ৰঙালী বিহু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, May 1, 2024

ৰঙালী বিহু

 


ৰঙালী বিহু


                       অৱনী মিলি

              বৰবাৰী, গুৱাহাটী

    

কুলিয়ে আহি ব’হাগত

দিয়ে বিহুৰ খবৰ

বিহু আহিব অসমীয়া

মানুহৰ ঘৰত,


ব’হাগ আহিলে

ন-কুঁহি পাতবোৰ

সেউজীয়া হ’ব 

কপৌ-তগৰ ফুলিব

গছৰ ডালত,

তাতৰ শালত ফুলাব

সপোনৰ ফুল।


ব’হাগ বিহু আহিব

অসমীয়াৰ ঘৰে ঘৰে 

গৰু পূজা পাতিব,

সৰুহে ডাঙৰক সেৱা জনাব,

সকলোৱে বিহুৰ নিয়ম পাতিব

জেতুকা পাতেৰে ৰং বুলাব

নাচনীৰ ধুনীয়া হাত।


বহাগ বিহু আহিব 

অসমীয়াৰ ঢোল-পেঁপা বাজিব 

বিহুগীতত নাচনীয়ে নাচিব,

কুলিয়ে মাতিব বিহুৰ গীত,

গগনাও ৰজন জনাব ঢুলীয়া

নাচনীৰ মুখত।


অসমৰ সকলোৰে চেনেহৰ 

ৰঙালী বিহুটি আহিব

জাতি-জনজাতি আৰু উপজাতি সকলোৱে

আনন্দৰে আদৰিব

একতাৰে বান্ধিব অসম।

কঁকাল ভাঙি

বিহুনাচ নাচিব এপাক।


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages