কিতাপ এখন লিখি আছোঁ…
আগমনি ফুকন শইকীয়া
‘জীৱনটো এখন কিতাপেই’
আন্ধাৰৰ পৰা পোহৰলৈ
অথবা পোহৰ বিচাৰি আন্ধাৰলৈ গতি কৰাৰ যাত্ৰা
এইয়াই এখন কিতাপৰ বতৰা…
পৃষ্ঠাবোৰ ভৰি থাকে
মান-অভিমানেৰে
মৰম-চেনেহেৰে
ঠগ-প্ৰবঞ্চনাৰে
কিছুমান মিছা অহংকাৰেৰে
(অহংকাৰবোৰ আচলতে একোৰেই প্ৰতীক নহয়)
কিতাপ এখন কেতিয়াবা জুই হৈ উৰে
কেতিয়াবা পানী হৈ তৰে
কিতাপ - লেখকৰ ভোক
আঁতৰাই জীৱনৰ শোক
জীৱন এখন চলন্ত বাছৰ নাম
বুদ্ধই বিচাৰিবলৈ কোৱা ঘৰখনো
কিতাপৰে এটি সামান্য অংশ
এই অংশটোৰ বাবে
কোনো পূৰ্ব প্ৰস্তুতি নাথাকে বা নাথাকে কোনো আয়োজন
জীৱনৰ ধামখুমীয়াত
জ্বলি থাকে বন্তিগচি
ভঁৰাল ভৰ্তি অভিজ্ঞতা
আৰু সেইবোৰকে লৈ গৈ থাকিব পাৰি
শিকি থাকিব পাৰি
আৰু এৰি আহিবও পাৰি
এনেদৰেই জীৱন নামৰ কলমটোৱে লিখি গৈ আছে
‘এখন কিতাপ’
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment