মই কিয় জুই হওঁ এই কথা নাজানা তুমি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

মই কিয় জুই হওঁ এই কথা নাজানা তুমি

 


মই কিয় জুই হওঁ 

এই কথা নাজানা তুমি


নীলিম কুমাৰ 


তুমি থাকা বৰফাঞ্চলত

তোমাৰ ঘৰৰ চোতাল থাকে বৰফেৰে ভৰি। তোমাৰ ঘৰৰ চাল বৰফেৰে বগা। তোমাৰ চহৰৰ গছগছনিৰ ডাল- পাত থাকে বৰফৰ ভৰত হাউলি।

আৰু তুমি থাকা ঠেৰেঙা লাগি ইমান ঠাণ্ডাত ....

তোমাৰ উলৰ হাতমোজাজোৰে

তোমাৰ আঙুলিৰ ঠেৰেঙা আতৰাব নোৱাৰে দেখোন….


সেয়ে তোমাক তাপ দিবলৈ

মই একুৰা নুনুমোৱা জুই হওঁ

যাতে তুমি খুলি থ’ব পাৰা

তোমাৰ হাতমোজাজোৰ !

কাৰণ হাতমোজা পিন্ধি

কবিতা লিখা নোৱাৰি ....


আহা চৌকাৰ কাষলৈ আহা

হাতমোজা খুলি…


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages