সুগন্ধিৰ শৰাধ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

সুগন্ধিৰ শৰাধ

 


সুগন্ধিৰ শৰাধ 

                   

                    দিপ্তী মনি গোস্বামী

                    লালুক, লখিমপুৰ 


অমানিশাৰ চোতালত

কস্তুৰী বোৰে বাট হেৰুৱাৰ পৰত

ৰং চাই উন্মাদ নৃত্য কৰিছিল 

নখ হাঁতোৰা পিন্ধাবোৰে

লালতিবোৰ বাহিৰ হৈছিল

জংঘলী খাদকবোৰৰ।


সিহঁতৰ তেতিয়া আছিল 

তৃপ্তিৰ বাসনাৰ সপোন

আৰু

কস্তুৰীহঁতে সুগন্ধি হেৰুৱাৰ ভয়ত

হৈছিল কম্পমান!


জোনাকী পৰুৱাৰ ক্ষীণ পোহৰত 

বাট বিচাৰি 

পাকঘূৰণি খাই খাই 

হৈছিল হায়ৰান।


জোনাকীয়ে সহযোগ নকৰিলে 

নিদিলে সঠিক সন্ধান

কস্তুৰীহঁতে প্ৰমাদ গণিলে

সুগন্ধিবোৰ অমানিশাই কৰিলে মৃতপ্ৰাণ।


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages