নিসংগতা
চন্দনা ভাগৱতী
মানুহ জীয়াই থাকিবলৈ, সাৱলীল গতিত আগুৱাই যাবলৈ মানুহক কাৰোবাৰ সহায়-সহযোগীতা আৰু সহাৰিৰ খুবেই প্ৰয়োজন। কিন্তু কেতিয়াবা এনে প্ৰয়োজনীয় সহযোগীতাৰ অভাৱবোৰে এক অসহায়বোধৰ সৃষ্টি কৰি মনটো বৰ যন্ত্ৰণাদায়ক কৰি তোলে।
আজি কেবাদিনো ধৰি নবীন ভট্টই শুব পৰা নাই। বাষষ্ঠি বছৰীয়া নবীন ভট্টই জীৱনৰ এই বিয়লি বেলাত যেন উপলব্ধি কৰিছে এটা অকলশৰীয়া জীৱনৰ লগত সহবাস কৰাটো কিমান কষ্টদায়ক।
কিমান ত্যাগ, কিমান কষ্টেৰে, কিমান যত্নেৰে লালন পালন কৰি ডাঙৰ দীঘল কৰা এটি সন্তানো আজি তেওঁৰ ওচৰত নাই।নাই আজি তেওঁৰ ওচৰত তেওঁৰ অতি মৰমৰ সহধৰ্মিণী প্ৰমিলাও।
ডি.চি. অফিচৰ কেৰাণী নবীন ভট্ট। পত্নী প্ৰমিলা, দুই পুত্ৰ ৰাকেশ আৰু ৰমেশ, কন্যা অনিতা। পত্নী প্ৰমিলা এগৰাকী প্ৰাইমাৰী স্কুলৰ শিক্ষয়িত্ৰী। একোৰে অভাৱ-অনাটন নথকা হাঁহি মাতি, আনন্দ মনেৰে চলি থকা এটি সৰু সুখী পৰিয়াল। ডাঙৰ ল'ৰা ৰাকেশে ইঞ্জিনিয়াৰিং পাছ কৰি ডাঙৰ কোম্পানী এটাত কাম কৰে। সৰু ল'ৰা ৰমেশে বি.কম. পাছ কৰি ব্যৱসায়ৰ কামত ব্যস্ত। আৰু একমাত্ৰ ছোৱালী অনিতাই এম.এ. পাছ কৰাৰ পাছতে যোৱা বছৰ এজন অফিচাৰৰ লগত বিয়া হয়। জোঁৱায়েক প্লাৱন বৰ ভাল ল'ৰা। তেওঁলোকেও জী-জোঁৱায়েকক লৈ বেছ সুখী। এতিয়া ডাঙৰ ল'ৰা ৰাকেশৰহে বিয়াখন পাতিব লাগে। বহুতো ভাল, ধনী ঘৰৰ ছোৱালীৰ প্ৰস্তাৱ আহিল। প্ৰমিলাইও তাৰ মাজৰ পৰা বাচি বাচি ছোৱালী পছন্দ কৰিলে। ভট্টৰ মতে আকৌ ছোৱালী পঢ়া-শুনা, স্বভাৱ-চৰিত্ৰই ভাল হ'লেই হ'ল। বাকী ল'ৰাৰ পছন্দই পছন্দ।প্ৰমিলাৰ মতে মুঠেই নহয়, ছোৱালী ধুনীয়াও হ'বই লাগিব।পিছে, ল'ৰাৰহে দেখোন নহয় পছন্দ। মাকে বহুতো বুজালে। ধুনীয়া ধুনীয়া ছোৱালীৰ ফটোও দেখুৱালে। নাই, এজনীও তাৰ মনে নধৰে।মাকে মনতে ভাৱে--নে তাৰ এতিয়াই বিয়া পতাৰ মন নাই। কিন্তু বিয়া পতাৰ মন নাই বুলিওতো কোৱা নাই। তেন্তে--? আচলতে কথাৰ গুৰি কৰবাত।ভনীয়েক অনতাইহে ওৰহি গছৰ ওৰ উলিয়ালে। সি বপুৰাই অন্য এজনী ছোৱালীক ইতিমধ্যে কথা দি থৈছে।সি তাইকেই বিয়া পাতিব। অৱশ্যে ছোৱালী জনা-শুনা ঘৰৰে। সিঁহতৰ ঘৰলৈ আগতে আহিও গৈছে। মাক-দেউতাকে তাইক দেখিছে। মাক প্ৰমিলা মান্তি হ'ল তাইক বোৱাৰী ৰূপে গ্ৰহণ কৰাত। মান্তি হোৱা মানে একপ্ৰকাৰ তাইক বোৱাৰী ৰূপে পাব বুলি জানি ভালেই পালে। কিয়নো নজনা-নুশুনাকৈ অচিন কাঠৰ থোৰা লগোৱাতকৈ জনা শুনা ঘৰৰ তাই এজনী পঢ়া-শুনা কৰা ছোৱালী। আনহাতে মাচকম কৰি আলোচনী এখনৰ সৰু সুৰা দায়িত্ব এটিও চম্ভালে। পিছলৈ নিশ্চয় আৰু ভালেই হ'ব।এনে ধাৰণা প্ৰমিলাৰ মনত।এদিন নে দুদিন কথা বতৰাও পাতিছে। কথা বতৰাবোৰ বৰ মৰমলগা। দেখিবলৈ ওখকৈ লাহী, মিঠা বৰণীয়া। চুলিখিনি বৰ দীঘল। ককাললৈকে বৈ পৰা ক'লা কিছকিছিয়া। ছোৱালীজনী দেখিলে যে প্ৰমিলাৰ মনটো একেবাৰে স্নেহেৰে ভৰি পৰে।বৰ পুতেক ৰাকেশৰ লগত বেছ মিলিব বুলি একপ্ৰকাৰ তেওঁ ভিতৰি ভিতৰি গৰ্ববোধ কৰে। নামটো তাইৰ অংকিতা। বিয়াৰ আয়োজন পূৰ্ণগতিত আগবাঢ়িল। দুই ঘৰৰ মাজত অহা-যোৱা হ'ল। আলোচনা কৰি বিয়াৰ দিন এটাও ঠিক কৰিলে।
: হেৰি-?--পেপাৰখনত একান্ত মনে মনোযোগ দি থকা গিৰিয়েকলৈ চাই প্ৰমিলাই সুধিলে--
: অ'--কোৱাচোন। পেপাৰখন পঢ়ি থকাৰ পৰাই ভট্টই ক'লে।
: বিয়ালৈ দেখোন বেছিদিন নাইয়ে। এই মা-জনীকে মাতি পঠিয়াওঁ। তাইৰ লগতে অলংকাৰখিনি আৰু কাপোৰ কেইসাজমানো এতিয়াই কিনি থওঁ।নহ'লে পিছত একেলগে বৰ দিগদাৰ হ'ব।
: ঠিকেই কৈছা। ঘৰটোতও বিয়াৰ কেইদিনমান আগতে ৰং দিয়াব লাগিব।জেওৰাবোৰ নতুনকৈ দিয়াই বাৰী-ঘৰ চাফ চিকুণ কৰিব লাগিব।হয়হে বহুত কাম আছে। ভট্টই পেপাৰখন সামৰি ঘৈণীয়েক প্ৰমিলালৈ চাই ক'লে--যোৱা এতিয়া একাপ চাহকে বনাই আনা। তোমাৰ হাতৰ গাখীৰতে চাহপাত দি বনোৱা চাহকাপ ৰাতিপুৱা এইটো সময়ত মোৰ বৰ প্ৰয়োজনীয়। নাখালে মই থাকিবই নোৱাৰো বুজিছা। ঘৈণীয়েক প্ৰমিলাই উচাৎ মাৰি মুখেৰে ভোৰভোৰাই কৈ গ'ল- বোৱাৰী আহিলে মোৰ দ্বাৰা এনে চাহৰ জুতি ল'বলৈ দিয়া আৰু নহ'ব। এয়া আচলতে তেওঁৰ মৰমৰ অভিমান। আনহাতে বিয়া বুলি প্ৰমিলাৰ গাত ততো নহোৱা হৈছে।কি কৰিব, কি নকৰিব। বিয়াৰ খবৰ ল'বলৈ ওচৰৰ মানুহৰো আহ-যাহ চলিছে। মুঠতে ঘৰখনত যেন এটা উখল-মাখল পৰিবেশ। জীয়েক অনিতা অহাত অনিতাৰ লগতে কাপোৰ-কানি, গহনা-গাঠৰি সকলো এপদ এপদকৈ যোগাৰ কৰিলে প্ৰমিলাই। কিমান মানুহমাতিব তাৰো এখন লিষ্ট বনালে। ক্ৰিম, দৈ ৰ অৰ্দাৰ ক'ত দিলে ভাল হ'ব। মিঠাইৰ অৰ্দাৰটো ক'ত দিব।ৰভাতল কেনেদৰে সজাব ইত্যাদি ইত্যাদি আলাপ আলোচনাৰে ঘৰ সৰব হৈ উঠিল।
বিয়া-! বোৱাৰী-! আস-! এক অনাবিল সুখৰ সুগন্ধই যেন আমোলমোলাইছে প্ৰমিলাৰ কলিজাৰ নিভৃত কোণত। বোৱাৰীক লৈ প্ৰমিলাৰ ক'ত যে কল্পনা--। শাহু-বোৱাৰীৰ যুঁজৰ বিপৰীতে তেওঁ যেন বোৱাৰীয়েকক নিজৰ ছোৱালীৰ দৰে মৰমেৰে আবৰি ৰাখিব। এগৰাকী ভাল শাহু আৰু ভাল বোৱাৰীৰ যেন উদাহৰণ হ'ব তেওঁলোক।কিন্তু বিধিৰ বিধান নাযায় খণ্ডন। নিষ্ঠুৰ সময়। হঠাতে ক'ৰ পৰা জানো কলিয়া মেঘৰ চপৰা এটাই আকাশ চানি ধৰিলে। স্কুললৈ বুলি গৈ থকা অৱস্থাতে পিছফালৰ পৰা অহা মটৰ বাইক এখনৰ খুন্দাত প্ৰমিলা জ্ঞানশূন্য হৈ পৰিল। লগে লগে নাৰ্চিহোমলৈ লৈ যিৱা হ'ল। কিন্তু যি জ্ঞান গ'ল সেয়া আৰু পুনৰাই উভতি নাহিল। ঘৰখনৰ সকলোৰে মূৰত যেন আকাশী স্বৰগ ভাঙি পৰিল। সকলোৱে চকুৰে ধুৱলি কুৱলি দেখিলে। ভট্টৰ জীৱনত যেন আউল লাগিল। তেওঁৰ বাবে পত্নী যে কিমান মৰমৰ,কিমান আদৰৰ আছিল। কোনোদিনে পানী এগিলাচো নিজ হাতে বাকী নোখোৱা ভট্টই কোনোদিনে ঘৰ-সংসাৰ চম্ভালাক লৈ চিন্তা কৰিবলগীয়া নোহোৱা ঘৰখন এতিয়া কেনেদৰে চম্ভালিব-? কেনেদৰে চলিব পত্নী অবিহনে তেওঁৰ জীৱন যাত্ৰা-?
পত্নী প্ৰমিলাৰ মৰম-ভালপোৱাই বুৰাই ৰখা এটা জীৱন।তেওঁক পাহৰি থকাটো তেওঁৰ বাবে অত্যন্ত কষ্টকৰ হৈ পৰিল। বহুতে বহুতো পৰামৰ্শ আগবঢ়ায়।বহুত বুজনি দিয়ে।যি হৈ গ'ল সেয়াটো আৰু নোহোৱা নহয়। বিশ্ব প্ৰকৃতিৰ এই নিয়মৰ উলংঘন নহয় কেতিয়াও। হয়তো কাৰোবাৰ আগত,আন কাৰোবাৰ পিছত...। বিধিৰ বিধান মানি চলাটোৱে মানৱ জীৱনৰ ধৰ্ম।
: কিন্তু মই এতিয়া...। তেওঁ আৰু কথা ক'ব নোৱাৰা হৈ যায়। এয়া জীৱনত অবাঞ্চিত হ'লেও যি সত্য, সেয়া অন্তঃআত্মাৰে সহজভাৱে গ্ৰহণ কৰিবলৈ যত্ন কৰিবই লাগিব। ভট্টৰ বাল্যকালৰ বন্ধু ৰমেশ,কল্যাণহ'তে প্ৰবোধ দিয়ে এনেদৰে।মন ডাঠ কৰিবলৈ কয়। বাহিৰা কাম-কাজত জড়িত হ'বলৈ কয়,ইত্যাদি...ইত্যাদি।
ভট্টৰ গাঁৱৰ ঘৰখনলৈ মনত পৰে বাৰে বাৰে। পুৰণি কথা কিছুমানে ভিৰ কৰেহি মনত।গাঁৱত কটোৱা শৈশৱ, কৈশোৰ, যৌৱন তথা তেওঁৰ বিয়াৰো কিছুবছৰ পাছলৈ তেওঁলোকতো গাৱতে আছিল। টাউনলৈ অহানো আজি কিমান বছৰৰ কথা। ল'ৰা-ছোৱালী কেইটাৰ জন্ম গাঁৱতেই। তেওঁলোক দুইজনৰে চাকৰি টাউনত বাবে কিমাননো আৰু গাড়ী-মটৰত অহা-যোৱা কৰি চলিব আৰু ল'ৰা-ছোৱালী কেইটাৰো টাউনত থাকিলে পঢ়াৰ অলপ ভাল সুবিধা হ'ব বুলি ভাবি যি আহিল, সেই অহাই টাউনতে মাটি অলপ কিনি ঘৰ সাজি লৈ তাতে স্থায়ী হ'ল। এতিয়া ভট্টই ভাবে--গাঁৱতেই থকা হ'লে ভাল আছিল নেকি-? সমনীয়াখিনিকে অন্ততঃ লগ পালোহেতেন। নামঘৰত গৈ নাম প্ৰসঙ্গ কৰিলোহেঁতেন। ভাওনালৈ গ'লোহেঁতেন। এটা দীঘল হুমুনিয়াহ ওলাই আহে ভট্টৰ।
: দেউতা, দেউতা বুলি চিঞৰি সন্ধিয়াৰ চাহ-কাপ হাতত লৈ অনিতা দেউতাকৰ ওচৰত ৰ'ল।
মাক ঢুকোৱাৰ পিছৰে পৰা অনিতা দেউতাকৰ লগতে আছে। অনিতাৰ এতিয়ালৈ ল'ৰা-ছোৱালী একো এটা হোৱা নাই। শহুৰৰ ঘৰতো ঝামেলা কম। শহুৰ-শাহু আছে। তাইৰ শহুৰ-শাহু বৰ মৰমীয়াল। একমাত্ৰ ল'ৰা প্লাৱন। ঘৰ চম্ভালিবলৈ বৰ দিগদাৰ নহয়। সেয়েহে তাই দেউতাকৰ লগতে আছে।প্লাৱন মাজে মাজে আহি থাকে। হ'লেওনো মাক-দেউতাকৰ ঘৰখনত কিমান দিন এনেদৰে থাকিব তাই-? চাহ-কাপ দেউতাকলৈ আগবঢ়াই তাই ওচৰতে ৰৈ থাকিল।
: কিবা কবি-? এনেদৰে ৰৈ থকা দেখি দেউতাকে তাইক সুধিলে।
: অ' দেউতা।মই এটা কথা ভাবিছোঁ।
: কি কথা-? কচোন বাৰু...
---মানে এনেকৈ আৰু কিমান দিন ঘৰ চলিব-? ময়োতো এদিন ঘৰলৈ যাব লাগিব। কালি এওঁ আহিব।
: অ' হয় নেকি-? তোক লৈ যাবলৈ আহিব নেকি-?
: নিবলৈ নহয়। মাৰ বছৰেকীয়া শ্ৰাদ্ধটো দেখোন আহি পালেহিয়েই।
: অ' চাওঁতে চাওঁতে এবছৰ কেনেকৈ পাৰ হৈ গ'ল গমকে নাপালোঁ। চকুৰ কোণ দুটা ভট্টৰ সেমেকি উঠিল।মাজনীৰো...। তাই কোণ দুটা মোহাৰি নিজকে চম্ভালি দেউতাকক উদ্দেশ্যি ক'লে- ডাঙৰ দাৰ বিয়াখনৰতো যা-যোগাৰ সকলো হৈয়ে আছে। গতিকে মাৰ শ্ৰাদ্ধটো হৈ গ'লে বিয়াখন পাতি পেলাব লাগে। নহ'লে আপোনাক মই মোৰ লগতে লৈ যোৱাৰ কথা ভাবিছোঁ। সৰু দাতো ঘৰত নাথাকেই। ব্যৱসায়ৰ কামত অনবৰত বাহিৰতে থাকে। ডাঙৰ দাও ব্যস্ত। ইয়াত আপোনাক কোনে চাব-? অকলে অকলে আপোনাৰ বৰ অসুবিধা হ'ব। কেইদিনমানলৈ হ'লেও আপুনি মোৰ তাত থাকি আহিলে ভাল পাব। মা-দেউতাৰ লগত কথা পাতিলেও মনটো অলপ মুকলি হ'ব।
: হ'ব ৰ'চোন...। ইহঁত দুইটাইও ঘৰ আহি পাওক। কথাবোৰ আলোচনা কৰি কিবা এটা কৰিব লাগিব। কেইটা বাজিছেনো-? - ওৱালত ওলমি থকা ঘড়ীটোলৈ চাই--অ' আঠ বাজিবৰে হ'ল। তই ভাতৰে যোগাৰ কৰকৈ যা। মই টি.ভি. ৰ বাতৰিটোকে লওঁ বুলি ভট্টই টি.ভি. ৰূমটোলৈ গ'ল।
খুউব ঢাক-ঢোল বজাই নহ'লেও ঘৰতে বিয়াৰ সকলো নিয়ম-নীতি পালন কৰি মানুহক ভোজভাত এসাজ খুৱাই অংকীতাক বোৱাৰী ৰূপে আশীৰ্বাদ এজোলোকা দি কলতল গচকাই আদৰি আনিলে।
সকলো ঠিকেই আছিল। সম্ভ্ৰান্ত ঘৰৰ শিক্ষিতা ছোৱালী। চাকৰিও কৰে। কিন্তু বিয়াৰ অলপ দিন পাছৰে পৰা ভট্টৰ যেন মন প্ৰাণ কিবা অবশ অবশ। আকৌ সেই অকলশৰীয়া ভাবনা এটাই মন মগজু গিলি পেলাব ধৰিছে। বাৰে বাৰে প্ৰমিলাৰ প্ৰতিচ্ছবিয়ে আমনি কৰিছে। প্ৰাণ-প্ৰাচুৰ্য্যৰে ভৰাই ৰখা প্ৰমিলা ক'ত যে হেৰাই গ'ল। কেৱল তেওঁৰ চিন্তাই ভট্টক খুলি খুলি খাব ধৰিলে।ৰাকেশটোও যেন বহুত সলনি হ'ল। ক'ত হেৰাই গ'ল তেওঁৰ সুখৰ ঘৰখন-? মাজে মাজে মাজনীলৈ ফোন কৰি মনৰ দুখ কিছু পাতলায়।
ল'ৰা-ছোৱালী কেইটাৰে সৈতে প্ৰমিলাইও যে এখন সুখী সংসাৰৰ সপোন দেখিছিল। আলহীৰে ভৰি থকা ঘৰখন নিয়াৰিকৈ চলাবলৈ চেষ্টা কৰিছিল। ডাক্তৰ, বজাৰ, কৰ্ট-কাছাৰী, অফিচ আদিৰ কামত টাউনলৈ অহা বংশ পৰিয়ালৰ মানুহৰ বাহিৰেও আলহী অতিথি সকলৰ বাবে কেনেদৰে চাকৰি কৰিও প্ৰমিলাই ভাত-পানী বনাই সেৱা শুশ্ৰুষা আগবঢ়াইছিল। অংকিতাই ঠিক ইমানখিনি কৰিব নোৱাৰে ঠিকেই। তাই আজিকালিৰ ছোৱালী। তথাপিও....। মৰমৰ মাতষাৰেৰে কিবা এটা বনাই দিলে সেয়াই অমৃত হৈ উঠে। কৃত্ৰিমতা সনা বোৱাৰীয়েকৰ মাতত তিতা লগা গোন্ধটোৱে তেওঁক বৰ কষ্ট দিছিল। আচলতে দায়সৰা কৰ্ত্তব্যবোধেৰে যিখিনি নকৰিলে নহয় সেইখিনিহে তাই কৰিছিল। এটা কথা তেওঁ বাৰুকৈয়ে উপলব্ধি কৰিছিল সেইদিনা, যিদিনা তেওঁ বোৱাৰীয়েকক কৈছিল-
: অংকিতা, এতিয়া তুমি এইখন ঘৰৰ বোৱাৰী হৈ আহিলা যদিও মোৰ মানত তুমি সদায় মোৰ ছোৱালীজনীৰ দৰেই। এইখন ঘৰৰ সকলো বস্তু এতিয়া তোমাৰ। পাকঘৰটো দেখুৱাই কয়--ক'ত কি কি বস্তু আছে এতিয়াৰ পৰা এই সকলোবোৰ তুমি চম্ভালি ল'ব লাগিব। আৰু চোতালৰ উত্তৰ-পূৱ কোণত থকা মন্দিৰটো দেখুৱাই কৈছিল- তোমাৰ মা মানে আমাৰ এওঁ বৰ শিৱভক্ত আছিল। আমাৰ এই মন্দৰটোত এটা শিৱলিংগ আছে। আগতে মাৰাই এই মন্দৰটো চোৱা-চিতা কৰিছিল। এতিয়া মাৰা নাই যিহেতু মাৰাৰ অৱৰ্ত্তমানত তুমিয়েই সদায় পুৱা-গধূলি এই মন্দিৰটোত ধূপ-চাকি এগচি জ্বলাবা। কিন্তু শহুৰেকক আচৰিত কৰি অংকিতাই যিষাৰ কথা কৈছিল বোৱাৰীয়েকৰ মনৰ অভ্যন্তৰৰ সত্যটোৰ অনুমান ভট্টই ঠিক তেতিয়াই ঠিকেই অনুমান কৰিছিল। অংকিতাই কৈছিল--দেউতা,মই কোনো ভগৱান বিশ্বাসী নহয়। মই এইবোৰ একো নামানো। অৰ্থাৎ মোক এগৰাকী নাস্তিক বুলি ভাবিলেও ভাবিব পাৰে। মই এইবোৰ কামত একেবাৰে আগ্ৰহী নহয়। মোক আপুনি বেয়া নাপাব।
প্ৰভু, ভগৱান… এইবোৰ যেন আউটডেটেড এটা অৰ্থহীন বস্তু। অংকিতাৰ কথাত ভট্টৰ হৃদয় ক্ষত-বিক্ষত হৈছিল। মুখেৰে এটি হুমুনিয়াহৰ ঢৌ বাগৰি আহিছিল।
– এইবোৰ বাৰু পৰিবৰ্ত্তনৰ ঢৌ নেকি-? নে জেনেৰেচন গেপ-? ভট্ট যেন এক অন্তৰ্দ্বন্দত জৰ্জৰিত হয়। তেওঁ মনৰ মাজতে আপোন ভাৱত নিমগ্ন হৈ ৰয় আৰু পত্নীক উদ্দেশ্যি কয়--
: মৃত্য এক শিল্প, জীৱনৰ শিলত কাটি থোৱা নিখুঁত ভাস্কৰ্য্য। সেয়েহে হয়তো তুমি মৃত্যুৰ প্ৰেমত পৰিলা।আপোনজনক কন্দুৱাই এই পৃথিৱীৰ মায়া এৰি তুমি গুচি গ'লা বহু দূৰলৈ। জীৱনত জন্ম যিদৰে আছে মৃত্যুও আছে। জীৱন এটাৰ আৰম্ভ হয় জন্মত আৰু শেষ হয় মৃত্যুত। মই সকলো জানো...সকলো জানো। কিন্তু মই জানো এই কথা হজম কৰিব পাৰিছোঁ-? ঠিকেই এয়াই প্ৰকৃতিৰ নিয়ম।জন্মিলে মৰিবই লাগিব। কিন্তু মোৰ আটাইতকৈ দুখ কোনখিনিত জানা--তুমি এনেদৰে এষাৰিও মাত নিদিয়াকৈ একো এটা নজনোৱাকৈ তুমি মোৰ পৰা কিয় গুচি গ'লা-? এতিয়া মই যে ইয়াত কেনেদৰে জীয়াই আছো তুমি জানো কিবা জানিছা-? উহ-! ভগৱান, মোকো মৃত্যুৰ সিপাৰে থকা পৰম ব্ৰহ্মৰ ওচৰলৈ লৈ ব'লা।
আজি মোৰ কি মনত পৰিছে জানা--বাৰান্দাত বহি লৈ সেই যে আমাৰ দুইটাৰ কথা কটা-কটি। তুমি যে কৈছিলা--দিন কাল সলনি হ'ল।ভৱিষ্যতে জানো ইহঁতে বা কি কৰে। কোন ক'ত থাকে।আমি দুইটাই একেবাৰে অকলশৰীয়া হৈ পৰিম নেকি-? আৰু মই কৈছিলোঁ--কেলেই অকলশৰীয়া হ'ম। ছোৱালী বিয়া দিম এখন ভাল ঘৰলৈ আৰু বোৱাৰী আনিম দুগৰাকীকৈ। অকলশৰীয়া কেনেকৈ হ'ম-?নাতি পুতিৰে এখন ভৰা সংসাৰৰ লগত ব্যস্ত হৈ আমি দুয়ো ভাগৰিহে পৰিম। কিন্তু, তুমি ঠিকেই কৈছিলা--পিছে, তুমি অকলশৰীয়া নহোৱাকৈ ঠিকমতে সিপৰীয়া হ'লা। মোকহে নিৰ্জন দ্বীপ এটাত অকলশৰীয়া কৰি অথাই সাগৰত পেলাই থৈ গ'লা।
ৰাতিপুৱা শুই উঠিয়েই ৰমেশে নিজে বনাই চাহকাপ খাই ওলাই যায়। ৰাতি শুবলৈহে যেন বিচনাখনলৈ বুলি ঘৰলৈ আহে।বাহিৰতে টিফিন,লান্স,ডিনাৰ...। দেউতাকৰ লগত মুখামুখি হোৱাৰো সময় নাই। কথা-বতৰাতো দূৰৰে কথা।কিমান যে আশাৰে গঢ় দিছিল সিঁহতক-!কিমান যে সপোন দেখিছিল ল'ৰা-দুটাক লৈ-!বৰ মৰমেৰে আপডাল কৰিছিল। বিন্দু বিন্দুকৈ জীৱনৰ সাৰ ঢালি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিছিল। উপযুক্ত মানুহ কৰি গঢ়ি তোলাই যেন ভট্ট-ভট্টপত্নীৰ আশা। ছোৱালীজনী অৱশ্যে মাকৰ পিছে পিছে ঘূৰি ঘুৰিয়েই ডাঙৰ হ'ল। ভট্টৰ অন্তৰত এক তীব্ৰ বেদনাই হেচুকি ধৰে আৰু এই ৰাকেশটো, বিয়া কৰোৱা দিন ধৰি সিও কি যে হৈ গৈছে-?অলপ বিশ্লেষণ কৰিব নোৱাৰেনে নিজক বুলি আক্ষেপ কৰে।
ৰাতিপুৱা একে সময়তে ৰাকেশ আৰু অংকিতাই শুই উঠিয়েই ধুম-ধাম পাকঘৰত লাগি ভট্টলৈ টিফিনত টিফিন, হটকেচত শাকে-ভাতে কিবা এমুঠি ভৰাই থৈ দুইটাই একেলগে অফিচলৈ যায় আৰু ৰাতি ৭-৮ বজাত ঘৰলৈ ওভতে।কেতিয়াবা বাহিৰতে কিবা কিবি খাই আহে, ভট্টলৈও পেকেটত লৈ আহে।দিনৰ দিনটো ভট্টৰ নাযায় নুপুৱায়।আবেলিৰ চাহকাপ খাবলৈ ৭-৮ বজালৈ ৰৈ ৰৈ আমনি লাগে। সেয়ে মাজে সময়ে ছোৱালীজনীকে মাতি পঠিয়ায়। তাইও বেচেৰি দেউতাকৰ মৰমতে দৌৰি আহে। কাপোৰ-কানিখিনি ধুই মেলি প্ৰেচ কৰি দিয়ে। যি ভাল পায় খাবলৈ তাকে বনাই দিয়ে। পিছে, বৌৱেকৰ ব্যৱহাৰত অতিষ্ঠ হৈ গুচি যায়। আহত পক্ষীৰ দৰে ছটফটাই উঠে ভট্টৰ হৃদয়। একো এটা কবও নোৱাৰে। ৰাকেশক কিবা এটা ক'ব খুজিলেও যেন অংকিতাই অকাট্য যুক্তিৰে যেনেদৰে যুক্তি খণ্ডন কৰে। ৰাকেশ যেন তেওঁৰ পৰা বহুযোজন দূৰলৈ আঁতৰি গ'ল এনে ভাবে তেওঁৰ মনটো আৰু ক্ষুণ্ণ কৰি তোলে। তেওঁ ভাৱে--কোনে কয়,বৃদ্ধাৱস্থাৰ সেৱা শুশ্ৰুষাৰ বাবে সন্তান লাগে বুলি-! এনে শুশ্ৰুষাৰ বাবেইনে সন্তান-? ক্ষোভত ফাটি পৰে ভট্টৰ হৃদয়-মন। বুকুৰ কোনোবাখিনি বিষাই উঠে।ঠিক তেনে মুহূৰ্তবোৰতে প্ৰমিলালৈ তেওঁৰ বাৰে বাৰে মনত পৰে। অফিচৰ পৰা আহি পোৱাৰ পিছতে গাখীৰতে চাহপাত দি যতনাই দিয়া গোলাপী ৰঙৰ চাহকাপ। আটাগুৰিৰ লগত চুজি মিহলাই বনোৱা মালপোৱা। ইহঁতে ভালপোৱা খাদ্যও বিধে বিধে বনাই খুৱাই বৰ তৃপ্তি পাইছিল। ৰাকেশে নৰসিংহ পাতেৰে বনোৱা মাকৰ হাতৰ সৰুমাছৰ জোলকণ যে ইমান ভাল পাইছিল। এতিয়া তাৰো ৰুচিবোধৰ সলনি হ'ল। অৱশ্যে ইও এক পৰিবৰ্ত্তনৰে ঢৌ।
মোৰ বাৰু ক'ত ভুল হৈ গ'ল-? যত্ন আৰু পৰিচালনাৰ ধাৰণাটোতে মোৰ ক্ষুত ৰৈ গ'ল নেকি-? নহ'লে ই ৰাকেশ----! সময় আগবাঢ়ি গৈ থাকে।ভট্টৰ চকুত টোপনি কিন্তু নাহে।তেওঁ পুনৰ ভাৱে--প্ৰমিলাৰো যে বোৱাৰীয়েকক লৈ কিমান স্পৰ্দ্ধা। বোৱাৰীয়েকক কিমান যে মৰমেৰে আৱৰাই ৰাখিলেহেঁতেন। কিন্তু, এনে এগৰাকী বোৱাৰীয়েকক এনেদৰে লগ পোৱাৰ সৌভাগ্য নঘটাই ভাল। উস-! তেওঁ যেনেদৰে গ'ল মোকো লগতে লৈ যোৱা হ'লেই ভাল আছিল। ইকাতি-সিকাতি কৰিয়েই ভট্টই ৰাতিবোৰ পাৰ কৰে।ৰাকেশ আৰু ৰমেশৰ জন্মৰ পিছত প্ৰমিলাৰ মুখত দেখা পূৰ্ণতা প্ৰাপ্তিৰ তৃপ্তিৰ হাঁহিটোৰ কথা মনত পৰে।অনিতাৰ জন্মৰ পিছতে উজ্বলি উঠা মুখখনে চকুৰ সন্মুখলৈ আহি বাৰে বাৰে আমনি কৰে ভট্টক। এনেদৰেই জীৱন চলি গৈছিল ভট্টৰ। কিন্তু, হঠাতে অঘটনটো ঘটি গ'ল। সময়ে যেন বৰ বেয়াকৈ আকৌ এবাৰ প্ৰতাৰণা কৰিলে। সন্ধিয়া চাহখোৱা টেবুলত বহি থাকোতে ৰাকেশে ক'লে--দেউতা, অংকিতা আৰু এইখন ঘৰলৈ নাহে। বেলেগকৈ ভাৰাঘৰ এটা লৈ তাতে থাকিব।পুতেকৰ কথা শুনি ভট্টই কিছুপৰ মৌন হৈ ৰ'ল। তাৰ পিছত মুখৰ ভিতৰতে ভোৰভোৰালে--মই জানিছিলোৱে, এনেকুৱা কিবা এটা হ'ব বুলি।
ইতিমধ্যে হাতৰ চাহকাপ কেতিয়াবাই ঠাণ্ডা হৈ গ'ল।চাহকাপ পেলাই দি ভট্ট বাহিৰলৈ ওলাই আহিল।বাহিৰত ভীষণ এন্ধাৰ। চি-চি কৈ জিলিৰ মাতে যেন গোটেই পৰিবেশটোকে গিলি পেলাইছে ভট্টৰ তেনে অনুভৱ হ’ল। বাৰে বাৰে প্ৰমিলাৰ প্ৰতিচ্ছবিখন তেওঁৰ মনত ভাহি আহি থাকিল।
Doksiri দকচিৰি, মে, ২০২৪


No comments:
Post a Comment