দুই লাখ টকীয়া সপোন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

দুই লাখ টকীয়া সপোন

 


দুই লাখ টকীয়া সপোন 


নবীন চন্দ্ৰ মেধি 

গোলাঘাট


ৰতে আজি কিছুদিনৰ পৰা এটা সপোন দেখা পাই ৰাতি ৰাতি টোপনি খটি কৰিবলৈ আৰম্ভ কৰিছে। সুন্দৰ সপোন, হয়, অতি সুন্দৰ সপোন। 


বিগত ৪৩ বছৰ তাৰ জীৱনৰ পৰা কেনেকৈ পাৰ হৈ গ'ল সি যেন গমেই নাপালে। তাৰ মূৰৰ ওপৰেৰে শৈশৱ কৈশোৰ যৌৱন সকলো পাৰ হৈ গ'ল। এতিয়া সি আদহীয়া মানুহ। আৰু দুটামান বছৰ পাৰ হ'লে নামঘৰলৈ গৈ ভকতৰ লগত বহি জাহাজী কল খোৱাৰ বয়স পাবৰ হ'ল। 


কিন্তু আজিলৈকে তাৰ জীৱনটো থিতাপি নালাগিল। লগৰ বন্ধু বৰ্গ ক'ৰ পৰা ক'লৈ গ'ল, সি কিন্তু একে ভাগেই থাকিল। সেই তাহানিৰ সহজ সৰল চুটি চাপৰ ধনৰ অভাৱত কোঙা হৈ পৰা কিন্তু গল্প  কবিতা পঢ়ি আৰু লিখি ভাল পোৱা শৰৎ চন্দ্ৰৰ যেন কোনো পৰিবৰ্তন নহ'ল। 


গল্প কবিতা প্ৰৱন্ধ উপন্যাস আদিৰ মাজত সি নিজকে সমৰ্পিত কৰাৰ পণ লৈছিল। জীৱনত কৰিব লগা বহুত কামৰ মাজতে সাহিত্য সাধনা অন্যতম। তিনিটা দশক আগৰ পৰাই সি কিতাপৰ প্ৰেমত পৰিছিল। পঢ়িছিল যেনেকৈ ঠিক সেইদৰে লিখিবলৈও চেষ্টা কৰিছিল।


সি সপোন দেখিছিল। শৈশৱতে যিদৰে চাইকেল চলোৱাৰ সপোন দেখিছিল, ঠিক সেইদৰে চেঙেলীয়া বয়সত বাইক চলোৱাৰ সপোন দেখিছিল। যৌৱনত দেখা সপোনবোৰৰ সফল পৰিসমাপ্তি ঘটা নাছিল। কিয় জানেনে ?  জীৱনে বৰ বেয়াকৈ ঢৌকা দিলে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত সি সপোনৰ পিছে পিছে একুৰি বছৰ দৌৰি ফুৰিছিল। কিন্তু সফল হ'ব পৰা নাছিল। বিগত তিনিটা বছৰে সি সেই সপোনৰ পিছে পিছে ফুৰিবলৈ বাদ দিছিল। শিক্ষকতাৰ বৃত্তিৰে জড়িত হৈ জীৱন পাৰ কৰাৰ সপোন দেখিছিল। কিন্তু সেই আশাত চৰকাৰে চেঁচা পানী ঢালিলে। 


পাঁচ বছৰ আগতে সি স্কুটি এখন লৈছিল। এইবাৰ কোম্পানীৰ কাম কৰিবলৈ সহজ হ'ব পাৰে বুলি কল্পনা কৰি ভালদৰে আগবাঢ়িছিল। পিছে এইবাৰো ব্যতিক্ৰম নহ'ল। সি কাম কৰা ৰিয়েল ষ্টেট কোম্পানী চৰকাৰে  বন্ধ কৰি দিলে। আকৌ নিবনুৱা হৈ পৰিছিল সি। 


দুবছৰ অনাই বনাই ঘূৰি ফুৰিছিল সি। তাৰ পিছত আৰম্ভ কৰিলে আন এটা ব্যৱসায়। দোকানৰ ব্যৱসায়। কেইদিনমান ভালকৈ চলিল। তাৰপিছত আকৌ নচলা হৈ পৰিছিল।


এইবাৰ সি কাঠফুলাৰ খেতি কৰাৰ সপোন দেখিছিল। এয়া তাৰ বাবে এক বৃহৎ সপোন। দুই লাখ টকীয়া সপোন। চৰকাৰে কিছুমান আঁচনি প্ৰস্তুত কৰিছে আৰু শিক্ষিত নিবনুৱা সমস্যা সমাধান কৰিবলৈ চৰকাৰে চেষ্টা কৰিছে। দেখা যাওক এইবাৰ তাৰ এই সপোন সঁচা হয় নে নহয়।


কালি কৃষি বিভাগৰ মুৰব্বী বিষয়াৰ তৰফৰ পৰা এটি সাক্ষাৎকাৰ আহ্বান জনোৱা হৈছিল। গতিকে দেখা যাওক শৰতৰ এই দুই লাখ টকীয়া সপোনে পূৰ্ণাংগ ৰূপ পায় নে নেপায়। সি আশাবাদী। চৰকাৰে যদিহে সহায় কৰে তেন্তে কাঠফুলা খেতি কৰিবলৈ সক্ষম হ'ব। 


পিছদিনাখন ৰাতিপুৱা আঠ বাজি ১৫ মিনিটত সি ঘৰৰ পৰা গোলাঘাটলৈ বুলি চুপাৰ স্প্লেণ্ডাৰ এক্স টেকখন লৈ যাত্ৰা আৰম্ভ কৰিলে। গুগল মেপত দেখুওৱা অনুসৰি সিহঁতৰ ঘৰৰ পৰা গোলাঘাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়লৈ দূৰত্ব ৬৩ কিলোমিটাৰ মাত্ৰ। কিন্তু এইখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগিল ১ ঘণ্টা ৪৫ মিনিট। চুঙাজান অঞ্চলৰ পৰা গোলাঘাটলৈ যাব পৰা দুটা পথ আছে। এটা কাৰ্বি আংলং জিলাৰ মাজেৰে বোকাজানৰ পৰা নামবৰ ৰিজাৰ্ভৰ মাজেৰে গৈ ৰঙাজান হৈ  গোলাঘাট আৰু আনটো পোনে পোনে সৰুপথাৰ বৰপথাৰ জামুগুৰি হৈ গোলাঘাট। আগতে জামুগুৰি হৈ যাবলৈ সুবিধা নাছিল সেয়ে কাৰ্বি আংলং জিলাৰ মাজেৰে পাৰ হৈ যাব লগা হৈছিল। কিন্তু এতিয়া সুবিধা হোৱাত জামুগুৰি হৈ যাবলৈ ল'লে সকলোৱে।


১০ বজাত গৈ সি গোলাঘাট ডি আৰ কলেজৰ সন্মুখতে থকা কৃষি বিষয়াৰ কাৰ্যালয় পাইছিলগৈ। তেতিয়াও সাক্ষাৎকাৰ গ্ৰহণ আৰম্ভ হোৱা নাছিল। প্ৰাৰ্থী সকলে বাহিৰতে ৰৈ আছিল। চুঙাজান অঞ্চলৰ পৰা যোৱা আৰু চাৰিজনমান ল'ৰা লগ পাই সি ভালেই পালে। অন্ততঃ কথাবিলাক আলোচনা কৰিব পৰা হ'ব। 


ইতিমধ্যে এঘাৰ বজাত সাক্ষাৎকাৰ আৰম্ভ হৈছিল। এজন এজনকৈ নাম মাতি ভিতৰলৈ সোমোৱাৰ পিছত ভিতৰত প্ৰশ্নোত্তৰ কাল আৰম্ভ হৈছিল। সাক্ষাৎকাৰ মানে শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ চালে আৰু মানুহজনক নিজ চকুৰে চাই দুই চাৰি আষাৰ কথা বতৰা পাতিলে। কি কৰি আছা, কৃষি সম্পৰ্কীয় প্ৰকল্প, অভিজ্ঞতা আৰু প্ৰশিক্ষণ আদি লোৱা হৈছিল নে নাই , বয়স আদিৰ বিষয়ে সম্যক ধাৰণা এটা লৈ হ'ব বাৰু যোৱা বুলি কৈ পঠিয়াই দিলে। অৱশ্যে টকা অনুমোদন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সেই হয়ভৰকে বিশ্বাস হিচাপে লৈ সি উভতনি যাত্ৰা আৰম্ভ কৰিছিল। 


এতিয়া অপেক্ষা মাথো সেই সময়লৈ।


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages