মই অনাথ শিশুৱে কৈছোঁ
নাছিৰ আহমেদ
শিমলাবাৰী, গোৱালপাৰা
মই অনাথ শিশুৱে কৈছোঁ ----
মোৰ জীৱন পৰিক্ৰমাৰ আৰম্ভণি পথৰ বুকুত,
মোৰ জীৱনৰ পৰিসমাপ্তিও পথৰ বুকুত।
মুখাধাৰী অভিজাত শ্ৰেণীৰ পিতৃ-মাতৃৰ অবৈধ সন্তান মই,
মোৰ জন্ম যন্ত্ৰণাৰ কাহিনী
তোমাক কিমতে কওঁ, কোৱা?
পৃথিৱীৰ সৃষ্টি কৰ্তা ঈশ্বৰক মই নিজ চকুৰে দেখা নাই ;
কিন্তু ঈশ্বৰৰ প্ৰায় সম আসনত উপবিষ্ট
মোৰ দেৱতুল্য পিতৃ-মাতৃক একেবাৰে কাষৰ পৰাই পালোঁ ;
কাৰণ, পিতৃ-মাতৃৰ অবৈধ গোপন অভিসাৰৰ মই একমাত্ৰ সাক্ষী।
সূৰ্যৰ ঔৰষত, কুন্তীৰ গৰ্ভত মোৰ জন্ম
কোনোদিনেই নেপালোঁ পঞ্চ পাণ্ডৱৰ জ্যেষ্ঠ ভাতৃৰ সন্মান ।
সুতপুত্ৰ বুলি সমাজত হলো নিগৃহীত, নিষ্পেষিত
কলঙ্কিত অধ্যায় মোৰ যুগে যুগে!
পিতৃ-মাতৃৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ নিজ সন্তানক
কেনেকৈ পাৰে নিৰ্দয় অসুৰৰ দৰে
কদৰ্যময়,পঙ্কিল ডাষ্টবিনত নিক্ষেপ কৰিবলৈ?
মোৰ জন্ম যন্ত্ৰণা দেখি
পাহাৰৰ প্ৰকাণ্ড শিল ভাঙি টুকুৰা টুকুৰ হয়,
আকাশৰ কজলা মেঘো ধৰাৰ বুকুত নামি আহে
দুখ-যন্ত্ৰণাৰ বন্যা হৈ,
সেউজ বননিৰ তেজাল পাতবোৰ হৰিদ্ৰা বৰণ হৈ সৰি সৰি পৰে,
কুলু কুলু ধ্বনি কৰি বৈ অহা নিৰ্ঝৰণীৰ বুকুত
এক কৰুণ নিস্তব্ধতা বিৰাজ কৰে ,
চৰাই -চিৰিকটিও ফেঁকুৰি ফেঁকুৰি কান্দি উঠে ;
অথচ নিষ্ঠুৰ পিতৃ-মাতৃৰ নিষ্প্ৰাণ হৃদয়ত
তিলমানো অনুশোচনা নাই !
এনেকৈ অসংখ্য যুগ পাৰ হৈ গ'ল -------
সামন্ত-ৰাজতন্ত্ৰ যুগ
গণতন্ত্ৰ -সমাজতন্ত্ৰ যুগ,
কিন্তু সমাজৰ তথাকথিত চৰম সুবিধাবাদী শ্ৰেণীৰ
মিথ্যা আভিজাত্যৰ অহঙ্কাৰৰ পতন নঘটিল !
পাৰাপাৰহীন উচ্ছৃংখল যৌন আকাংক্ষাৰ এক ভয়ংকৰ পৰিণতি ----
আমাৰ দৰে হতভাগ্য অবৈধ সন্তানৰ জন্ম যুগে যুগে।
কিন্তু,মইতো এক নিষ্পাপ শিশু !
ধৰাৰ বুকুত ভূমিষ্ঠ হৈ অবাক বিস্ময়ত বিস্ফাৰিত হৈ
মোৰ নেত্ৰ-যুগল একে একে পান কৰিছিল
সৌন্দৰ্য্যময় পৃথিৱীৰ ৰূপ-ৰং-ৰস আৰু নান্দনিক দৃশ্য!
জিৰজিৰকৈ বৈ অহা মলয়া বতাহে
মোৰ সৰ্বশৰীৰ শীতল কৰিছিল,
ফুলৰ সুঘ্ৰাণ টানি টানি
মোৰ শ্বাস-প্ৰশাসে পৰম তৃপ্তি লভিছিল,
ভ্ৰমৰৰ গুণগুণ,গুণগুণ মধুৰ সুৰে
মোৰ অধৰ-যুগলত প্ৰাণৰ স্পন্দন জগাইছিল ;
অথচ, নিজৰ আত্মগৌৰৱ অটুট ৰাখিবলৈ
ৰাক্ষস ৰাৱণ-ৰূপী মোৰ পাষাণ পিতৃ-মাতৃয়ে
বিবেকৰ অকনমানো দংশন অনুভৱ নকৰি
মোক দলিয়াই দিলে এক গলিত জঘন্য পৰিৱেশত ;
তাতকৈ মোক হত্যা নকৰিলে কিয় চয়তান-মহাপাপীহঁতে ?
মানুহৰ বেশত হিংস্ৰ জানোৱাৰ ?
জানোৱাৰৰ তথাপি মায়া-মমতা আছে ;
তাতোকৈ নিকৃষ্ট মানৱ-ৰূপী এই দানৱ-ৰূপী তেজপিয়া!
মই কাৰ ওপৰত প্ৰতিশোধ লম?
কাক এফালৰ পৰা গিলি গিলি নিঃশেষ কৰিম ??
মইযে পিতৃ-মাতৃ পৰিচয়হীন এক অভিশপ্ত অনাথ শিশু!
মোৰ জীৱন পৰিক্ৰমাৰ আৰম্ভণি পথৰ বুকুত,
মোৰ জীৱনৰ পৰিসমাপ্তিও পথৰ বুকুত !!
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment