লুইতপৰীয়া
যতীন মিলি
ঐনিতমৰ এখনি গাঁৱৰ নাম লুইতপৰীয়া
সমুদৰেদি উজাই আহি ভাহি থাকে
মিতং, জাঁজী আৰু লাউজানত
কটাৰীখাম গড়ত প্ৰতিধ্বনি তুলি উভতি আহে
সেই সুৰৰ পানচৈ
ইতিহাসে কয়
ঘামৰ জুই জ্বলি সেউজীয়া হোৱা পথাৰৰ নাম লুইতপৰীয়া
ম'হ গুৱালৰ বাঁহীৰ মাতত সাৰ পোৱা গাঁওখনৰ নাম লুইতপৰীয়া
আৰু সেই বাঁহীৰ মাতত যেতিয়া গা সাতখন-আঠখন হৈ উঠে গাভৰু কনেংহঁতৰ
তেতিয়া খাগৰি কঁকালত পানী-কলচী লৈ গুণগুণাই গুণগুণাই গাই যায় পীৰিতিৰ গান
আলিমূৰ, মালা গাঁও, মুকালনি, ওপৰ শগুনপৰা, কুমাৰ গাঁও আৰু বৰমথাউৰিৰ পৰা জাকে জাকে অহা গো-ধনবোৰ
যেতিয়া আপোনপাহৰা হৈ চৰি থাকে
তেতিয়া চালে-চকুৰোৱা হৈ পৰে নাহৰ, জৰীগুৰি আৰু আন্চিং পুখুৰীৰ পাৰ
গা-ভাৰী আঘোণৰ পথাৰত সৃষ্টিশীল নৃত্য কৰি যেতিয়া ভঁৰালমুখী হয় মনৰ বিৰিয়াই
তেতিয়া নৈপৰীয়াৰ মহঙা মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙে
আৰু সেই হাঁহিৰ পোহৰ মুকুতা মনি হৈ জিলিকে টিপাশালত
এশ এটা বন দৰৱৰ মৌ-সনা সাধুৰে
কথাৰ হাঁচটি মেলে আই-পিতায়ে
কঙালত চকুপানীৰে কজলা হোৱা জুহালখন হৈ পৰে ভোগৰ মেলা
লুইতপৰীয়া
বৰলুইতৰ বুকুত গজি উঠা প্ৰাচীনতম সভ্যতা
কাবান এটি হৈ বাজি থকা মহাবাহুৰ অন্তহীন গান
কিম্বা পিতাইৰ হাতৰ তলুৱাত ঢৌ-ফুঠা ছেঁও দিয়া কৰতৰ ৰাগ
লুইতপৰীয়াৰো আছে কনকময় কথকতা অথবা বিষাদময় ইতিহাস
বছৰে পতি অহা বৰলুইতৰ বলিয়া বানত সলনি হয় ইয়াৰ ভৌগলিক বেলি
পিতাইৰ ঘৰ্মবৃষ্টি সৰি সেউজীয়া হোৱা পথাৰবোৰত
মদমত্ত হাতীয়ে মাৰে মৰণা
তথাপি-
বাওকা ভঙা হৃদয়ৰ জোপোহনিত বহি সপোন ৰচে আই-পিতায়ে
লুইতৰ স্বচ্চ দাপোণত প্ৰতিনিয়ত লিখিব খোজে
জীৱনৰ নিটোল আখৰ…
No comments:
Post a Comment