চৰাই
বিশ্বজিৎ শইকীয়া
কাৰ্বি আংলং
মোক দুখন ডেউকা পিন্ধাই দিয়া
ঠোঁটেৰে খুতিয়াই ৰুই ল'ম ৰঙীন পাখি।
আমাক এখন আকাশ দিয়া উৰিব
তুমি শিকলি নল'গাবা বতাহত__
(তেওঁ এপদ এপদকৈ খুলি গ'ল
গাৰ কাপোৰবোৰ,
গেঞ্জীটো পুৰি কেতিয়াবাই ছাই হৈছিল
বুকুৰ জুইত...)
উঁই লগা হাড়েৰে
এখন পথাৰৰ চাৰিহ'দ মাৰি
এটা চৰাইক এৰাল দিয়া,
সি কুটি খাব শিলৰ ভাস্কৰ্য
তাৰ হাতৰ মুদ্ৰাত আছিল
স্বাধীনতাৰ ধলফাট।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment