প্ৰেমিক কানাই
চাহিদুল আলম চৌধুৰী
মুকালমুৱা, নলবাৰী
প্ৰেমিক কানাই ৰাধাক বিচাৰি
গৈছে হেনো বৃন্দাবন,
নাচি-বাগি দুয়ো ৰাস লীলা কৰে
আৰু আছে গোপীগণ।
শৰৎ কালৰ ভৰ পূৰ্ণিমাত
কানায়ে বজাই বাঁহী,
বাঁহীৰ মাতত মতলীয়া ৰাধা
গোপীগণ থাকে হাঁহি।
প্ৰেমিক কানায়ে ৰাধাৰ লগত
প্ৰেম বিনিময় কৰে,
গোটেই নিশাটি ভাবতে বিভোৰ
সপোনৰ নিদ্ৰা তৰে।
প্ৰেমিক কৃষ্ণৰ অপাৰ মহিমা
বুজিব নোৱাৰি ভাও,
জগতৰ পতি প্ৰাণৰ কানাই
কাতৰে সেৱা জনাও।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment