এটা মৌন প্ৰাৰ্থনাঃ ঈশ্বৰৰ কথা
ববী দত্ত
টিয়ক
উতনুৱা ডৰিকনা বৰষুণজাকৰ সুৰুঙাৰে
এবেঙা দুবেঙাকৈ নামি আহিল
কৈশোৰৰ সুমথিৰা হাঁহি আৰু যৌৱনৰ বেলিপকা হেঁপাহ
উন্মনা সময়ৰ যাযাবৰী ৰাগিত
তন্দ্ৰালু স্বপ্নৰ জালপহীয়া সুখবোৰ লমালমে
ওলমি ৰ'ল।
শিপালগা কথাবোৰৰ দীঘল উশাহত
জীৱন বৃত্ত একোটা
অঁকা হ'ল চুক্তিত স্বাক্ষৰ অবিহনে
স্বচ্ছতাৰ সেউজ গোলকীকৰণৰ মানচিত্ৰ চাই নিজৰ স্থিতি বিচৰা হ'ল যোগ্যতাৰ বিহনে
আমাৰ মনবোৰ একোখন বিশাল সেউজ অৰণ্য বুলি দৃঢ়তাৰে মানি লোৱা হ'ল।
হেঁচা মাৰি ঢাকি ৰখা কথাবোৰ বনফুলৰ গোন্ধ হৈ
বিয়পি পৰিল
ফুৰফুৰাই খবৰটো উৰি গুচি গ'ল ফাগুনী হেঁপাহৰ
বা-মাৰলিত।
কোনে বিচাৰে উৰহি গছৰ ওৰ
আপোনাৰ ওঁঠৰ চিনাকি বাঁহীত
দৰদী গীতৰ আপোন সুৰ।
দুৰ্গস্থ সৈনিকৰ সাহসী মনটোৰ দৰে মই ক্ৰমে ক্ৰমে দীঘল হৈ পৰিছোঁ আপোনাৰ কথকতাত
নিখৰচীয়া সময়ৰ খৰচীয়া কথাবোৰত মোৰ
শিং লগা দুখবোৰ প্ৰশমিত হোৱাৰ সময়তে
এটা মৌন প্ৰাৰ্থনাত ঈশ্বৰ কথা।
আমি মানুহ!
মানৱীয়তা আমাৰ জটিল সংজ্ঞা।
পাভমূৰী যন্ত্ৰণাৰে গলি গলি শেষ হয় বুকুৰ ভিন্নসুৰী ব্যথা।
বনপোৰা জুইৰ ধোঁৱাত কোন হেৰাই যাব?
কোনে চিলনীৰ পাখিত বান্ধিব আপোনাৰ হেঁপাহৰ পঞ্চমত গীতৰ সুৰ।
মোৰ দুখক আপোনাৰ প্ৰচণ্ড সাহসে জীয়াই জীয়াই কবৰ দিব
সময়ৰ নিশ্চিত প্ৰদানে দুখৰ সলনি সুখৰ নদী বোৱাব।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment