মটৰ গাড়ী
জুৱেল পেগু
গুৱাহাটী
পেডেল এৰাই যোৱা চাইকেলখন চলাই সৌসিদিনালৈকে মুদবৰে দৈনিক মাছ বেচিবলৈ জনাই বজাৰলৈ গৈছিল চাইকেলৰ কেৰিয়াৰত থেকেঁচা খোৱা এলুমিনিয়ামৰ ঘটিটো পুৰণা ৰবৰ টিউবেৰে বান্ধি। জনাই বজাৰৰ চুপাৰ মাৰ্কেটৰ কোণত থকা অলুমৰ হোটেলৰ তক্তাত বহি চিঙৰা-চাহ খাই ঘৰলৈ উভতি যোৱাৰ সময়ত পেডেল লগাব দি থাকোঁতে ল’ৰাটোৱে ক’লে – পিতাই খৰচ কৰি পেডেল লগাব নেলাগে আৰু। মই মটৰ গাড়ী কিনিছোঁ।
শুনিছোঁ অলুম কাইয়ে চাহ দোকান নিদিয়ে আৰু। এইবাৰ এম এ চি ইলেকচন খেলি কাউন্সিলৰ হ’ব। অলুম কাইয়েও মটৰ গাড়ী চলাব। মটৰ চকাৰ গতিশীলতাৰ ভাঁজত ৰাইজৰ হেজাৰ সমস্যাক আগুৱাই নিব।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment