মাতৃত্ত্বৰ অস্ফুট সম্পৰ্ক
ৰেজিয়া চৌধুৰী
গুৱাহাটী
জীৱনৰ কত যে বসন্ত…. কাল ধুমুহা হৈ তাইৰ বুকুৱেদি পাৰ হৈ গ'ল…. তাৰ খতিয়ান কেতিয়াও কাৰো ওচৰত দাঙি ধৰা নাই।
যিকোনো পৰিস্থিতিতে নিজকে প্ৰতিষ্ঠিত কৰিবলৈহে মাথো তাই নিজৰ স্থিতিতে অটল।
প্ৰতিদ্বন্দ্বী জীৱনৰ পথত হেঙাৰ স্বৰূপ হেজাৰ দুখ বেদনাকো নেওচি অদম্য সাহসেৰে যিকোনো পৰিস্থিতিৰ লগতে যুঁজি গৈছিল।
দুটি টোপোলাক বুকুত সাবটি নিত্যনৈমিত্তিক কৰ্ম ব্যস্ততাৰে দিন অতিবাহিত কৰি আহিছে।
সৰহভাগেই তাইৰ জীৱনত দুখ থাকিব বুলি জানি তৎসত্ত্বেও তাই প্ৰস্তুত… আজীৱন মাতৃত্ত্বৰ দুটিকৈ টোপোলাৰ গধুৰ বোজা বুকুত বান্ধি অহৰহ কঢ়িয়াই ফুৰিবলৈ। তাইৰ সমস্ত পৃথিৱীখন তাহাঁতৰ লগতে সাঙোৰ খাই আছে।
কাৰণ তাই জানে - এক বুজাব নোৱাৰা সম্পৰ্কত বান্ধ খাই আছে তাই…. দুটি বিকলাঙ্গ সন্তানৰ মাতৃত্ত্বৰে।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment