ঘৰচিৰীকা
বন্তি গোস্বামী
আজি মোৰ চোতালত আহি
পৰাহি নাই মোৰ ঘৰচিৰীকাজনী।
হাতত দুটা মান চাউল লৈ
ৰৈ আছোঁ
ক’ত গলি অ তই
ঘৰ চিৰীকা,
দুৰ দূৰনিৰ আকাশখনলৈ চালো,
নাই দেখা নাই
ক’ত গলি অ তই আজি,
ফাগুনৰ বতাহ জাকে মোৰ
চুলি তাৰি আউল বাউল
কৰি তুলিছে,
ক'লা ডাৱৰে আকাশখন
যেন চানি ধৰিছে,
হাতৰ মুঠি খুলি ঢাঊল
কেইটা চোতালত পেলায় দিলে,
উৰুৱাই নিনিবি অ
ফাগুনী,
মোৰ ঘৰ চিৰীকাৰ
আহাৰ খিনি।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment