মীয় বিশ্বাস আৰু লোকাচাৰ, সামাজিক ৰীতি নীতি আদি পৰম্পৰাগতভাৱে লোক সমাজ প্ৰচলিত হৈ আহিছে। অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰিত ধৰ্মীয় বিশ্বাস আৰু লোক সংস্কৃতিত প্ৰভাৱান্বিত হৈ পুৰণিকলীয়া মূল ধৰ্মীয় বিশ্বাসৰ পৰম্পৰা কিছু পৰিবৰ্তনশীল হ’লেও মিচিং সকলৰ লোক সংস্কৃতি আৰু লোকাচাৰ জনজীৱনত এক সুকীয়া বৈশিষ্ট্যৰ গতিধাৰা অব্যাহত আছে ৷ এক কথাত ক’বলৈ গ’লে মিচিং সকলৰ লোক সংস্কৃতিত অন্যান্য জনগোষ্ঠীসমূহৰ তুলনামূলক ভাৱে চহকী বুলিলেও বঢ়াই কোৱা নহয়। সাম্প্ৰতিক কালত বিভিন্ন ধৰ্মীয় আদৰ্শত অনুপ্ৰাণিত হৈ মিচিং সকলৰ আদিম ধৰ্মীয় সংস্কৃতি আৰু লোক বিশ্বাস পৰম্পৰা বিলুপ্ত হোৱাৰ উপক্ৰম ঘটিছে। মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱ বৈষ্ণৱ ধৰ্মীয় সংস্কৃতি আৰু অন্যান্য পাশ্চাত্য ধৰ্মীয় সংস্কৃতিৰ আদৰ্শত দীক্ষিত হৈ  মিচিং সকলৰ আদিম ধৰ্মীয় বিশ্বাস দঃঞিঃ পঃল, কাৰ্চিং-কাৰ্দাং, চেঃদি-মৗঃল আদি উপাসনা কৰা দেৱ দেৱী সকলক পূজা অৰ্চনা কৰাৰ পৰিবৰ্তে ধৰ্মান্তৰিত হোৱা পৰিলক্ষিত হৈছে। যিকি নহওক মূল বিষয় বস্তুৰ প্ৰাসংগিকতাৰ ওপৰত লক্ষ্য ৰাখি এই বিষয়টো সিমানতে সামৰিলোঁ। মিচিং সকলৰ প্ৰধান ধৰ্মীয় বিশ্বাসৰ উপাসনাৰ কেন্দ্ৰ হৈছে - দঃঞিঃ-পঃল (সূৰ্য্য-চন্দ্ৰ)। জাগতিক ভাৱে সাক্ষাৎ দেৱতা হৈছে দঃঞিঃ আৰু পঃল। মিচিং সকলৰ ধৰ্মীয় বিশ্বাস অনুসৰি সূৰ্য্যক মাতৃ দেৱী আৰু চন্দ্ৰক পিতৃ দেৱতা হিচাপে প্ৰতিষ্ঠা কৰি পৰম্পৰাগত পূজা অৰ্চনা কৰি আহিছে। অৰ্থাৎ মিচিং সকলৰ লোক বিশ্বাস অনুসৰি সূৰ্য্য চন্দ্ৰৰ সন্তান বুলি নিজকে পৰিচয় দি আহিছে। মিচিং সকলৰ উপৰিও তিৰ্বতবৰ্মী আবুতানি বংশীয় অৰুনাচল প্ৰদেশৰ আদী, নিচি, আপাতানি, পাঃচি, পাঃদাম, গালং, মিয়ং, কামতি, মিচিমি আদি জনগোষ্ঠী লোকে আবুতানি নামৰ আদিম মানৱৰ প্ৰথম সন্তান বুলিও নিজকে পৰিচয় দিয়ে। সেই বাবে এই জনগোষ্ঠী সমূহক আবুতানিয়ান বংশধৰ হিচাপে পৰিচিত। মিচিং সকলৰ দঃঞিঃ পঃলৰ একেশাৰীৰ অন্য উপাস্য দেৱ দেৱী হৈছে চৗঃদি আৰু মৗঃল। প্ৰকৃতি শক্তিৰ একমাত্ৰ উপাস্য দেৱতা বুলি কোৱাও শুনা যায়। ইয়াৰ পিছতে অন্যান্য দেৱ দেৱী সকলক সন্তুষ্টিৰ বাবে পূজা অৰ্চনাৰে স্তুতি কৰা হয়। যেনে - কাৰ্চিং-কাৰ্দাং, ৰুগ্জি-মেঃৰাং, মুকলৃং-য়াৰি, পৗদং-অৗচাৰ আদিৰ বন্দনা মিবু আঃবাঙত বিস্তৃত ৰূপত পোৱা যায়। মিচিং ধৰ্মীয় বিশ্বাসৰ পৰম্পৰাত উপাস্য দেৱ দেৱীসকলক সাধাৰণতে দুটা ভাগত বিভক্ত কৰি পূজা পাৰ্বন অনুষ্ঠিত কৰা দেখা যায়। এটা হৈছে পৰম পূজ্য উপকাৰী দেৱতা আৰু আনটো হৈছে অপায় অমংগলৰ গৰাকী অপদেৱতা বা অপকাৰী দেৱতা। দঃঞিঃ-পঃল, চৗঃদি-মৗঃল আৰু কাৰ্চিং-কাৰ্দাং আদি দেৱ দেৱীক শৰীৰৰ শ্ৰীবৃদ্ধি সুস্বাস্থ্যৰ গৰাকী হিচাপে উপকাৰী দেৱ দেৱী বা মংগল কাৰক দেৱতা ৰূপে প্ৰাধান্য দিয়া হয়। আনহাতে অপায় অমংগলৰ অপকাৰী দেৱ দেৱী বা অপদেৱতা হিচাপে গণ্য কৰি পূজা অৰ্চনা আগবঢ়োৱা দেৱ দেৱী হৈছে ক্ৰমে - মুগলৃং-য়াৰি, পৗদং-অৗচাৰ, উৰম-পঃচুম, ৰকপুম দনৗ, য়ুমৰাং উয়ি আদিয়ে প্ৰধান। ওপৰত উল্লেখ কৰা উপকাৰী দেৱ দেৱী সকলৰ পূজা অৰ্চনাৰ বাবে কোনো নিৰ্দিষ্ট বিধি বিধান নাই বুলি ক’ব পাৰি। কিন্তু অপায় অমংগলীয়া অপদেৱতা সকলক পূজা অৰ্চনা কৰিব নিৰ্দিষ্ট কঠোৰ বিধি বিধান প্ৰচলিত হৈ আছে। পুৰণি হিন্দু শাস্ত্ৰ বেদ পুৰাণত যিদৰে পুৰোহিত সকলে স্তুতি গায়ত্ৰী মন্ত্ৰ পাঠ কৰে ঠিক তেনেকৈয়ে মিচিং সকলৰো অপায় মংগলৰ গৰাকী অপদেৱতাক সন্তুষ্টিৰ বাবে মিবুৱে পূজা পাতলৰ পুৰোহিত্ব কৰে। এসময়ত মিবু হৈছে অলৌকিক দৈৱিক শক্তি সম্পন্ন বীৰ পুৰুষ আৰু সমাজৰ সন্মানীয় ব্যক্তি হিচাপে গণ্য কৰা হয়। মিবুৱে নিজা দৈৱিক ঈশ্বৰীয় প্ৰদত্ত শক্তি প্ৰদৰ্শন কৰি কোনোবা ব্যক্তি বা পৰিয়ালৰ কিম্বা গাৱঁৰ অপায় অমংগল, সাম্ভাৱ্য দোষ বিপদৰ ভৱিষ্যত বাণী দিয়ে আৰু সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ বিধান দিব পাৰে। মিবুৱে অপাৰ্থিৱ অলৌকিক দিব্য চক্ষুৰে দৈৱিক শক্তিৰে বিচৰণ কৰি অধিষ্ঠিত দেৱ দেৱীৰ লগত কথোপকথনৰ জৰিয়তে সম্পৰ্ক লাভ কৰে আৰু পৰম পুৰুষৰ সান্নিধ্যত আকৃষ্ট হৈ ব্ৰহ্ম শব্দৰ স্তুতিৰে আঃবাং গায়। মিবুৱে অধিষ্ঠিত দেৱ দেৱীৰ স’তে সম্পৰ্ক স্থাপন কৰি গোৱা স্তুতি মন্ত্ৰৰ শ্লোকবোৰকে মিচিং লোক সমাজত মিবু আঃবাং হিচাপে খ্যাত। মিবু আঃবাং সমূহ মিচিং সকলৰ জনজীৱনৰ পৰম্পৰাগত লোক সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। আঃবাং বোৰৰ তাৎপৰ্যপূৰ্ণ বৰ্ণিল প্ৰকৃতিৰ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি পাতনিৰ বিস্তৃত ৰূপত প্ৰকাশিত হয়। বৈদিক যুগত ঋষি মুণিসকলৰ মৌখিকতাত সৃষ্টি হোৱা বেদৰ শ্লোক সাদৃশ্য সেই অনুপম সৃষ্টিৰ মিবু আঃবাংবোৰৰ স্তুতি মন্ত্ৰ। মিবু সাধাৰণতে জন্মগত ভাৱে শিশু অৱস্থাৰ পৰাই অলৌকিক শক্তিৰ বিকাশ হয়। প্ৰকৃত মিবুৰ গাত অসাধাৰণ বৈশিষ্ট্যপূৰ্ণ আচৰণ স্বতঃস্ফূৰ্তভাৱে পৰিলক্ষিত হয়। শিশু কালতে উজ্জ্বল হাঁহি, নম্ৰ, গহীন গম্ভীৰ ক্ৰমে স্বয়ংক্ৰিয়ভাৱে স্বতঃস্ফূৰ্ত হয়। জন্মৰ পিছতে অৰ্থাৎ আঠ-ন  বছৰীয়া বয়সতে বা তাৰ আগতেও অৗপম দেৱতাই শিশুটিক অটব্য অৰণ্যৰ মাজত লৈ গৈ লুকুৱাই ৰাখে বুলি জনশ্ৰুতি আছে। তাতে দেৱ দেৱী আৰু চিৰকি নাঃনৗৰ সংস্পৰ্শত ৰৗগৗ ৰৗগাম পৰ্বতৰ পৰা দেৱতাসকলে নামি আহি শিশুটিৰ গাত লম্ভে বুলি কোৱা হয়। ইয়াৰ পিছত "পমচিৰি" নামৰ স্বৰ্গীয় হ্ৰদৰ পানীত গা ধুৱাই প্ৰকৃত পুৰুষ কৰি তোলে আৰু ক্ৰমান্বয়ে মিবুৱে দৈৱ্য শক্তি লাভ কৰিবলৈ সক্ষম হয়। পৰবৰ্তী পৰ্য্যায়ত মিবুৰ অলৌকিক শক্তিৰে মৌখিকভাৱে দৈৱ্য বাণী নিগৰিত হৈ প্ৰকাশ পায়। অৗপম বা দেৱতা সকলৰ মুখ্য দম্পতীহাল হৈছে চিৰকি নাঃনৗ আৰু চিৰধাম বাঃবু। এই হাল দম্পতীয়ে সঘনে মিবুৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি থাকে। আনহাতে মিবুৰ বাদেও আজিৰ প্ৰায় ৪০-৫০বছৰৰ আগতে অৗপম দেখা আমাৰ মনত আছে। ৰাতিপুৱা দোকমোকালিতে নদীত মাছ মৰা, কেতিয়াবা জয়াল ৰাতি হাবি জংঘলত উৰাল ধান খুন্দাৰ দৰে শব্দ আমিও শুনিছিলো। সেইবোৰ অলৌকিক পৰিঘটনা আমি নিজ চকুৰেও দেখা শুনা বিষয়বোৰ বৰ্তমান যুগত কিম্বদন্তিত পৰিণত হ’লগৈ। যিকি নহওক এনেবোৰ বিষয় বহলাই আলোচনা নকৰিলোঁ। মিচিং সকলৰ লোক বিশ্বাসৰ আধাৰত প্ৰকাশিত কিম্বদন্তি অনুসৰি এসময়ত অৗপমবোৰে বৰ আহঁত জোপোহা গছত মিচিং চাংঘৰৰ সাদৃশ্যত ঘৰ সাজি বসবাস কৰিছিল বুলি জনশ্ৰুতিমূলক আখ্যান পোৱা যায়। অৗপমবোৰে বৰ খৰকৈ কথোপকথন কৰে আৰু উৰাল ধান বানে আৰু মানুহৰ দৰে আনন্দ স্ফূৰ্তিৰে ঢোল বজাই চিঞৰ বাখৰ কৰি ৰাউচি জোৰে বুলি জনা যায়। এই বিষয়টো সিমানতে সামৰিলোঁ। এতিয়া মুল বিষয় বস্তুলৈ আহোঁ। মিচিংসকলৰ সমাজৰ মুখ্য পুৰোহিত মিবুৰ অপৰিহাৰ্য্য দৈৱ্য অস্ত্ৰ হৈছে য়কচা - এখন দীঘল হেংদাং সাদৃশ্য তৰোৱাল। য়কচাৰ আলৌকিক মহত্ব গুণ বিশিষ্ট এবিধ দৈৱিক ঈশ্বৰ প্ৰদত্ত আপুৰুগীয়া অস্ত্ৰ হিচাপে মিচিং লোক বিশ্বাসত খ্যাত। সাধাৰণ ভাৱে ইয়াক কমাৰশালত লোহাৰে গঢ়ি পিটি নিৰ্মিত অস্ত্ৰ নহয় বুলি লোক সমাজত জনা যায়। এই য়কচা বিশেষভাৱে সংৰক্ষিত কোনো এখন স্থানৰ পৰা নিৰ্দিষ্ট দিনত মিবুৱে সংগ্ৰহ কৰি আনে। য়কচা মিচিং সকলৰ ধৰ্মীয় আদৰ্শৰ এক পৱিত্ৰ আৰু আপুৰুগীয়া দুষ্প্ৰাপ্য সম্পদ বুলিও কোৱা হয়। ইয়াৰ লগতে দকনৗ বা মণিও এবিধ দুষ্প্ৰাপ্য দৈৱিক গুণ থকা আপুৰুগীয়া অলংকাৰ হিচাপে গণ্য কৰা হয়। মিবুৱে মিবু দাগনাম অৰ্থাৎ দন্দাই উঠোতে, তালৗং উয়ি আৰু অন্যান্য মাংগলিক কাৰ্য্যবোৰ সমাপন কৰোঁতে মিবু গালুক, গৰ্ণ উগন আৰু মূৰত দুমৗৰ (টঙালি) পৰিধান কৰে। ইয়াৰ বাহিৰেও মিচিং সকলৰ বিভিন্ন উৎসৱ পাৰ্বন আদি মাংগলিক কাৰ্য্যবোৰত ব্যৱহাৰ কৰা দেখা যায়। উল্লেখ্য যে সময়ৰ পৰিবৰ্তনৰ পৰিপেক্ষিত্ব কিছু সংখ্যক মিচিং সমাজত নিজস্ব লোক সংস্কৃতি আৰু লোক বিশ্বাসৰ পৰম্পৰা ত্যাগ কৰি পাশ্চাত্য বিজতৰীয়া সংস্কৃতিৰ ধৰ্মীয় আদৰ্শ গ্ৰহণ কৰিছে আৰু মিচিং সকলৰ আদিম সংস্কৃতি লুপ্তপ্ৰায় অৱস্থাত উপনীত হৈছে। সাম্প্ৰতিক সময়ত মিচিং সকলেও হিন্দু ধৰ্মীয় সংস্কৃতিৰ নৱ বৈষ্ণৱ পন্থাত অনুপ্ৰাণিত হৈ আদিম মিচিং ধৰ্মীয় বিশ্বাস আৰু তথাকথিত হিন্দু ধৰ্মীয় আদৰ্শৰ সংমিশ্ৰিত ৰূপত বিভিন্ন দেৱ দেৱীৰ পূজা পাতল, সকাম নিকাম, ৰীতি নীতি আকুৱালি লৈ প্ৰচলিত হৈ আছে। ফল স্বৰূপে মিচিং সকলৰ আদিম পূজা পাতল, উৎসৱ পাৰ্বনবোৰৰ উপৰিও নতুনকৈ বিভিন্ন উৎসৱ পাৰ্বন, সকাম নিকাম সংযোজিত হৈ বাৰ মাহে তেৰটা পূজা উদযাপন কৰাৰ দৰে হৈছেগৈ। কেৱলীয়া পন্থাৰ মিচিং সকলে নতুনকৈ সংযোজিত হোৱা ডাঙৰীয়া, নজনীয়া, ৰিষ্ট, নামগোৱা, ঘৰ কালিকা আৰু অনেক দেৱ দেৱীৰ পূজা পাতল প্ৰচলন হ’ব ধৰিলে। ইয়াৰ উপৰিও কাল সংহতি সত্ৰাধিকাৰ সকলৰ পৰা শৰণ ভজনত দীক্ষিত হৈ পৰাচিত, শান্তিপানী গ্ৰহণ, শুচি, কেৱলীয়া ভাগৱত কীৰ্তন পাঠ আদি মিচিং সমাজ প্ৰচলিত পৰম্পৰা অব্যাহত আছে। তাৰোপৰিও পাশ্চাত্য সভ্যতা সংস্কৃতিৰ প্ৰভাৱত খ্ৰীষ্টান মিচনেৰী সকলৰ  সংস্কৃতি নৱবৰ্ষ উদযাপন, জন্ম দিন আৰু বৰ্তমান সময়ত আধুনিকতাৰ মাদকতা বজাই ৰাখিবলৈ তোলনি বিয়াৰ পৰম্পৰাও আৰম্ভ হ’ব ধৰিছে। প্ৰকৃততে মিচিং সকলৰ আদিম পূজা পাৰ্বনবোৰ হৈছে দবৃৰ,তালৗং উয়ি, উৰম পঃচুম আৰু উৎসৱৰ ভিতৰত কৃষি উৎসৱ আলি আঃয়ে লৃগাঙে প্ৰধান। দবৃৰ পূজাৰ মূল তাৎপৰ্য্য হৈছে- কোনো এজন ব্যক্তি বা গৃহস্থৰ কিম্বা গাৱঁৰ অপায় অমংগল দূৰিকৰণ, প্ৰাকৃতিক দুৰ্যোগ, অপৰাধজনিত কৰ্ম আৰু খেতি পথাৰৰ অনিষ্টকাৰী কীট পতংগ, পোহনীয়া জীৱ জন্তু তথা মানুহৰ মাৰি মৰক আদিৰ পৰা ৰক্ষা পাবলৈ দবৃৰ পূজা ভাগ অনুষ্ঠিত কৰে। তাৰোপৰিও অপকৰ্মৰ প্ৰায়চিত্য, শুদ্ধিকৰণ, দায় দণ্ড, শাওপাত আদি দবৃৰ পূজাত নিস্পতি কৰা হয়। সেই দবৃৰ পূজা মিচিং সমাজত দুই ধৰণৰ দবৃৰ পূজা অনুষ্ঠিত কৰে। ১) বৃৰত্ত দবৃৰ আৰু ২) ৰৗগাম দবৃৰ বা ৰাইজে দবৃৰ৷ কোনোবা কোনোবা অঞ্চলত আৰৃগ দবৃৰৰো প্ৰচলিত হোৱা দেখা যায়। বৃৰত্ত দবৃৰ হৈছে - ঘৰুৱাভাৱে উদযাপন কৰা পূজা। দ্বিতীয়টো হৈছে ৰৗগাম বা ৰাইজে দবৃৰ। ৰৗগাম দবৃৰ গাৱঁৰ ৰাইজে সামূহিক ভাৱে পূজা ভাগ অনুষ্ঠিত কৰা হয়। এই পৰম্পৰা আজিও মিচিং সমাজত প্ৰচলিত। আনহাতে আৰৃগ দবৃৰ হৈছে কৃষি পথাৰত কৰা এজন ব্যক্তিয়ে কৰা দবৃৰ পূজা। দবৃৰ পূজাৰ বিষয়ে বিস্তৃত আকাৰত উল্লেখ নকৰিলোঁ। দবৃৰ পূজাৰ উদ্দেশ্য চমুকৈ উল্লেখ কৰাৰ দৰে একেই। মিচিংসকলৰ আন এক উল্লেখনীয় পূজা হৈছে তালৗং উয়ি। যাক অসমীয়াত কোৱা হয় ওপৰ দেৱতাৰ পূজা। ইয়াৰ বিধি বিধানবোৰ বৰ কঠোৰ আৰু নীতি বৰ্হিভূতভাৱে পালন নকৰিলে পৰিনাম অতি ভয়ানক বুলি কোৱা হয়। ইয়াত বিশেষকৈ প্ৰাকৃতিক শক্তিৰ ওপৰত বিশ্বাস কৰি পূজা ভাগ ঘৰুৱাভাৱে অনুষ্ঠিত কৰা হয়। ওপৰ দেৱতাৰ কু দৃষ্টিৰ প্ৰভাৱত ব্ৰজপাত,শিলাবৃষ্টি আৰু মানুহৰ দুৰাৰোগ্য বেমাৰ আজাৰৰ পৰা হাত সাৰিবলৈ এই পূজা ব্যক্তি বিশেষে অনুষ্ঠিত কৰা হয়। অৱশ্যে নিৱন্ধত সকলো পূজাৰ বিধি বিধানৰ সম্পৰ্কে বহলাই উল্লেখ কৰিব নোৱাৰি নিজকে দোষী অনুভৱ কৰি পাঠক সুধিবৃন্দলৈ ক্ষমা প্ৰাৰ্থনাৰ প্ৰাৰ্থী হৈ প্ৰণাম জনালোঁ। কেৱল মিচিং সকলৰ পৰম্পৰাগত ভাৱে উদযাপিত ধৰ্মীয় আৰু লোক বিশ্বাসৰ কিছু তুলমূল আভাসে অতি চমুকৈ দাঙি ধৰাৰ প্ৰয়াস কৰিলোঁ।

   মিচিং সকলৰ আন এটি পিতৃ পিতামহৰ আৰাধ্য সকাম হৈছে উৰম পঃচুম। এই সকামত উপৰিপুৰুষসকলৰ মৃত আত্মাৰ স্মৰণত  পিণ্ড শ্ৰাদ্ধ্য আগবঢ়োৱা অন্যতম পিতৃ পুৰুষৰ পূজা বুলিহে ক’ব পৰা যায়। সেই পূজা ভাগৰ উল্লেখীয় দিশ হৈছে বহু বছৰীয়া দঁতাল গাহৰি সেৱা আগবঢ়াই প্ৰয়োজনীয় নৈবেদ্য সামগ্ৰীৰ প্ৰাধান্যতা আছে। আন এক অনুষ্ঠান বা পৰ্ব হৈছে য়ালঃ চৰচাং বা য়ালঃ গকচাং। ইয়াক অসমীয়াত জীৱ মতা বুলি কোৱা হয়। অৰ্থাৎ আত্মাক আহ্বান জনোৱা কাৰ্য্য। মিচিং লোক বিশ্বাস অনুসৰি কোনো এজন ব্যক্তিৰ বিভিন্ন ৰোগ বেমাৰত আক্ৰান্ত হ’লে জীৱ বাহিৰ হোৱা বুলি মিবু বা গাৱঁৰ বয়সস্থ পুৰুষ মহিলা সকলৰ দ্বাৰা য়ালঃ গকচাং কৰা হয়। মিচিং সকলৰ লোক বিশ্বাস পৰম্পৰাত সৃষ্টিৰ পাতনি আৰু জন্ম মৃত্যুৰ ৰহস্য সম্পৰ্কে নিজস্ব সুকীয়া ধাৰণা আছে। এই ধাৰণাক বৈজ্ঞানিক দৃষ্টি ভংগীৰে চোৱাৰ যুক্তি যুক্ততা নোহোৱা নহয় নিশ্চয়। মিচিং সকলে বিশ্বাস কৰি আহিছে যে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো শক্তি বস্তুবাদ আৰু জীৱ জগত একে উৎসৰ পৰাই বিৱৰ্তন হৈ আহিছে। সেই উৎস হৈছে - আদিম অৱস্থা, যি অনাদি অনন্ত আৰু অসীম শক্তি বিৰাজমান। অদৃশ্য যাক উপলব্ধিও কৰিবলৈ মানুহৰ সাধ্য নাই। সেই অৱস্থাক মিচিং সকলৰ পুৰোহিত পুৰুষ মিবু আঃবাঙত কৗয়ুম বুলি উল্লেখ কৰিছে। এই খিনিতে উল্লেখ কৰিব লাগিব ’কৗয়ুম’ উপন্যাসৰ স্ৰষ্টা ঔপন্যাসিক চন্দনা গোস্বামী বাইদেউৱে সুন্দৰ উপস্থাপন কৰিছে, কৗয়ুম উপন্যাসখনিৰ যোগেদি মিচিং জনগোষ্ঠীয় লোক সাহিত্যৰ সোৱাদ বুটলি আনি অসমীয়া সাহিত্যৰ বহল পথাৰলৈ অনবদ্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। কৗয়ুমত অনাদি  অনন্ত, সীমাহীন নিঃশব্দই বিৰাজ কৰিছিল আৰু সময় স্তব্ধ আছিল। সেই অৱস্থাতে হঠাৎ জুইৰ ধোঁৱাৰ দৰে নিৰাকাৰ অন্ধকাৰ চন্ন ধূম্ৰ কুণ্ডলীৰ সৃষ্টি হ’ল। তাৰ পৰা আকৌ ব্ৰজৰ সৃষ্টি হ’ল। ব্ৰজৰ পৰা ক্ৰমান্বয়ে এক অগ্নি পিণ্ডৰ উদ্ভৱ হৈ সৃষ্টিৰ পাতনিৰ প্ৰথম পুৰুষ প্ৰকৃতি চৗঃদি মৗঃলৰ উৎপত্তি বুলি মিবু আঃবাঙত কোৱা হৈছে। চৗঃদি মৗঃলৰ পৰাই ক্ৰমে - দৃঃলুং - লৃঃতুং-তুঃয়ৗ - য়ৗপৗ পৗদং-অৗচাৰ আদি বিৱৰ্তনমুখী বিভিন্ন স্তৰলৈ বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জাগতিক সৃষ্টি, শক্তি, দেৱতা, অপদেৱতাআৰু শেষত আদিম সন্তান আবুতানি’ৰ জন্ম হ’ল বুলি উল্লেখ কৰিছে। সেই সকলোবোৰ  তত্ত্ব গধুৰ বৰ্ণিল সাক্ষ্য মিবু আঃবাঙত দাঙি ধৰিছে। গতিকে দেখা যায় যে হিন্দু শাস্ত্ৰৰ আটাইতকৈ পুৰণি  বেদ উপনিষদত সৃষ্টি তত্ত্বৰ ৰহস্য যিধৰণে বৰ্ণনা কৰা হৈছে, সেই একে মতকেই মিবু আঃবাঙটো উল্লেখ কৰিছে। 


আগলৈ.......


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages