বিমূৰ্ত
ৱাহিদ আহমেদ
কাটাৰ, ডোহা
ফাগুনৰ আবেলিত কথা পাতোঁ
তোমাৰ অভিমানী হৃদয়খনত
কিয় ইমান আৱেগ জাগে
অলপ দেৰি মই তোমাৰ কাষত নাথাকিলে
নিশাৰ টোপনি কিয় ভাঙে
বালিময় চহৰখনত তোমাৰ হৃদয়খনে
বিচাৰি আহে এমুঠি জোনাক
মোৰ ছবিখন কিয় বাৰে বাৰে চোৱা
ভৰে জানো তোমাৰ মন আকাশ
পাৰিবানে আজি কৰিব প্ৰকাশ
তুমি ভবাৰ নিচিনাকৈ মইতো নৃপতি নহয়
মৰমেৰে বৈ যোৱা এখন তৰঙ্গিণী হে
শৰীৰত লগা এচাটি বতাহ
তোমাৰ হিয়াৰ মাজত উৰি ফুৰা বিহংগিনী হে
তুমি নকবা নদীৰ কাষত অকলে যোৱাৰ কথা
ভয় খাওঁ মই অকস্মাত
সন্ধিয়াবোৰ এতিয়া তেনেই বিষাক্ত
তোমাৰ ঠিকনাত দি পঠিয়াম হিয়াৰ এটুকুৰা
অকলে চুই চাবা কেনে লাগে ৰাতিৰ সীমনাত
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment