বসন্তৰ ফুল
টম মেদক
স্মৃতিয়ে কথা কয় - মই কেৱল উচুপি থাকোঁ
মুখচোকা ৰাংঢালী ছোৱালীজনী
ভঙা আইনাখনত পোহৰ পেলায়, আনক
নহয় আকৌ মোকেই জোকাব
নৈখনৰ আধৰুৱা দলঙৰ ছিৰিত বহুৱাব
আৰু মোৰ দুচকু জিলিকাই ঘাটৰ কোণত ডুবি থকা
টুলুঙা নাওখন পাৰলৈ উঠিব
এটি কাবানৰ লহৰত গোটেই গাঁওখন
ইছাত-বিছাত কৰিব
স্মৃতি মোৰ তেজৰ ফুল
ফুলি ফুলি সৰি সৰি
কি যে আপদীয়া বসন্তৰ ফুল।
No comments:
Post a Comment