নিঃস্বার্থ মৰম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

নিঃস্বার্থ মৰম

 


নিঃস্বার্থ  মৰম


                     ভাস্কৰ কলিতা

                           যোৰহাট


যান্ত্ৰিক এই পৃথিৱী আজি 

কাৰো যে সময় নাই 

হাহাকাৰ আজি নিঃস্বার্থ  মৰম বিচাৰি

সমন্ধবোৰৰ আঁৰত যে  থাকে নিজ কামনা

সৌন্দর্যতা, অৰ্থ, যৌনতা য়ে যে মৰমৰ ভেটি আজি

নিঃস্বার্থ  মৰম যে হাবিয়াস  সকলোৰে

হতাশাগ্রস্ত হৈ সকলো যে জিৰণি পায় তোমাৰ আঁচলত

তুমি যে অপ্ৰকাশিত, অবৰ্ণনীয় 

পৃথিৱীৰ সকলো বৰ্ণ, ভাষা শক্তিহীন

তুমি যে সৰ্বশক্তিমান

পৃথিৱীৰ সকলো শক্তি তোমাৰ ওচৰত ৰুদ্ধ 

তুমি যে পৃথিৱীৰ শ্রেষ্ঠ যোদ্ধা

সঁচাকৈ মা তুমি অতুলনীয়

পৃথিৱীৰ সকলো সমন্ধৰ শ্ৰেষ্ঠ তুমি

 মুখ দেখিলেই গহ্বৰৰ দেখা ঐশ্বৰিক শক্তি তোমাৰ

মৌনতাৰ আঁৰত থকা কোলাহল

হাঁহিৰ আঁৰত থকা দুখবোৰ

তুমি পলকতে অনুভৱ কৰা

সমস্ত দুখ যন্ত্ৰণাবোৰ যেন তুমিয়ে কাঢ়ি লবা

সঁচাকৈ তোমাৰ সমান কোনো হ'ব নোৱাৰে

তুমি যে  শ্রেষ্ঠ বন্ধু,শ্রেষ্ঠ প্ৰেমিকা

পৰিশোধ কৰিব নোৱাৰা ঋণ তোমাৰ ওচৰত

ঋণ  পৰিশোধ কৰাতো দুৰৰ কথা

এটা হাঁহি দিব পৰাটোৱেই সুভাগ্য 

সকলো চিৰজীৱন তোমাৰ ওচৰত ঋণী


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages