স্মৃতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

স্মৃতি

 


স্মৃতি


              অৱনী মিলি


মই জানো

মোৰ জীৱনৰ আঁহ বোৰ

ছিগি যোৱা মনৰ সুতাবোৰ

কেতিয়াও যোৰা নাখায় ৷

তুমি আহিছিলা এদিন


মোৰ জীৱনলৈ

তোমাৰ নিজৰ ঘৰখন এৰি

বুকুত মৰমৰ টোপোলা লৈ,

টোপোলা খূলি দুয়ো

ভগাই  লওঁতে  হঠাৎ 

তোমাৰ ঊভতি যাবৰ হ’ল।


তোমাৰ  এষাৰি  মাতত 

মোৰ জীৱনটোকো দিবলৈ

সাজু আছিলো মই, কিন্তু

তুমি মোক এৰি যাবলৈ

ওলোৱা সময়ত মই কিয়

তোমাক নোৱাৰিলো‌ৰাখিব ?

সপোন আছিল মোৰ

জীয়াই থকাৰ

একেলগে তোমাক লগত লৈ,

বহু মৰম আছিল তোমাক দিবলৈ।


কালৰ কলপাত এখিলাত

মোৰ জীৱনৰ কল্পনা পিচলি গ’ল,

হুমুনিয়াবোৰ টোপ্ টোপ

নিয়ৰৰ টুপাল হৈ ৰ’ল।


উলিয়াই পেলাব

নোৱাৰিলো

তুমি  মোৰ কলিজাত

ৰুই থৈ যোৱা

মৰমৰ ফুল গছ জোপা,

ঢাকি থ’ব নোৱাৰিলো

দুচকুত  বৈ  থকা 

এধাৰি লোতক।


তোমাৰ মোৰ মৰমৰ

স্মৃতি বোৰ

উলমাই  ৰাখিলো

ঘৰৰ বেৰত,

কেৱল এখন ফ’টোত

বন্দী কৰি থৈ।

থাকিলো মই অকলে

তোমাৰ ফ’টোলৈ

বাৰে বাৰে চাই,

মনৰ কান্দোন বোৰ

চকুপানীৰে  জীয়াই।।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages