ব্ৰহ্মপুত্ৰ
মামনি ভূঁঞা
গুৱাহাটী
ব্ৰহ্মপুত্ৰ তুমি হ’লা বহ্নিমান
অতীতৰ পৰা নিৰৱচ্ছিন্ন গতিৰে বৈয়েই আছা।
গুৰু গম্ভীৰ ধীৰ স্থিৰ
চঞ্চলা গতিৰে বহুদূৰ।
নানা ঠাইত নানা নাম লৈ
ইমূৰৰ পৰা সিমূৰলৈ।
তোমাৰ তীৰতেই গঢ় লৈ উঠিছে
সৰু-ডাঙৰ নগৰ-চহৰ বাণিজ্য বসতিৰ কেন্দ্ৰস্থল।
গঞা ৰাইজো যেন হৈ পৰে আকুল-বিহ্বল, অপেক্ষাৰত তোমাৰ বাবে
শস্যৰ পথাৰখনো উপচি পৰিব
শস্য-শ্যামলা হৈ পলসৰ পৰশ পায়।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment