অভিযোজন
অৰ্চনা গীতা শইকীয়া
গুৱাহাটী বিশ্ববিদ্যালয়
খচ্ খচ্ সুৰ এটা পিন্ধি লৈ শুই থাকে সৰাপাত
পৰুৱা এজাক আহি ৰমলিয়াই মৰে।
জুইকুৰা জ্বলাওঁ বুলি বাকচটো খোলোতেই ওলাই পৰে
জুইশলাৰ খালী পেট।
ভোক কাৰ!
জ্বলিবলৈ জুইশলাক কি লাগে?
মৰিবলৈ সৰাপাতক!
জ্বলাবলৈ আমাক!
ফৰিং এজাক আহে- বিপ্লৱী নদীৰে
দুচকুত তিৰ বিৰ প্ৰচণ্ড ক্ষোভ।
কুটি কুটি স্মৃতিৰ কৰণি
ফালিব খোজে সৰাপাতৰ বুকু।
অথচ নোৱাৰে..
এমা-ডিমা স্মৃতিবোৰ সাবটি সদম্ভে শুই থাকে সৰাপাত।
ব্যৰ্থ শৰ।
হঠাৎ অহা বতাহ চাটি গাত লাগি ক'ত বা কৰ্ফাল খাই পৰে সৰাপাত!
আলফুল হাতখনৰ পৰশ পাবলৈ সৰা শেৱালীৰ পৰা সৰাপাতলৈ কিমান যোজন বা দূৰ!
গছকত ফাটেনে বুকু সৰাপাতৰ!
পতা-ভগা চকুৰ লোৱনিত জী উঠেনে সৰাপাত!
থাকেনে সৰাপাত খালী পেটে! স্মৃতি অবিহনে!
জ্বলাওঁ বুলি জ্বলাই দিব নোৱাৰি সৰাপাতৰ দ'ম
স্মৃতিবোৰ বাদ দি জীয়াই থাকে জানো অতীত?
অতীত বাদ দি জীয়াই থাকেনে বৰ্তমান! ভৱিষ্যৎ!
পাহৰিব নোৱাৰি বাবেই অতীত
জ্বলাব নোৱাৰি বাবেই সৰাপাত
পৰাজিত আমি।
খচ্ খচ্ সুৰ এটা পিন্ধি লৈ শুই থাকে সৰাপাত,
বুকুত সহিব নোৱাৰা হাজাৰটা খোজৰ ভৰ॥
No comments:
Post a Comment