ৰঙা
হিমাংশু শইকীয়া
সেই প্ৰেমিক চৰাইটিয়ে বাৰু
কি ৰং সানিছে গাত ?
সি জানো দেখিছে মদাৰৰ ৰং যে ৰঙা।
তুমি দেখা সপোনতোৰ ৰঙো ৰঙা নেকি
চিত্ৰলেখাই আঁকি দিয়া ছবি খনৰ দৰে।
ফাগুন জানো ইমান ৰঙা ?
এজন সৈনিকৰ তেজ যি চকু চাত মাৰি ধৰে
অথবা ৰাধাৰ হাতত অস্তিত্ব হেৰুৱা ফাগুকনৰ সমান।
চাহত চুমুক দিয়োতে গ্লাচত ৰৈ যোৱা তোমাৰ লিপিষ্টিকৰ সমান
যাৰ স্পৰ্শত উপজে হাজাৰ বাৰ্তালাপ
য'ত সেই বাৰ্তালাপৰ ৰঙো ৰঙা।
ৰমিয়্য়ে জুলিয়েটৰ হাতত সানি দিয়া নেইপলিছো
টিকটিকিয়া ৰঙা
আৰু সিহঁতৰ মৃত্যুত শুকাই যোৱা চিয়াঁহীৰো।
ৰঙা ঘৰত সোমোৱা মানুহবোৰৰ জীৱনটো ৰঙা
নেতাৰ ৰতিবোৰ ৰঙা কৰিবলৈ পকেটত সোমোৱা টকাবোৰো
ৰাস্তাৰ চুকত পৰি থকা পিকবোৰো
মন্দিৰৰ কাষত ৰৈ থকা ভিক্ষাৰীৰ চকুজুৰি
ধৰ্ষিতা নাৰীৰ কাতৰ চিঞৰবোৰো
দেৱীৰ মুৰ্তি সাজিবলৈ অনা বেশ্যালয়ৰ পদুলিৰ মাটিকনো ৰঙা
তেতিয়া বাৰু ৰঙাই দুখ কৰে নে
কিয়বা হ’লো বুলি ৰঙা।
তোমাৰ ওঁঠত অস্ত যোৱা আবেলিটো ৰঙা
আমাৰ অনুভৱখিনিৰ নামো মই ৰঙা দিম।
সহজতে চকুত পৰা সকলো বস্তু ৰঙা
কিন্তু আমি লুকুৱাই ৰাখিব বিচাৰো তাৰে অলপ।
কেতিয়াবা ভাবিছোঁ, এইবোৰ যদি নহয় ৰঙা
তেতিয়াও বাৰু এইবোৰৰ ৰং হ’ব নে ৰঙা ?
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment