বিচ্ছেদ
ৰেজিয়া চৌধুৰী
গুৱাহাটী
সি উদ্বাউল হৈ যি পথত খোজ দিয়াৰ বাবে তাইৰ হাতখন বিচাৰিছে সেই একেখন হাতকে বহুদিন আগতে তাই আন এজনলৈ আগবঢ়াই পৱিত্ৰতাৰে সৈতে হিয়া উজাৰি জীৱনটোকে অৰ্পণ কৰি দিছিল। জীৱনৰ অৰ্ধ নিৰ্মিত পথতে জীৱনটোৰ কোনো কাৰণ নোহোৱাকৈ অজুহাতৰ বশীভূত হৈ বিশ্বাসৰে গঢ়া তাৰ হাতৰ মুঠিটো অলক্ষিতে তাইৰ হাতৰ পৰা খোল খাই গ’ল।
“তাইৰ ভয় প্ৰতিদ্বন্দী জীৱনটোলৈ”
খোজে প্ৰতি ইমানকৈ উজুতি খালে যে ভৰিৰ তলৰ মাটিখিনিও খহি ক্ষতবিক্ষত জীৱনটো উচ্ছৃঙ্খল হৈ পৰিল। এতিয়া অনাকাঙ্ক্ষিত ভয় এটাই বাকি জীৱনৰ পথচোৱাত বাহ সাজিছে। তাই আক' সেই একেটা ভুলকে কৰি অনুশোচনাৰে দগ্ধ হৈ থকা জীৱনটোলৈ অবাবত আত্মগ্লানিৰে পুনৰাবৃত্তিত অনিচ্ছাকৃত। কাৰণ আজিও তাইৰ ভৰিৰ তলুৱাত তাৰ প্ৰতাৰণাৰ তীক্ষ্ণ আঘাতৰ চিন দেখিবলৈ পোৱা যায়।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment