বসন্তৰ ডেউকা গুঁজি…
ইলামণি শইকীয়া
বহুদিন মোৰ চহৰলৈ বসন্ত অহা নাই,
জানো, বসন্ত নহা চহৰত
জীৱন উদ্যাপনৰ কোনো উন্মাদনা নাই।
সেই সময়বোৰ বেলেগ আছিল
আহো নাহোকৈ ৰৈ থকা বসন্তক
পিতাইৰ তামোল বাৰীৰ লিহিৰি কপৌফুলে
আকুল-ব্যাকুলে আদৰি আনিছিল।
অকণিহঁতৰ জেতুকা জোপাইঅভিমানী নাচনীৰ হাতত
সপোনৰ বুটা বাচিছিল।
ঢোলত চাপৰ পৰিল কি নপৰিল
তিহ্তি তিহ্তি পেঁপাটি বাজিল কি নাবাজিল
নাচনীৰ বুকুত সাত সমুদ্ৰৰ ঢৌ উঠিল,
কঁকালত পাৰভঙা আৱেগৰ যৌৱন জাগিল।।
বহুদিন মোৰ চহৰলৈ বসন্ত অহা নাই
বহুদিন মই মোক বিচাৰি চোৱা নাই।
চহৰৰ চকু চাটমৰা পোহৰত ক’ৰবাত ধূসৰ হোৱা গাঁৱখনলৈ আগতীয়াকৈ বসন্ত নামিছে।
বসন্তৰ ডেউকা গুঁজি উৰি ফুৰা গাঁৱখনে মোৰ সামাজিকত অগাডেৱা কৰি আছে।
(চহৰৰ হেল’জেন লাইটৰ পোহৰকণতেই আমাৰ দৰে পৰিব্ৰাজকৰ খোজবোৰ যে ৰৈ যায়!)
মাকৰ ঘৰলৈ যোৱা বৰদৈচিলাজনীয়ে
শিলৰ সময়ত কৰাঘাত কৰি আছে নিৰন্তৰ
হেজাৰটা ব’হাগ সামৰি নিজৰ পৰা নিজক বিয়োগ কৰা মানুহবোৰে
হেপাঁহৰ ঢৌত খৰ বাগৰ মাৰিবলৈ অচিলা বুটলিছে
সম্ভৱতঃ এইবাৰ মেটমৰা সুৰৰ ভাৰ লৈ বসন্ত নামিবহি মোৰ চহৰত...
শিপাই যে মাটিকেই ধিয়াই অহৰহ!
No comments:
Post a Comment