ব’হাগ আহি পালেহি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

ব’হাগ আহি পালেহি

 


ব’হাগ আহি পালেহি


                                 প্ৰিয়ংকা চমুৱা

                       ঢকুৱাখনা, লখিমপুৰ 


কুলিৰ মাতত জাননী দি

ফাগুনী বাটেৰে চ'তৰ বৰদৈচিলা গৰকি 

ব'হাগ আহি পালেহি

 কপৌ পাহিৰে

 নাচনীৰ খোপাটি শুৱনি কৰো বুলি।


চোতালৰ হুঁচৰিৰ ৰঙীন ক্ষণত

ঢুলীয়া ডেকাৰ ঢোলৰ মাতত 

ন'কৈ সপোন ৰচে নাচনীয়ে...

ফুলাম গামোচাৰ ভাঁজত চেনাইক

মৰম যাচে এই ব'হাগতে।


গছে বনে সেউজী ৰঙ সানি

গীত গায় যেন মধু মিলনৰে

এই ব'হাগতে হৃদয়ৰ সকলো মৰম উজাৰি

মোৰ নাচনী জনীৰ কপালত আঁকি দিমগৈ যেন

 সেন্দুৰেৰে এটি ৰঙা জোন।


মোৰ হেপহুৱা কলিজা ব'হাগী আবেগত কঁপে 

সেন্দুৰ ৰঙী হিয়াৰ ভালপোৱা আঁকোৱালি

মোৰ পদুলিৰ নাহৰ গৰকি 

জোন যেন মুখখনিত 

ভালপোৱাৰ গোলাপী আভা সানি

তাই বাৰু আহিবনে ব'হাগী বোৱাৰী জনি হৈ...!!!


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages