জীৱন
অনুস্কা বৰ্মন
নলবাৰী
হেৰাই যোৱাবোৰৰ মাজত আকৌ
নতুনক বিচাৰোঁ,
যত সকলোবোৰ শেষ হয়
তাতেই আকৌ আৰম্ভণি কৰোঁ!
সময় সলনি হোৱাৰ লগে লগে
সকলো সলনি হয়,
কিন্তু কেতিয়াবা সকলো সলনিয়েই
সময়ক সলনি কৰে।
কেতিয়াবা নিজৰ মাজতে নিজক
বিচাৰি হাহাঁকাৰ কৰি উঠো,
ক'ত হেৰাই গল মোৰ অস্তিত্ব !
সূৰুযৰ আধানৰ দৰে উজলিব
খোজা মই,
সৰাপাতৰ দৰে কৰবাত
পৰি থাকিলো।
জীৱনটো বৰ আমনি লগে
মাজে সময়ে,
সকলো শেষ কৰি
নিজকো শেষ কৰিব মন যায়,
তেতিয়াই মনত পৰে
শেষ হ'লে চোন আকৌ আৰম্ভণি হ'ব !
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment