পিষ্ট
ইলামণি শইকীয়া
ড্ৰাইভাৰে কৈছিল -
আহক আহক ভিতৰত জাগা খালী আছে৷
মানুহবোৰ হুৰমূৰকৈ বাচৰ পেটলৈ সোমাই গৈছিল
ড্ৰাইভাৰে মিছা কৈছিল
মানুহবোৰে সঁচা বুলি ভাৱিছিল।
মিছাটো কোৱাটো যে সঁচা
সেইটো জনাৰ পাছতো মানুহবোৰ বাছৰ পেটত পিষ্ট হৈ গৈ আছিল
যোৱাটো মানুহবোৰৰ অভ্যাসত পৰিণত হৈছিল।
জীৱনে বাৰে বাৰে সঁকিয়াইছিল
আঁঠুৱা চাই ঠেং মেলিবা
জীৱনে সঁচাকৈ কৈছিল
মানুহবোৰে মিছা বুলি
আঁঠুৱা ফালি মহক জীৱনজুৰি পিবলৈ সুবিধা কৰি দিছিল
জীৱনক জীয়ন দিয়া
চিন্তন-মননৰ কেঁচা তেজ।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment