গজল
সঞ্জীৱ সাগৰ চৌধুৰী
কেনেকৈ কৰো বাৰু তুলনা মই জোনৰে তোমাক
অকলে দেখি ভাৱে আপোন বুলি সবেই যে তোমাক
তুমিতো হ’বই নোৱাৰা এটি জোনাকী পৰুৱা মাথোন
ৰাতিৰ শৰীৰত ফুটা কৰা লক্ষ্য মাথোঁ হ'ব নোৱাৰে তোমাৰ
তাতোকৈ ভাল তৰা হোৱাই থাকিলেও তুমি দূৰৈত
বহুতৰ মাজত মোৰ চকুয়েহে যাতে চিনিব পাৰে তোমাক
অথবা হোৱা যদি হ'ব পাৰা তুমি টিপচাকি এটিয়েই ‘সাগৰ’
জ্বলাই ৰাখিম সদায় মাথোঁ মোৰ কোঠালিতে তোমাক।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment