ঢেঁকীৰ মাতত বিহু আহে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

ঢেঁকীৰ মাতত বিহু আহে


 

ঢেঁকীৰ মাতত বিহু আহে


নৱজ্যোতি বৰা


     ঢেঁকী এটা সময়ত আমাৰ অসমীয়া চহা সমাজ জীৱনৰ লাগতিয়াল সম্পদ। আজিৰ পৰা কিছু বছৰৰ আগলৈকে ঢেঁকীৰ কথা বাদ দি অসমীয়া জাতীয় জীৱনৰ সমাজিক চিএ অংকন কৰটো সুদূৰপৰাহত আছিল। তাহানিত আজিৰ দৰে ধান বনোৱা বা অন্য কামৰ বাবে কল-কাৰখানা গ্ৰাম্য সমাজত নাছিল আৰু তেতিয়া পুৱা-গধূলি ভাতমুঠিৰ বাবে চাউল খুনিহে যোগাৰ কৰাৰ পৰা আৰম্ভ কৰি পাকঘৰৰ সিংহভাগ কাম ঢেঁকীশালৰ জৰিয়তে কৰা হৈছিল। বছৰৰ বিহুটোৰ বাবে সকলো ধৰণৰ চাউল ঘৰৰ ঢেঁকীশালখনতে উলিয়াই লব লাগে ঘৰৰ জীয়ৰী-বোৱাৰীহঁতে। সেয়া লাগিলে মাঘ বিহু বা ব'হাগ বিহু হওক। বিহু বোলি ঘৰৰ জীয়ৰী-বোৱাৰীহঁতে  এক মাহৰ পূৰ্বৰে পৰা ঢেঁকীৰ শব্দই দোভাগ নিশা মায়াময় কৰি তোলে গোটেই চুবুৰি।

     অসমীয়া মানুহৰ ঘৰত ঢ়েঁকীশাল এক স্বাভিমান তথা আত্মসন্মানৰ প্ৰতীক ৰূপে গণ্য কৰা হৈছিল। ঢেঁকী সাধাৰণতে শাল কাঠাৰে নিৰ্মাণ কৰে। যদি শাল কাঠ নাথাকিলে ইয়াৰ সমপৰ্যায়ৰ টান কাঠৰে ঢেঁকী নিৰ্মাণ কৰা হয়। ঢেঁকী সাজিবলৈ প্ৰায়  ছয়- সাঠ ফুট দৈৰ্ঘ্য আৰু আঢ়ৈ ফুট ব্যাসাৰ্ধৰ গোটা সজীয়া কাঠৰ প্ৰয়োজন। দৈৰ্ঘ্য অনুপাতে ঢেঁকীৰ সন্মুখৰ ফালে সামান্য ডাঙৰ আৰু পাছফালৰ পিনে সৰু কৈ চাঁচ মাৰি ঢেঁকীটোৰ মূৰৰ ফালৰ পৰাহে থোৰাৰ খোলনি  খোলা হয়। এই খোলনি সাধাৰণতে গোলাকাৰ। আনহাতে, ফিছাফালৰ পৰা ডেৰমান জোখত থোৰাৰ বিপৰীত সুকীয়াকৈ মালধৰাৰ খোলনি দিয়ে। এই ফিছাৰ খোলনি দিয়াৰ পূৰ্বে অভিজ্ঞ মহিলাই ইয়াৰ সন্মুখৰ অলেখ ওজনৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিওি কৰি মালধৰাৰ খোলনিৰ জোখ দিয়ে। কাৰণ ফিছাৰ মালধৰা খোলনিৰ ওপৰতে ঢেঁকীটোৰ খুবলিত পৰা জোৰটো নিৰ্ভৰ কৰে। ফিছাৰ ফালে মাৰধৰাৰ খোলনিটো ঢেঁকীটোৰ মুঠ দৈৰ্ঘ্যৰ পৰা দুই মুৰে দিয়া থোৰা-মালধৰাৰ খোলনিৰ জোখত বিজুতি ঘটিলে ঢেঁকীটো হয় পাতল হ'ব নহলে ওজন হ'ব। ঢেঁকীৰ থোৰা খোলনিৰ সমান্তৰালকৈ ইয়াৰ ফিছাৰ কতৰাযোৰৰ উচ্ছতা, আৰু ঢেঁকীৰ ফিছাৰ খলিটোৰ গভিৰতাৰ জোখৰ ওপৰতো ঢেঁকীশালৰ জুতি নিৰ্ভৰশীল। সাধাৰনতে ঢেঁকী এটাৰ ওজন ২০ ৰ পৰা ২৫ কিলোগ্ৰাম হব লাগে। তাতোতকৈ উজন অধিক হ'লে ঢেঁকীৰ চাব নহবে। ঢেঁকীৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰি ঢেঁকীটোৰ দুয়োকাষে এযোৰকৈ মুঠ চাৰি টা কতৰা ব্যৱহাৰ কৰা হয়। ঢেঁকীৰ  তথা ঢেঁকী দিওতাৰ ওজনৰ উপৰত ভৰ লৈ শিলৰ বা কাঠৰ খোৱলিত ঘৰ্ষণ কৰাৰ বাবে থোৰাটোত যি কঠিনতাৰ প্ৰয়োজন হয়, সেই অনুসাৰে যিমান কাঠ টান হয় সিমানেই দিন যায়। থোৰা সাধাৰণতে দুই ধৰণৰ দেখা যায়। এবিধ বাঁহৰ আলুৰ দ্বাৰা নিৰ্মিত, আনবিধ কাঠৰে। কাঠৰ থোৰাটোক মতা থোৰা আৰু বাঁহৰ থোৰাটোক মাইকী থোৰা বুলি কোৱা হয়। কাঠৰ থোৰাৰ মূৰত লোৰ এক বেৰি বা ঘোৰা দিয়া হয়, যাতে ই শিলৰ বা কাঠিন কাঠৰ খোৱলি ঘৰ্ষণ হৈ অনিষ্ট নহয়। তানহাতে, বাঁহৰ থোৰাটোত বেৰি নলগায়। অসমীয়া সমাজত পচলিত হৈ থকা জা-জলপান, সান্দহ, পিঠাগুড়ি, কড়াইগুড়ি, চিৰা ইত্যাদি খুন্দাত কাঠৰ মথা থোৰাটোহে ব্যৱহাৰ হয় । ঢেঁকীৰ থোৰা, কতৰা লগতে আৰু দুবিধ সঁজুলি ব্যৱহাৰ হয় - আগকতৰা আৰু বোৱনী।

    অসমীয়া বিহুৰ এক এৰাব নোৱাৰা সম্পদ হ'ল ঢেঁকী। যিমানেই আধুনিক বিজ্ঞানৰ আৱিষ্কাৰে গাৰ্হস্থ্য জীৱনৰ যন্ত্ৰপাতি নুলিয়াওক কিয়, ঢেঁকী অবিহনে বিহুটি উৰুঙা লাগে। অসমীয়া জাতীয় ঐতিহ্যৰ প্ৰতীক ঢেঁকী আৰু ঢেঁকীশাল। শক্তিৰ প্ৰতীক, সংস্কৃতিৰ প্ৰতীক। যাৰ বাবে অসমীয়া জাতীয় জীৱনৰ প্ৰতিটো উপাদানৰ সৈতে ঢেঁকীৰ সম্পৰ্ক নিবিড়। কাৰ্যতঃ কেইটামান দশকৰ আগলৈ ঢেঁকীশালৰ অবিহনে গ্ৰামাঞ্চলৰ জীৱন হৈ পৰিছিল স্থবিৰ। সেয়ে ঢেকীৰ অৱদান, অসমীয়া কলা-সংস্কৃতি, গীত-মাত, সাহিত্য সকলোতে ঢেঁকীয়ে লাভ কৰে আগস্থান।  

এনেদৰে অসমীয়া লোক সংস্কৃতিত ঢেঁকী আৰু ঢেঁকীশালে বিশেষ স্থান দখল কৰাৰ ফলত অসমীয়া সমাজখনে বিজ্ঞানৰ ন ন আবিষ্কাৰ গ্ৰহণ কৰিছে যদিও ঢেঁকীৰ সমাদৰ কমা নাই। ঢেঁকীশালৰ ব্যৱহাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে কমি আহিছে যদিও সাংস্কৃতিকভাৱে ঢেঁকীৰ স্থান কোনোধৰণৰ ইফাল-সিফাল হোৱা নাই বুলি ক'ব পাৰি। ঢেঁকীক লৈ অতীতৰে পৰা যি জনবিশ্বাস, কিংবদন্তি, লোকাচাৰ তথা ফকৰা যোজনা, গীত -মাত চলিআছে সেয়া আজিও ৰাজ্যৰ বিভিন্ন অঞ্চলত কম-বেছি পৰিমাণে ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰি আহিছে।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages