ৰ’দ নে বতাহ
বনিতা মিলি
তাহানিতে গণি গণি আই...
তোমাৰ কোলাতেই সপোন ৰচিছিলোঁ
দুটি নয়নৰ জ্যোতি কিৰণেৰে।
দুই ওঁঠ কপাই অসমীৰ গীত গাই
অসমী জীয়ৰী ৰূপ ধাৰণ কৰিলোঁ..
কোমল হৃদয়খনক লৈ।
বুকুফালি চিঞৰিলোঁ…
অসমী জীয়ৰী মই…
নকৰোঁ কাৰোলৈ ভয়।
মুকলি আকাশৰ তলৰ…
সেউজী ধাননীৰ…
কুমলীয়া মুকলি মন মোৰ।
নাই কোনো বিষাদ
নাই কোনো আবেগ।
চন্সল মনৰ প্ৰীতি…
মাজতে হজস্ৰ ৰঙীন সপোন।
লৃগাং ৰ বতৰা পালেই মোৰ হৃদয় বৰদৈচিলা।
অ'ত কথা ত’ত ভাৱো…
যেন উৰি ফুৰা পখিলাহে মই।
পূৰ্ণিমাৰ জোনাক নিশাত…
বুঢ়ী আইৰ সাধু শুনাৰ বিনোদ…
আজি বৰ অতীত।
ল'ৰালিতে হাতীখুজীয়া বাতিত দেউতাৰ সৈতে জলপান খোৱাটো..
আজি সাধু সাধু লাগে।
কিয়নো মই আগৰজনীতকৈ অলপ পৃথক হৈছোঁ।
বুজিছোঁ ,ছিনিছোঁ ,চুকে-কুনে থকা
কথাবোৰক শুনিছোঁ।
প্ৰিয় বস্তু পাইছোঁ,
তাৰ ৰসাল উপলব্ধি কৰিছোঁ...
হেৰুৱাইছোঁও....
হেৰুৱাৰ বেদনাও অনুভৱ কৰিছোঁ।
প্ৰিয় বস্তুৰ বাবে কেতিয়াবা
অশ্ৰু নিগৰিছে।
ইমানবোৰ হোৱাৰ পিছতো
পুনৰ নতুন উদ্যমেৰে সপোনৰ বাবে
এখোজ দিছোঁ।
ক'তবাই পুণৰ পিছলি পৰিছোঁ..
আকৌ উঠিছোঁ..।
যেন মই নিয়ৰ কণাহে.
প্ৰকৃতিক শোভা দিব বিচাৰিলে
মানুহে খোজত ভাঙি দিয়ে।
ভাৱিলে..
ল'ৰালি লৈ ঢাপলি মেলিবৰ মন মোৰ..
কিন্তু..
পাৰিম জানোঁ?
সেই দিনবোৰ এতিয়া ৰ'দ নে বতাহ?
সেই দিনবোৰ এতিয়া মাথোঁ স্মৃতি..
সৰাপাত...!
No comments:
Post a Comment