সুখ বিচাৰি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

সুখ বিচাৰি



 সুখ বিচাৰি


                    জিতু ৰাজ

            চামতা, নলবাৰী


সুখ সুখ বুলি সুখ বিচাৰি

ক’তোৱেই নাযাবা তুমি,

চাৰিওফালে চাই লোৱা

সুখ আছে ঘূৰি।

টকা টকা বুলি মানুহে

টকা বিচাৰি ফুৰে,

টকাই জানো কাৰোবাক

সুখ আনি দিয়ে ?

আনৰ সুখত সুখী হ’বা

আনৰ দুখত দুখী,

আনৰ কাৰণে চকুলো টুকিলে

নিজেই হ’বা সুখী।

আনৰ সম্পদ কাঢ়ি নি

আনক দুখ দি,

সেই বিলাক মানুহে জানো

হ’ব পাৰিছে সুখী ?

আনৰ কামত চকু নিদি

নিজে কৰি যোৱা,

তেতিয়াহে সকলোতে

তুমি সুখী হ’বা।

বেয়া কাম নকৰিবা

নিজেই দুখী হ’বা,

আনৰ কাৰণে ফান্দ পাতিলে

নিজেই ফঁচি যাবা।

একো নাথাকিলে সহায় কৰিবা

হ’লেও পানী এচলু,

তেতিয়াহে তোমাৰ দুগালে পাব

আনন্দৰ চকুলো।

বেয়া কাম কৰিলে আনে দুখ পায়, 

আনৰ কাৰণে অকণ মান ভাৱিলে

তাতেও সুখ পায়।


Doksiri দকচিৰি, জুন, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages