ব’হাগ সৌন্দৰ্যৰ সমাহাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

ব’হাগ সৌন্দৰ্যৰ সমাহাৰ

 


ব’হাগ সৌন্দৰ্যৰ সমাহাৰ


দীপ্তি ঠাকুৰ গোস্বামী

নগৰ হাভেলি আৰু দমন


    ফাগুনৰ এচাটি মৃদু বতাহৰ কোমল স্পৰ্শত হালধীয়া তলসৰা পাতৰ এজাক বৃষ্টিৰ প্লাবন নামিল। নাজানো এইয়া বিষাদ নে আনন্দ নে নতুনত্বৰ এখন চানেকি। ফাগুনে অংকন কৰা নক্সাখনে গুপুতে গুপুতে আনে এজাক কোমল মলয়াৰ মধুৰ সংগীতৰ লহৰে লহৰে আৰু ঋতুৰাজৰ আলিংগনৰ সুন্দৰ ৰূপ পাই ধৰিত্ৰীয়ে। ফাগুনে আঁকি যোৱা লঠঙা গছত ঋতুৰাজ বসন্তৰ আগমনৰ বতৰা পাই সেউজীয়া সাজ পিন্ধাত সপোন বিভোৰ হয় ধৰিত্ৰী। ফাগুনে সিঁচি দিয়া পখি বসন্তৰ পৰশত শস্য শ্যামলা ৰূপেৰে মোহময়ী হ'ব ধৰিত্ৰী। গছৰ ডালে-ডালে ফুলে-ফলে জাতিষ্কাৰ হোৱা সুন্দৰ ধৰিত্ৰীখনত পৰিভ্ৰমী চৰাইবোৰ উৰি-উৰি আহিব দূৰ দিগন্তৰপৰা সুন্দৰতাৰ সোৱাদ বিচাৰি। ধৰিত্ৰী হ'ব ষোড়শী গাভৰু। গছৰ ডালে-ডালে চৰাইৰ মধুৰ গুঞ্জন, সুৰৰ ৰাগিনী তুলি মানৱৰ মনবোৰ আনন্দৰে ভৰাই তুলিব। নিজান ৰাতি মৌ- মাতৰ মধুৰ কণ্ঠত উন্মনা কৰিব আৰু কেতেকীৰ বিননিত হিয়াবোৰ কঁপিব দুৰু-দুৰুকৈ। বসন্তৰ বতৰা পাই পাহাৰৰপৰা বৈ আহিব জিৰ জিৰকৈ জুৰিটি আৰু এজাক অমৃতৰ স্রোত বৈ আহিব। সেউজীয়া পথাৰৰ বুকুত আশাবোৰ ঠন ধৰি উঠিব। ব'হাগৰ বতৰা পাই খেতিয়কৰ সপোনবোৰ সোণালী দিশে আগবাঢ়িব।


    নানা ৰঙৰ ফুলৰ সমাহাৰৰ লগতে ভাটো, কপৌ ফুলৰ সৌন্দৰ্যই ৰূপত ৰহন চৰায়। সঁচাকৈয়ে ব'হাগ সৌন্দৰ্যৰ ৰাণী। মোহময়ী ধৰিত্ৰীৰ ৰূপত আমি যেন উন্মনা হওঁ। তন্ময় হওঁ ভাব সাগৰত। কি অপৰূপ, কি মোহময়ী সৌন্দৰ্যৰ এক মিঠা ছবি। ব'হাগৰ বতৰা পাই নানা ৰঙৰ ফুলে মালঞ্চ শুৱনি কৰিব। মালতীয়ে বিলাব সুগন্ধি। কি যে প্ৰকৃতিৰ মঞ্জিমা। সপোন মালিতাত বিভোৰ আমি। ব'হাগৰ বতৰা পাই ধীৰ-স্থিৰ গতি সলনি কৰি কৰি কঁহুৱাৰ নাচোনত চঞ্চলা হৈ পৰিব বোৱতী নদী।


   ব'হাগৰ বতৰা পাই আমাৰ জাতীয় উৎসৱ বিহুৰ সাত দিন ৰং-ৰহইচেৰে ভৰি পৰিব। আমোদ-প্রমোদৰ চিত্ৰৰ মাজত বিহুতলীত ডেকা-গাভৰুৱে নৃত্য কৰিব। ঢোল, পেঁপা, সুতুলি, গগনাৰে মুখৰিত হ'ব; কি যে আনন্দমুখৰ পৰিৱেশ। ডেকা-গাভৰুৰ যৌৱনোচ্ছলৰ আনন্দত সেউজীয়া সপোনবোৰ সাৰ পাই উঠিব। গাভৰুৰ নৃত্যত ঊৰ্বৰা হ'ব পৃথিৱী। খেতিয়কৰ সোণালী সপোনবোৰ বাস্তৱৰ পিনে গতি কৰি স্বৰ্ণাভ মুহূৰ্তলৈ অপেক্ষা কৰিব। ৰং-ৰূপহেৰে বসন্তই ৰঙৰ সুবাস ছটিয়াব- "অতিকৈ চেনেহৰ মুগাৰে মহুৰা অতিকৈ চেনেহৰ মাকো।

তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ।।"


প্ৰকৃতিৰ লগত বিহুৰ ওতপ্রোত সম্বন্ধ জড়িত হৈ আছে। সেয়ে ব'হাগ অহাৰ বতৰা পাই নানা ৰঙৰ ফুলৰ সমাহাৰেৰে ধৰিত্ৰী মোহময়ী ৰূপ-লাৱণ্যৰে ভৰি পৰে।


“আজি বিহু বিহু কালি বিহু বিহু নাহৰ ফুল ফুলিবৰ বতৰ।”


“চ'তে গই গই ব'হাগ পালেহি ফুলিলে ভেবেলী লতা।”


বিহুৰ বতৰত সমন্বয়ৰ এখন মিঠা চিত্রই আমাক চুই যায়।


“তোৰো মনে গ'লে মোৰো মনে গ'লে কি কৰিব জাতি কুলে।।”


আৰু সুধাকণ্ঠৰ গীতৰ মাজেৰে সমন্বয়ৰ চিত্ৰখন কি মধুৰ, এছাটি শান্তিৰ বা বলে হৃদয়ে হৃদয়ে।


“ব'হাগ মাথোঁ বিহুতলী নহয় নহয় ই নিশা ফুলা ফুল ব'হাগেই আনি দিয়ে সমদল গতি নেওচি জাতি-কুল ই প্রভেদক কৰেহি নাশ।”


ৰঙালী বিহু ৰং-ৰহইচৰ বাবেই নহয়। বিহু সংস্কৃতিয়ে আমাৰ অসমীয়া জাতিৰ পৰিচয় দিয়ে। বিহু আমাৰ সৃষ্টিৰ প্ৰেৰণা, জাতিৰ প্ৰেৰণা। বিহুৱে আমালৈ আনে আশাৰ বতৰা। সমন্বয়ৰ মিঠা এনাজৰী। ভিন্ন জাতি ভিন্ন উপজাতিৰ মাজত সৃষ্টি হয় মিলনৰ তীৰ্থভূমি। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ মাজেৰে কি যে মধুৰ চিত্ৰ এখন আমি অনুভৱ কৰোঁ-


“ব'হাগ মাথোঁ এটি ঋতু নহয় নহয় ব'হাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ই সাহ...।”


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages