অন্তর্দ্বন্দ্ব
ৰেবিকা নেওগ
: মা মোৰ ইয়াত অকলে শুবলৈ বৰ ভয় লাগে। তোমালোকলৈ মনতো পৰে। মোক লৈ যোৱা না দেউতা !
: বাবা তুমি পঢ়িব লাগিব নহয়, ভাল মানুহ হ'ব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব।
: অনুষ্কাই পঢ়া ঘৰৰ ওচৰৰ স্কুলতে পঢ়িম মই, লৈ যোৱা মোক।
: ভাল মাৰ্কচ পাবলৈ হ'লে তুমি ইয়াতে পঢ়িব লাগিব বাবাটো আৰু পঢ়িবলৈ হ'লে তুমি থাকিব লাগিব। চোৱা, তুমি ভালপোৱা আটাইবোৰ বস্তু আনিছোঁ।
ফেঁকুৰি ফেকুঁৰি উখহি থকা কণমানি চকু দুটিক এৰি থৈ প্ৰত্যেকবাৰেই গুচি আহিছিল অৰুণিমা আৰু ভৈৰৱ। সন্তানৰ ভালৰ বাবে ইমিনখিনি কঠোৰ হ'বই লাগিব বুলিয়েই ধৰি লৈছিল।
পাঁচবছৰীয়া নীলম অৰুণিমা আৰু ভৈৰৱৰ একমাত্ৰ সন্তান। তেওঁলোকৰ পৰা কিছুদূৰ আঁতৰৰ আটাইতকৈ ভাল বুলি নাম থকা স্কুলখনত নীলমক এডমিছন দিছে। ঘৰৰ ওচৰতে অৱশ্যে জাতীয় বিদ্যালয় এখন নথকা নহয়। তথাপি নামী দামী স্কুলখনত দিয়াৰ সমান হ'ব নোৱাৰে বুলিয়েই এই সিদ্ধান্ত। আকৌ অনা নিয়া সমস্যাৰ হেতুকে হোষ্টেলতো থোৱাৰ সিদ্ধান্ত ল'লে।
প্ৰথম অৱস্থাত খুব কান্দিছিল। মাক দেউতাক গ'লেই গুচি অহাৰ কথা কৈছিল। ঘৰৰ কাষৰ বিদ্যালয়খনতে পঢ়াৰ কথা কৈছিল। পিছলৈ কিন্তু অভ্যস্ত হৈ পৰিছিল। মাক দেউতাকক হাঁহি মুখেৰে হোষ্টেলৰ পৰা বিদায় দিব পৰা হৈছিল।
এতিয়া নীলম ডাঙৰ হ'ল। তাৰ ঘৰৰ কাষৰ অনুষ্কা আৰু সি, দুয়ো একোজন নাম থকা ডাক্তৰ। অৱশ্যে পাৰ্থক্য নথকা নহয়। নীলম অসমৰ বাহিৰত, আৰু অনুষ্কা কিছুমান পূৰ্বে ট্ৰান্সফাৰ লৈ নিজৰ চহৰৰেই এখন হস্পিটেলত।
মাক দেউতাকৰ বয়সে ভটিয়াইছে। অনুষ্কাৰ দৰে ওচৰলৈকে ট্ৰান্সফাৰ লৈ ল' তয়ো বুলি বহু দিনৰ পৰা মাকে মাতি আছে। কিন্তু নীলমে কাণ দিয়া নাই। পইছা পাতিৰ লগতে প্ৰয়োজনীয় বস্তু সামগ্ৰীবোৰ পঠিয়াই থাকে। এইবয়সত মাকৰ সমস্যা হয় বুলি ভাবি ঘৰুৱা সহায়িকা এগৰাকীৰো ব্যৱস্থা কৰি দিছে। কিন্তু মাকৰ অভিযোগ-
: এই বয়সত তই কাষত থাকিলে ভাল লাগিব। চহৰৰে হস্পিটেল এখনলৈকে গুচি আহিলে নো কি হ'ব! গুচি আহ তই ইয়ালৈ। এতিয়া আৰু আমাৰ ভোগ বিলাসৰ সময় নাই মাত্ৰ তোৰ অকণমান মৰম বিচাৰোঁ অ'।
কথাকেইটা নীলমৰ বুকুত বিন্ধিছিল। চকুপানী নোলোৱাকৈ খুব কান্দিছিল। কৈ দিবলৈ মন গৈছিল - " মোক হোষ্টেলৰ পৰা ঘৰলৈ লৈ যোৱা বুলি কান্দোতে তোমালোকৰো বুকুত বিন্ধা হেঁতেন! এতিয়া মতাৰ দৰে ঘৰৰ কাষৰ স্কুলখনতে পঢ়িবলৈ লৈ যোৱাহেঁতেন! কণমানি নীলমটোক তোমালোকৰ বুকুত ভৰাই ভাল মানুহ হ'বলৈ শিকোৱা হ'লে!
সেই হোষ্টেলত থৈ অহা দিনৰ পৰা এতিয়ালৈকে থকা ক্ষোভখিনিক একাষে থৈ হেঁচা মাৰি ধৰা আৱেগখিনিক বুকুত লৈ নীলমে ট্ৰান্সফাৰৰ লেটাৰ এখন টাইপ কৰিবলৈ বুলি বহি ল'লে।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment